ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বীৰ পদত্যাগ

Story by  atv | Posted by  Munni Begum • 11 d ago
ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বী প্ৰবীণ মেজৰ জেনেৰেল আহাৰন হালিভা।
ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বী প্ৰবীণ মেজৰ জেনেৰেল আহাৰন হালিভা।
 
জেৰুজালেম 
 
ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ মুৰব্বীয়ে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ নেতৃত্বত সংঘটিত হোৱা ভয়াৱহ আক্ৰমণৰ অনুমতি দিয়া ব্যৰ্থতাৰ দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰিছে বুলি সোমবাৰে সেনাই প্ৰকাশ কৰে।
 
ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ মাৰাত্মক আক্ৰমণৰ আগতেই অনুমান আৰু প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা বুলি কোৱা ইজৰাইলৰ কেইবাজনো জ্যেষ্ঠ সেনাপতিৰ ভিতৰত অন্যতম আছিল ৩৮ বছৰীয়া সামৰিক বাহিনীৰ প্ৰবীণ মেজৰ জেনেৰেল আহাৰন হালিভা।
 
সামৰিক বাহিনীয়ে প্ৰকাশ কৰা পদত্যাগ পত্ৰত তেওঁ  উল্লেখ কৰিছে যে মোৰ  নেতৃত্বৰ অধীনত থকা চোৰাংচোৱা বিভাগে আমাক  অৰ্পন কৰা দ্বায়িত্ব পালন কৰা নাছিল।  
 
অন্য উত্তৰাধিকাৰীৰ নোহোৱালৈকে তেওঁ পদৰ দ্বায়িত্ব পালন কৰি থাকিব। ইজৰাইলী সংবাদ মাধ্যম আৰু মন্তব্যকাৰীসকলে আশা কৰিছে যে গাজাত মুখ্য সামৰিক অভিযান শেষ হোৱাৰ পিছত আৰু অধিক পদত্যাগৰ ঘটনা সংঘটিত হব। 
 
ইজৰাইলৰ হিচাপ অনুসৰি এই আক্ৰমণত প্ৰায় ১২০০ ইজৰাইলী আৰু বিদেশী নিহত হৈছে, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক আৰু প্ৰায় ২৫০ জন লোকক গাজাত বন্দী কৰি ৰখা হৈছে, য’ত ১৩৩ জন পণবন্দী হিচাপে আছে।  
 
সশস্ত্ৰ বাহিনীৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল হাৰ্জি হালেভি আৰু ঘৰুৱা চোৰাংচোৱা সংস্থাৰ মুৰব্বী শ্বিন বেটৰ মুৰব্বী ৰ’নেন বাৰে দুয়োজনে আক্ৰমণৰ পিছত দায়িত্ব গ্ৰহণ কৰিছিল। 
 
ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এতিয়ালৈকে ৭ অক্টোবৰৰ আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰা নাই, যদিও সমীক্ষাৰ পৰা দেখা গৈছে যে বেছিভাগ ইজৰাইলী লোকে তেওঁক দোষাৰোপ কৰিছে যে তেওঁ ইয়াক প্ৰতিৰোধ বা প্ৰতিৰক্ষাৰ বাবে পৰ্যাপ্ত কাম  কৰাৰ নাই। 
 
এই আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজাৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল আৰু স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ মতে এতিয়ালৈকে ৩৪ হাজাৰতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে আৰু ঘন জনবসতিপূৰ্ণ  অঞ্চলটো ধ্বংসস্তূপত পৰিণত হৈছে।