ৱাছিংটন
আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৱাশ্বিংটনত পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল চৈয়দ আছিম মুনিৰৰ সৈতে বৈঠকত মিলিত হ'ব। ৱাশ্বিংটনৰ সময় অনুসৰি দুপৰীয়া ১ বজাত হোৱাইট হাউছৰ কেবিনেট কক্ষত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক আৰু কৌশলগত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ সময়তে জেনেৰেল মুনিৰৰ এই ভ্ৰমণৰ ফলত পাকিস্তানৰ ভূ-ৰাজনৈতিক স্থান আমেৰিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
পাকিস্তান সেনা প্ৰধানগৰাকীৰ আমেৰিকা ভ্ৰমণ তাৎপৰ্যপূৰ্ণ, মুনিৰে সামৰিক আৰু চৰকাৰী জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ সাজু হৈছে। বিশেষকৈ সন্ত্ৰাসবাদ বিৰোধী প্ৰচেষ্টাত দুয়োখন ৰাষ্ট্ৰৰ মাজত সামৰিক আৰু কৌশলগত সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য এই বৈঠকৰ।
আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুৰব্বী জেনেৰেল মাইকেল কুৰিলাই পাকিস্তানক সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত "অসাধাৰণ অংশীদাৰ” বুলি প্ৰশংসা কৰিছে।
অৱশ্যে মুনীৰৰ এই ভ্ৰমণ বিতৰ্কবিহীন হোৱা নাই। শেহতীয়াকৈ হোয়াইট হাউছে আমেৰিকান সেনাৰ ২৫০ বছৰীয়া জয়ন্তী উদযাপনলৈ মুনিৰক আমন্ত্ৰণ জনোৱাৰ বাতৰি অস্বীকাৰ কৰি ভাৰতীয় বিশ্লেষক আৰু বিৰোধী দলৰ সমালোচনাৰ সৃষ্টি কৰিছিল।
বিশেষকৈ ২৬ জন লোকৰ প্ৰাণহানি হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই আমন্ত্ৰণক ভাৰতৰ বাবে কূটনৈতিক বিপৰ্যয় হিচাপে গণ্য কৰিছিল।
ইতিমধ্যেই আমেৰিকাত মুনিৰক কাপুৰুষ বুলি কৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আমেৰিকাত থকা পাকিস্তানীসকলে। আজিও প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পাকিস্তান তেহৰিক-ই-ইনছাফ (পিটিআই) দলৰ সমৰ্থকসকলে ৱাশ্বিংটনত থকা পাকিস্তান দূতাবাসৰ বাহিৰত বিক্ষোভৰ পৰিকল্পনা কৰিছে। পাকিস্তানত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। এই প্ৰতিবাদৰ মাজতো ট্ৰাম্প আৰু মুনিৰৰ বৈঠকত আমেৰিকা-পাকিস্তানৰ সম্পৰ্কই মূল কেন্দ্ৰবিন্দু হ’ব বুলি আশা কৰা হৈছে।