টেছলাৰ চিইঅ’ এল'ন মাস্কৰ দুদিনীয়া ভাৰত ভ্ৰমণ স্থগিত

Story by  atv | Posted by  Munni Begum • 13 d ago
টেছলাৰ চিইঅ’ এল'ন মাস্ক
টেছলাৰ চিইঅ’ এল'ন মাস্ক
 
নতুন দিল্লী 
 
ভাৰতীয় বজাৰত প্ৰৱেশৰ পৰিকল্পনা ঘোষণা কৰিবলগীয়া টেছলাৰ চিইঅ’ এল'ন মাস্কৰ দুদিনীয়া ভাৰত ভ্ৰমণ স্থগিত কৰা হৈছে। ২১ আৰু ২২ এপ্ৰিলত এল'ন মাস্কে ভাৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছিল।
 
এক্সত কৰা এক পোষ্টত এল'ন মাস্কে কয় যে 'টেছলাৰ বাধ্যবাধকতা'ৰ বাবে তেওঁৰ ভাৰত ভ্ৰমণ পিছুৱাবলগীয়া হৈছে।
 
স্পেচএক্সৰ চিইঅ’ মাস্কে টুইট কৰি কয় যে দুৰ্ভাগ্যজনকভাৱে টেছলাৰ বাধ্যবাধকতাৰ বাবে ভাৰত ভ্ৰমণ পিছুৱাবলগীয়া হৈছে, কিন্তু মই এই বছৰৰ শেষৰ ফালে ভাৰতলৈ ভ্ৰমণ কৰাৰ বাবে আগ্ৰহী। 
 
খবৰ অনুসৰি টেছলাৰ প্ৰথম ত্ৰৈমাসিকৰ প্ৰদৰ্শনৰ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিবলৈ ২৩ এপ্ৰিলত আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া এক গুৰুত্বপূৰ্ণ কনফাৰেন্স কলত অংশগ্ৰহণ কৰিবলগীয়া হৈছে মাস্কে। 
 
যোৱা সপ্তাহত মাস্কে এক্সত এক পোষ্টৰ জৰিয়তে প্ৰকাশ কৰিছিল যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ “আগ্ৰহী”। 
 
মাস্কে বহু প্ৰত্যাশিত টেছলা ইনকৰ্পৰেশ্যনে ভাৰতীয় বজাৰত প্ৰৱেশৰ মাজতে এটা কাৰখানা নিৰ্মাণৰ বাবে ২-৩ বিলিয়ন ডলাৰৰ বিনিয়োগৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছিল। 
 
কোটিপতি উদ্যোগীগৰাকীয়ে তীব্ৰবেগী ইণ্টাৰনেট সংযোগ প্ৰদান কৰা ষ্টাৰলিংক নামৰ চেটেলাইট নেটৱৰ্ক প্ৰৱৰ্তনৰ পৰিকল্পনাও উন্মোচন কৰাৰ সম্ভাৱনা আছিল। 
 
বিশ্বৰ চতুৰ্থতম ধনী ব্যক্তি মাস্কে  তেওঁৰ ভ্ৰমণৰ সময়ত ভাৰতীয় মহাকাশ প্ৰযুক্তি ষ্টাৰ্টআপক সাক্ষাৎ কৰাৰো সম্ভাৱনা আছিল।