দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই; ভিভিআইপিৰে ভৰিছে গুৱাহাটী মহানগৰী

Story by  atv | Posted by  Munni Begum • 3 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী 
 
এক ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সাজু হৈছে গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ। মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপি নেতৃত্বাধীন এন ডি এই তৃতীয়বাৰৰ বাবে চৰকাৰ কৰিব। লগতে মন্ত্রীসভাৰ সদস্য হিচাপে শপত ল'ব অজন্তা নেওগ, অতুল বৰা, ৰ‍ামেশ্বৰ তেলী আৰু চৰণ বড়োৱে।
 
শপত গ্ৰহণৰ পূৰ্বে যোৱানিশা হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে শপত ল'বলগীয়া চাৰিগৰাকী মন্ত্রীৰ নাম ঘোষণা কৰে। সেই অনুসৰি মন্ত্রী হিচাপে শপত ল'ব ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে। আনহাতে বিধায়ক ৰণজিৎ কুমাৰ দাসক অসম বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।
 
শপত গ্ৰহণ অনুষ্ঠানৰ বাবে গুৱাহাটীৰ খানাপাৰাত বিয়াগোম আয়োজন কৰা হৈছে। নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ। সাজি উলিওৱা হৈছে তিনিখনকৈ বিশেষ মঞ্চ। শপত গ্ৰহণ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।
 
ইতিমধ্যে সোমবাৰে নিশা গুৱাহাটীত আহি উপস্থিত হয় প্ৰধানমন্ত্রী মোদী। নিশাটো প্ৰধানমন্ত্রীয়ে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটায়। একেদৰে যোৱানিশাই গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্রীৰ লগতে এনডিএ শাসিত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রীকে ধৰি বহু ভিভিআইপি।
 
অভ্যাগতসকলক উষ্ম আদৰণি জনোৱা হয় বিমানবন্দৰত। মঙলবাৰে দিনৰ ১১.৪০ বজাত প্ৰধানমন্ত্রী মোদী আৰু আমন্ত্রিত অতিথিসকলৰ উপস্থিতিত মুখ্যমন্ত্রী হিচাপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। তৃতীয়বাৰৰ বাবে অসমত বিজেপিৰ নেতৃত্বত এনডিএই চৰকাৰ কৰিব। যাৰ বাবে প্ৰধানমন্ত্রীৰ উপৰিও বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী আৰু এনডিএ শাসিত কুৰিখনৰো অধিক ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী গুৱাহাটীলৈ আহিছে।
 
যোৱা নিশাই প্ৰায়সংখ্যক অতিথি তথা ভিভিআইপিৰ গুৱাহাটীলৈ আগমন ঘটে । ইফালে ভিভিআইপিৰ আগমণৰ বাবে গুৱাহাটীৰ বিমানবন্দৰ বিশেষ বিমান আৰু চাৰ্টাড বিমানেৰে ভৰি পৰিছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে গুৱাহাটীলৈ আহিছে দেশৰ কেইবাগৰাকী বিশিষ্ট উদ্যোগপতি। আনহাতে কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আহিছে শপত গ্ৰহণ অনুষ্ঠানৰ সাক্ষী হ'বলৈ।
 
উল্লেখ্য যে, কেন্দ্ৰীয় নেতৃত্বই পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডা আৰু সহ-পৰ্যবেক্ষক তথা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনীৰ উপস্থিতিত দেওবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰা হৈছিল। তাৰ পিছত এনডিএৰ বৈঠকতো এনডিএৰ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচন কৰা হৈছিল।
 
সেই প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দলে-বলে বিজেপি বিধায়িনী দল আৰু এনডিএৰ নেতাই ৰাজ্যপালক লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰি চৰকাৰৰ গঠনৰ অনুমতিৰ বাবে আনুষ্ঠানিক আবেদন জনায়। চৰকাৰ গঠনৰ বাবে জনোৱা আবেদনত ৰাজ্যপালে অনুমোদন জনাই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে। লগতে ৰাজ্যপালে ১২ মে'ৰ দিনৰ ১১.৪০ বজাত শপত গ্ৰহণৰ বাবে অনুমোদন জনায়।
 
চৰকাৰ গঠনৰ সাংবিধানিক প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে মঙলবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বিশাল অনুষ্ঠানত বিজেপি নেতৃত্বাধীন এনডিএই তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিব আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নতুন মন্ত্রীসভাই শপত ল'ব।
 
শপত গ্ৰহণ অনুষ্ঠানলৈ আহিছে বিজেপি আৰু মিত্রদলৰ বুথ সভাপতি আৰু গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলো। লক্ষাধিক লোকৰ সমাগমৰ মাজতে হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত ল'ব। উল্লেখ্য যে, ২০২৬ৰ নিৰ্বাচনত বিৰোধীক ধূলিসাৎ কৰি অভূতপূৰ্ব জয়ৰে ইতিহাস গঢ়িলে বিজেপিয়ে। মুঠ ১২৬ খন আসনৰ ভিতৰত এনডিএই লাভ কৰে ১০২ খন আসন। বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ লগতে দুই মিত্ৰদল অগপ আৰু বিপিএফে ১০ খনকৈ আসন লাভ কৰে। 


শেহতীয়া খবৰ