বিশ্ব স্বাস্থ্য সংস্থাৰ অমিক্ৰন'ক লৈ সতৰ্কবাণী, প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক

Story by  atv | Posted by  Munni Begum • 2 Years ago
বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থা
নতুন দিল্লী 
 
প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কোভিদ-১৯ আৰু টিকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ চৰকাৰী বিষয়াসকলৰ সৈতে এখন গুৰুত্বপুৰ্ণ বৈঠকত অংশগ্ৰহন কৰে।
 
শুক্ৰবাৰে ভাৰতত ২৪ ঘণ্টাত ১০,৫৪৯ টা নতুন কোভিদ-১৯ সংক্ৰমণৰ ঘটনা চিনাক্ত কৰা হৈছে। ইয়াৰ পাছতেই, এতিয়া কোভিদ আক্ৰান্তৰ হাৰ  ১,১০,১৩৩লৈ বৃদ্ধি হৈছে। সক্ৰিয় হাৰ এতিয়া মুঠ ১ শতাংশতকৈও কম।
 
এতিয়ালৈকে দেশব্যাপী টিকাকৰণ অভিযানৰ অধীনত ১২০.২৭ কোটি টিকাকৰণ সমগ্ৰ ভাৰতবৰ্ষত প্ৰদান কৰা হৈছে।
 
একে সময়তে, দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে  নতুন কোৰোন ভাইৰাছৰ প্ৰকাৰ 'অমিক্ৰন'ৰ  চিনাক্ত কৰা হৈছে। ইয়াৰ পাছতেই পুনৰ ভাৰতে কেইবাখনো দেশৰ যাত্ৰীসকলে ভাৰতত উপস্থিত হোৱাৰ পিছত অতিৰিক্ত ব্যৱস্থা অনুসৰণ কৰাৰ লগতে  কোভিদ -১৯ পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে হংকং আৰু ইজৰাইলক এনে দেশসমূহৰ  তালিকাত অন্তৰ্ভুক্ত কৰে য'ৰ পৰা ভ্ৰমণকাৰীসকলে ভাৰতত উপস্থিত হোৱাৰ পিছত অতিৰিক্ত ব্যৱস্থা অনুসৰণ কৰিব লাগিব আৰু কোভিদ -১৯ পৰীক্ষা কৰিব লগিব । দক্ষিণ আফ্ৰিকাত 'অমিক্ৰন' চিনাক্ত কৰাৰ পাছতেই  চৰকাৰে বিবেচনা কৰি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ভ্ৰমণকাৰীসকলে ভাৰতত উপস্থিত হোৱাৰ পিছত অতিৰিক্ত ব্যৱস্থা অনুসৰণ কৰিব লগীয়া দেশসমূহ হৈছে  দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বাংলাদেশ বটচৱানা, চীন, মৰিচাছ, নিউজিলেণ্ড, জিম্বাৱে, ছিংগাপুৰ, ইজৰাইল, হংকং, ইউকেকে ধৰি ইউৰোপৰ দেশসমূহ ।
 
শেহতীয়াকৈ শিথিল কৰা ভিছা সীমাবদ্ধতা আৰু আন্তৰ্জাতিক ভ্ৰমণ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ ওপৰত চৰকাৰৰ বিশেষকৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বিশেষ দৃষ্টি ৰাখিব।
 
বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে দক্ষিণ আফ্ৰিকাত ধৰা পৰা নতুন কোভিড-১৯ এক প্ৰকাৰ বি.১.১.৫২৯ ক 'অমিক্ৰন' বুলি নামাকৰণ কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই নতুনকৈ চিনাক্ত কৰা কোৰোনা ভাইৰাছৰ এই প্ৰকাৰৰ বিষয়ে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল।
 
চুইছ ফেডাৰেল অফিচ অৱ পাব্লিক হেল্থ (এফঅ'পিএইচ)য়ে প্ৰাকশ কৰা তথ্য মতে, দক্ষিণ আফ্ৰিকাত এই  নতুন প্ৰকাৰ চিনাক্ত কৰাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই শুকুৰবাৰে দেশসমূহক সতৰ্ক কৰি দিয়ে।
ইছ ফেডাৰেল অফিচ অৱ পাব্লিক হেল্থয়ে প্ৰকাশ কৰা তথ্য অনুসৰি "কৰোনা ভাইৰাছ বি.১.১.৫২৯ ৰ শেহতীয়াকৈ আৱিষ্কৃত প্ৰকাৰটো এক চিন্তাৰ বিষয়। বিজ্ঞানে জনা ভয়ানক প্ৰকাৰতকৈ ই অধিক সোনকালে সংক্ৰমিত হব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এই নতুন প্ৰকাৰটো ভয়ানক বুলি মূল্যায়ন কৰিছে। নতুন কোৰোনা ভাইৰাছ প্ৰকাৰৰ বিপৰীতে কৰোনা ভাইৰাছ ভেকছিনবোৰ কম কাৰ্যকৰী হ'ব পাৰে।"
বিশ্ব স্বাস্থ্য সংস্থাৰ মুখপাত্ৰ খ্ৰীষ্টান লিণ্ডমেয়াৰে কয় যে প্ৰাৰম্ভিক বিশ্লেষণে দেখুৱা মতে এই প্ৰকাৰটোত বৃহৎ সংখ্যক বিৱৰ্তন আছে। যাৰ বাবে অধ্যয়নৰ প্ৰয়োজন আৰু শক্তিশালী কৰা হ'ব।