শম্পি চক্ৰৱৰ্তী পুৰকায়স্থ
কলকাতাৰ ক্ৰেডল ফাৰ্টিলিটি চেণ্টাৰৰ (Cradle Fertility Centre) বিখ্যাত আই ভি এফ (IVF) পৰামৰ্শদাতা ডাঃ হানি কুৰেশ্বী বৰ্তমান চহৰখনৰ বন্ধ্যাত্ব চিকিৎসাৰ ক্ষেত্ৰত এক পৰিচিত নাম। ইনফাৰ্টিলিটি (বন্ধ্যাত্ব), থ্ৰী-ডি টিভিএছ (3D TVS) আৰু আই ভি এফ (IVF) চিকিৎসাত বিশেষভাৱে দক্ষ এইগৰাকী চিকিৎসকে বৰ্তমান ক্ৰেডল ফাৰ্টিলিটি চেণ্টাৰৰ গড়ীয়া শাখাৰ চেণ্টাৰ-ইন-চাৰ্জ হিচাপে দায়িত্ব পালন কৰি আছে। ৰোগীৰ সেৱা আৰু আধুনিক চিকিৎসা পদ্ধতিৰ সমন্বয় ঘটাই তেওঁ বন্ধ্যাত্ব চিকিৎসাক অধিক কাৰ্যকৰী আৰু মানৱীয় কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে।
ডাঃ হানিৰ কামৰ স্বীকৃতি স্বৰূপে ২০২৪ চনত তেওঁ মৰ্যাদাপূৰ্ণ 'আই এছ এ আৰ ইউথ আইকন বঁটা' (ISAR Youth Icon Award) লাভ কৰে। এই সন্মান তেওঁৰ নীৰৱচ্ছিন্ন পৰিশ্ৰম, গৱেষণামুখী মানসিকতা আৰু ৰোগীকেন্দ্ৰিক চিকিৎসা দৰ্শনৰেই প্ৰতিফলন।
এক সাক্ষাৎকাৰত ডাঃ হানিয়ে কয়, "মোৰ আটাইতকৈ ডাঙৰ সফলতাটো হ’ল— যিসকল লোকে দীৰ্ঘদিন ধৰি সন্তান লাভৰ সমস্যাত ভুগি আছিল, আই ভি এফৰ জৰিয়তে মই তেওঁলোকৰ পিতৃ-মাতৃ হোৱাৰ সপোন পূৰণ কৰিব পাৰিছোঁ। কাৰোবাৰ জীৱনত এনে পৰিৱৰ্তন আনিব পৰাটো সঁচাকৈয়ে এক অনন্য অনুভূতি।"
তেওঁ লগতে কয়, "সফলতাৰ বাবে ধাৰাবাহিকতা, শৃংখলা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই।"
ডাঃ হানিৰ বাবে ৰোগীৰ ইতিবাচক ফলাফল বা খবৰেই হৈছে তেওঁৰ কামৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা। "ৰোগীসকলৰ ভাল খবৰে মোক অধিক কাম কৰিবলৈ উৎসাহ যোগায়। মোৰ কামে কাৰোবাৰ জীৱনলৈ পৰিৱৰ্তন আনিছে— এই অনুভূতিটো ভাষাত প্ৰকাশ কৰা কঠিন, কিন্তু সেয়া সঁচাকৈয়ে যাদুকৰী," তেওঁ জনায়।
কেৱল চিকিৎসায়েই নহয়, প্ৰজনন বিজ্ঞানৰ শেহতীয়া গৱেষণা আৰু আধুনিক প্ৰযুক্তিৰ লগতেও নিজকে নিয়মীয়াকৈ আপডেট কৰি ৰাখে ডাঃ হানি কুৰেশ্বীয়ে। তেওঁ বিশ্বাস কৰে যে প্ৰতিগৰাকী ৰোগীৰ যাত্ৰা বেলেগ বেলেগ— সেয়েহে চিকিৎসাও ব্যক্তিগত প্ৰয়োজন অনুসৰি হ'ব লাগে। বিজ্ঞানভিত্তিক চিকিৎসা আৰু মানৱীয় সহানুভূতিৰ সমাহাৰেই তেওঁক ৰোগীসকলৰ বাবে বিশ্বাসযোগ্য আৰু আশাৰ প্ৰতীক কৰি তুলিছে।
অহোপুৰুষাৰ্থ পৰিশ্ৰম আৰু দায়বদ্ধতাৰ জৰিয়তে ডাঃ হানি কুৰেশ্বী আজি বন্ধ্যাত্ব চিকিৎসাৰ জগতখনত এক অনুপ্ৰেৰণাৰ নাম— যি অগণন দম্পতীৰ জীৱনলৈ ঘূৰাই আনিছে নতুন আশাৰ পোহৰ।