গুৱাহাটী
কৰ্মসংস্থাপন বৃদ্ধি আৰু স্থানীয় ব্যৱসায়ক উন্নীত কৰাৰ এটা পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ দোকানসমূহ এতিয়া ২৪ ঘন্টাই খোলা ৰাখিবলৈ দিয়া হ’ব।
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে বাধ্যতামূলক সাপ্তাহিক ছুটীৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা কোনো বাধা নাথাকিব, যাৰ ফলত দোকানৰ মালিকসকলে বন্ধৰ দিন নিৰ্ধাৰণ কৰাৰ নমনীয়তা লাভ কৰিব।
গুৱাহাটী, ডিব্ৰুগড়, আৰু শিলচৰ পৌৰ নিগমৰ বাহিৰৰ চহৰসমূহৰ বাবে দোকানৰ সময় নিশা ২ বজালৈ বৃদ্ধি কৰা হৈছে, আনহাতে গ্ৰামাঞ্চলত প্ৰতিষ্ঠানসমূহ নিশা ১১ বজালৈকে খোলা থাকিব পাৰিব।
"ৰাজ্যৰ অন্যান্য চহৰত ৰাতি ২ বজালৈকে দোকান খোলাৰ অনুমতি দিয়া হ'ব। গ্ৰামাঞ্চলত নিশা ১১ বজাৰ ভিতৰত দোকান বন্ধ কৰিব লাগিব," মুখ্যমন্ত্ৰী শৰ্মাই কয়।
ক্ষুদ্ৰ উদ্যোগীসকলক সবলীকৰণ আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। অৱশ্যে শ্ৰমিকৰ কল্যাণ নিশ্চিত কৰিবলৈ চৰকাৰে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব।
মুখ্যমন্ত্ৰী শৰ্মাই আৰু কয় যে কৰ্মচাৰীসকলক প্ৰতি সপ্তাহত ৪৮ ঘণ্টাৰ অধিক কাম কৰিবলৈ বা ৯ ঘণ্টাৰ অধিক শ্বিফটত কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰি। ২৪ ঘণ্টীয়া কামৰ পথ বাছি লোৱা দোকানসমূহে তিনিটা শ্বিফটত কাম কৰিব লাগিব, যিয়ে অধিক নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে এই সিদ্ধান্তই কেৱল ব্যৱসায়ীক সহায় কৰাই নহয় সমগ্ৰ ৰাজ্যতে অধিক কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।
তেওঁ অৱশ্যে সুৰা বিপণীসমূহৰ সময়সূচী বৰ্তমানৰ দৰেই অপৰিৱৰ্তিত থাকিব বুলি কয়। "যদি ভৱিষ্যতে বিচাৰে সুৰাৰ বিপণীৰ সূচী সলনি কৰাৰ কথা বিবেচনা কৰিম," তেওঁ লগতে কয়।