মালয়েছিয়াত নৌসেনাৰ দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ; নিহত ১০ জন

Story by  atv | Posted by  Munni Begum • 10 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
মালয়েছিয়াত নৌসেনাৰ দুখন হেলিকপ্টাৰৰ মাজত আকাশৰ সংঘৰ্ষ হৈ ১০ জনকৈ লোক নিহত হয়। মঙলবাৰে পুৱা ৯.৩২ বজাত লুমুট নৌসেনা ঘাটিত সংঘটিত হয় এই ঘটনা। 
 
সবিশেষ বাতৰি অনুসৰি, ৰয়েল মালয়েছিয়ান নেভিৰ পেৰেডৰ বাবে চপাৰকেইখনে আখৰা কৰি থকাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। 
 
সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, এক বিবৃতিত নৌসেনাই দুৰ্ঘটনাটোত জড়িত বিমানখনৰ ১০ জন ক্ৰুৰ আটাইকেইজনৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। 
 
নৌসেনাই জনোৱা মতে, আটাইকেইজন ক্ৰু সদস্যৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু চিনাক্তকৰণৰ বাবে সকলোকে লুমুট সেনা ঘাটি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।