ইৰানত গ্ৰাউণ্ড অপাৰেশ্যন কৰিব আমেৰিকাই

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
পশ্চিম এছিয়াত চলি থকা সংঘাতে অধিক বিপজ্জনক ৰূপ লোৱাৰ ইংগিত দিছে। শেহতীয়া খবৰ অনুসৰি আমেৰিকাৰ মেৰিন কৰ্পছৰ প্ৰথম ‘এক্সপিডিশেনেৰী ইউনিট’ (৩১ নং এম ই ইউ) মধ্যপ্ৰাচ্যত উপস্থিত হৈছে।
 
ইৰাণৰ ভূ-ভাগৰ ভিতৰত এসপ্তাহজোৰা স্থল অভিযানৰ ব্লুপ্ৰিণ্টো প্ৰস্তুত কৰিছে পেন্টাগনে। আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে ইৰানত সম্ভাৱ্য স্থল সামৰিক অভিযানৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। এই অঞ্চলত আমেৰিকাই ৩৫০০ৰো অধিক সৈন্য মোতায়েন কৰিছে।
 
আমেৰিকাৰ বিষয়াসকলৰ উদ্ধৃতি দি ৱাশ্বিংটন পোষ্টে দাবী কৰিছে যে পেন্টাগনে কেইবা সপ্তাহ ধৰি স্থল অভিযানৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত বিশেষ অভিযান বাহিনী আৰু গতানুগতিক পদাতিক বাহিনীও থাকিব পাৰে। অৱশ্যে চূড়ান্ত সিদ্ধান্ত এতিয়াও আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হাতত আছে।
 
ইফালে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে নিশ্চিত কৰিছে যে আমেৰিকাৰ নৌসেনাৰ যুদ্ধজাহাজ ইউ এছ এছ ট্ৰিপলি প্ৰায় ২৫০০ মেৰিনক লৈ মধ্যপ্ৰাচ্যত উপস্থিত হৈছে। জাহাজখনে ৩১ নং মেৰিন এক্সপেডিচনেৰী ইউনিটৰ জোৱান কঢ়িয়াই নিছে। এই ইউনিটটো পূৰ্বে জাপানত নিয়োজিত হৈ টাইৱানৰ আশে-পাশে অনুশীলন চলাই আছিল যদিও প্ৰায় দুসপ্তাহ পূৰ্বে মধ্যপ্ৰাচ্যলৈ যোৱাৰ নিৰ্দেশ দিয়া হৈছিল।
 
ইউ এছ এছ ট্ৰিপলিত পৰিবহণ বিমান, অত্যাধুনিক ষ্ট্ৰাইক যুঁজাৰু বিমান (এফ-৩৫), আৰু প্ৰত্যক্ষ সাগৰৰ পৰা স্থললৈ আক্ৰমণ কৰিব পৰা আক্ৰমণাত্মক সঁজুলিও কঢ়িয়াই নিয়া হৈছে।
 
ৱাশ্বিংটন পোষ্টৰ তথ্য অনুসৰি আমেৰিকাৰ বিষয়াসকলে এতিয়া ইৰাণৰ ভিতৰত বিশেষ অভিযান আৰু গতানুগতিক পদাতিক সৈন্যৰ দ্বাৰা অভিযান চলাবলৈ পৰিকল্পনা কৰিছে। এই স্থল অভিযানৰ বাবে ট্ৰাম্পে এতিয়াও চূড়ান্ত অনুমোদন দিয়া নাই যদিও ৮২ নং এয়াৰবৰ্ণ ডিভিজনৰ হাজাৰ হাজাৰ সৈন্যই ছান ডিয়েগোৰ পৰা ৰাওনা হৈছে।