বাংলাদেশত তাৰিক ৰহমানৰ প্ৰত্যাৱৰ্তন হ’ব মৌলবাদৰ বিৰুদ্ধে জনমতৰ নতুন অধ্যায়

Story by  atv | Posted by  [email protected] • 4 h ago
তাৰিক ৰহমান
তাৰিক ৰহমান
 
দেৱকিশোৰ চক্ৰৱৰ্তী
 
সুদীৰ্ঘ ১৭ বছৰ বিদেশত থকাৰ পিছত দেশলৈ উভতি আহি বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’বলৈ আগবাঢ়িছে জিয়াউৰ ৰহমান আৰু খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান। পিতৃ-মাতৃৰ পিছত পুত্ৰৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ উত্থান উপ-মহাদেশৰ ৰাজনীতিত এক বিৰল উদাহৰণ। লগতে তেওঁ হ’ব বিগত ৩৬ বছৰৰ ভিতৰত দেশখনৰ প্ৰথমজন চৰকাৰৰ মুৰব্বী। ইয়াৰ জৰিয়তে মহিলা নেত্ৰীৰ আধিপত্য থকা এটা দীঘলীয়া সময়ৰো অন্ত পৰিব।
 
শেহতীয়া সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্জন আৰু বিতৰ্ক থাকিলেও, লাভ কৰা ভোটৰ হিচাপত বিএনপি (BNP) বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। দলটোৱে ২০০তকৈও অধিক আসন পোৱাৰ সম্ভাৱনাৰ কথাও চৰ্চা হৈছে।
 
এই নিৰ্বাচনৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল— ভোটাৰসকলে মৌলবাদী শক্তিক ক্ষমতাত বহুৱাবলৈ অনিচ্ছা প্ৰকাশ কৰিছে। বিশেষকৈ বাংলাদেশ জামায়াত-এ-ইছলামীয়ে আশানুৰূপ সফলতা লাভ কৰা নাই; তেওঁলোকৰ আমিৰ ছফিকুৰ ৰহমানো পৰাজিত হৈছে। অতীতৰ ভূমিকাৰ বাবে ক্ষমা খুজিলেও দলটোৱে ৰাইজৰ আস্থা ঘূৰাই অনাত ব্যৰ্থ হৈছে। ইয়াৰ পৰা বুজা যায় যে মুক্তিযুদ্ধৰ ইতিহাস আৰু অসাম্প্রদায়িক চেতনা এতিয়াও ৰাজনৈতিক বিচাৰত প্ৰাসংগিক হৈ আছে।
আনহাতে, নিৰ্বাচনত অংশ নল'লেও শ্বেখ হাছিনাৰ প্ৰভাৱ যে ৰাজনীতিৰ কেন্দ্ৰবিন্দুতে আছে, সেয়া স্পষ্ট। তেওঁ নিৰ্বাচন বৰ্জনৰ যি আহ্বান জনাইছিল, তালৈ উল্লেখনীয় সঁহাৰি পোৱা বুলি দাবী উঠিছে। ভোটাৰৰ উপস্থিতিৰ হাৰক লৈও বিভিন্ন প্ৰশ্ন আৰু অভিযোগ উত্থাপন হৈছে। গতিকে এই নিৰ্বাচনে যেনেকৈ বিএনপিৰ উত্থান বুজাইছে, তেনেকৈ এক বৃহৎ ৰাজনৈতিক পুনৰ্গঠনৰো ইংগিত দিছে।
 
হাছিনাই দেশ ত্যাগ কৰাৰ পিছত প্ৰায় ডেৰ বছৰ ধৰি স্থায়ী চৰকাৰ নথকাৰ বাবে প্ৰশাসনিক দুৰ্বলতা, আইন-শৃংখলাৰ অৱনতি আৰু সংখ্যালঘু তথা সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ অভিযোগ পোহৰলৈ আহিছিল। এই অন্তৱৰ্তীকালীন সময়ছোৱাত নেতৃত্ব দিছিল মহম্মদ ইউনুছে। তেওঁৰ ভূমিকাক লৈ মতভেদ থাকিলেও এতিয়া প্ৰশ্ন উঠিছে যে নতুন ৰাজনৈতিক পৰিৱেশত তেওঁ কি স্থিতি গ্ৰহণ কৰিব?
বিএনপিয়ে নিজকে মুক্তিযুদ্ধৰ চেতনাত বিশ্বাসী দল হিচাপে দাঙি ধৰিছে। দলৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমানৰ স্বাধীনতা ঘোষণাৰ ঐতিহাসিক স্মৃতি আগতীয়াকৈ উপস্থাপন কৰি জাতীয়তাবাদী স্থিতি শক্তিশালী কৰা হৈছে। একে সময়তে ধৰ্মনিৰপেক্ষ আৰু উদাৰ পন্থী কেইবাজনো প্ৰাৰ্থীৰ জয়ে ৰাজনৈতিক ভাৰসাম্যৰ বাৰ্তা দিছে। এজন বিজয়ী নেতাই নিজৰ সাফল্যক ‘বংগবন্ধু আৰু জিয়াৰ আদৰ্শৰ এক সন্মিলিত প্ৰতিফলন’ বুলি অভিহিত কৰিছে, যিটো বিভাজনৰ পৰিৱৰ্তে সমন্বয়ৰ ইংগিত।
 
প্ৰচাৰৰ সময়ত তাৰিক ৰহমানে উগ্ৰ ভাৰত-বিৰোধী সুৰ পৰিহাৰ কৰি কৈছে যে বাংলাদেশ দিল্লী বা পিণ্ডিৰ (পাকিস্তান) মুখলৈ চাই নহয়, বৰঞ্চ নিজৰ স্বাৰ্থ আৰু মৰ্যাদাৰে আগবাঢ়িব। এই স্থিতিয়ে এফালে কট্টৰ ইছলামপন্থীক সম্পূৰ্ণ সন্তুষ্ট কৰিব নোৱাৰিলেও, আনফালে আঞ্চলিক কূটনীতিৰ ক্ষেত্ৰত এক নতুন ভাৰসাম্যৰ সম্ভাৱনা সৃষ্টি কৰিছে। ইয়াৰ ফলত নতুন দিল্লী আৰু ঢাকাৰ মাজত থকা অনাৱশ্যকীয় উত্তেজনা হ্ৰাস পোৱাৰ সুযোগ সৃষ্টি হ’ব পাৰে।
অৱশ্যে আগলৈ প্ৰত্যাহ্বানো কম নহয়। নিৰ্বাচনত পৰাজিত হোৱা শক্তিবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যোৱা নাই; তেওঁলোকে ৰাজনৈতিক প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাই থাকিব। চৰকাৰ গঠন আৰু নীতি-নিৰ্ধাৰণত সকলোকে সামৰি লোৱা, স্থিৰতা আৰু আইনৰ শাসন নিশ্চিত কৰাই হ’ব তাৰিক ৰহমানৰ প্ৰধান পৰীক্ষা। সংস্কৃতি আৰু অসাম্প্রদায়িক চেতনাৰ ক্ষেত্ৰতো সকলোৰে দৃষ্টি থাকিব। ৰাষ্ট্ৰীয় সংগীত, ২১ ফেব্ৰুৱাৰী আৰু পহিলা ব’হাগৰ দৰে ঐতিহ্যসমূহ অক্ষুণ্ণ ৰখাটো প্ৰতীকীভাৱে অতি গুৰুত্বপূৰ্ণ হ’ব।
 
এতিয়া সন্মুখত দুটা গুৰুত্বপূৰ্ণ প্ৰশ্ন— আৱামী লীগৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’বনে? আৰু শ্বেখ হাছিনা দেশলৈ ঘূৰি আহিব পাৰিবনে? সময়েহে ইয়াৰ উত্তৰ দিব। আপাততঃ ক’ব পাৰি যে এই নিৰ্বাচনৰ ৰায়ে বাংলাদেশক এক নতুন ৰাজনৈতিক অধ্যায়ত প্ৰৱেশ কৰাইছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তেই নিৰ্ধাৰিত হ’ব ভৱিষ্যতৰ দিশ।