আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ ভয়ংকৰ আক্ৰমণ; ধ্বংসপ্ৰাপ্ত যুদ্ধবিমান

Story by  atv | Posted by  [email protected] • 1 h ago
আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ ভয়ংকৰ আক্ৰমণ; ধ্বংসপ্ৰাপ্ত যুদ্ধবিমান
আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ ভয়ংকৰ আক্ৰমণ; ধ্বংসপ্ৰাপ্ত যুদ্ধবিমান
 
নতুন দিল্লী 
 
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ ভয়াৱহ পৰিস্থিতি! আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে এইবাৰ ছৌদি আৰৱত থকা আমেৰিকাৰ সামৰিক ঘাটিত ভয়ংকৰ মিছাইল আৰু ড্ৰোন আক্ৰমণ চলাইছে ইৰানে। এই আক্ৰমণত আমেৰিকাৰ এখন গুৰুত্বপূৰ্ণ যুদ্ধবিমান ধ্বংস হোৱাৰ লগতে কেইবাজনো সেনা আহত হোৱা বুলি দাবী কৰিছে ইৰানে।
 
ইৰানে দাবী কৰিছে যে তেওঁলোকে ছৌদি আৰৱৰ 'প্ৰিন্স ছুলতান এয়াৰ বেছ'ত ৬টা বেলিষ্টিক মিছাইল আৰু ২৯খন ড্ৰোনেৰে আক্ৰমণ চলাইছে। ইৰানৰ প্ৰেছ টিভিৰ সূত্ৰ অনুসৰি, এই আক্ৰমণত আমেৰিকাৰ E-3 AWACS কমাণ্ড আৰু কণ্ট্ৰোল বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু কেইবাখনো ইন্ধন ভৰোৱা বিমানৰ ক্ষতিসাধন হৈছে। এছ’চিয়েটেড প্ৰেছ (AP)ৰ মতে, এই ঘটনাত কমেও ১০ জন মাৰ্কিন সেনা আহত হৈছে, যাৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক। অৱশ্যে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে (CENTCOM) এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।
 
ইৰানৰ ৰিভল্যুচনেৰী গাৰ্ডছে দাবী কৰা মতে, তেওঁলোকে আমেৰিকাৰ এখন MQ-9 ড্ৰোন ধ্বংস কৰাৰ লগতে এখন F-16 যুঁজাৰু বিমানতো আঘাত হানিছে। ইয়াৰ উপৰি, ইজৰাইলৰ হাইফাত থকা 'এল্টা' কোম্পানীৰ ৰাডাৰ কেন্দ্ৰ আৰু বেন গুৰিয়ন বিমানবন্দৰৰ ইন্ধন ভঁৰালতো আক্ৰমণ চলোৱা বুলি ইৰানৰ সেনাই প্ৰকাশ কৰিছে।
উল্লেখ্য যে, যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে বিনা প্ৰৰোচনাত ইৰানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছৰে পৰা এই ঘাটিটোত ধাৰাবাহিকভাৱে আক্ৰমণ চলি আছে। এই যুদ্ধত আমেৰিকা-ইজৰাইলৰ মিত্ৰজোঁটে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই আৰু নিৰাপত্তা মুৰব্বী আলী লাৰিজানীক হত্যা কৰিছে। আনহাতে, মিত্ৰজোঁটৰ মিছাইল আক্ৰমণত মিনাবৰ এখন ছোৱালী বিদ্যালয়ৰ প্ৰায় ১৮০ গৰাকী ছাত্ৰীৰো প্ৰাণহানি হৈছে।
 
দ্বিতীয় মাহত ভৰি দিয়া এই যুদ্ধ এতিয়া ছৌদি আৰৱৰ বাহিৰলৈকো বিয়পি পৰিছে। য়েমেনৰ হুথি বিদ্ৰোহীয়ে শনিবাৰে ইজৰাইললৈ মিছাইল নিক্ষেপ কৰিছে। লগতে, ইৰানৰ শিক্ষানুষ্ঠানত হোৱা আক্ৰমণৰ প্ৰতিশোধ হিচাপে ইৰানে ইজৰাইল আৰু আমেৰিকাৰ বিশ্ববিদ্যালয়ত আক্ৰমণৰ ভাবুকি দিছে।
 
আনহাতে, ইৰানৰ সংবাদ সংস্থাৰ মতে দেওবাৰে পুৱা ইৰানৰ ৰাজধানী তেহৰান আৰু উত্তৰ-পশ্চিম প্ৰান্তত কেইবাটাও বিস্ফোৰণ ঘটে। শ্বাফ্ট চহৰৰ সমীপত হোৱা বিস্ফোৰণত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন আহত হয়। অসামৰিক আন্তঃগাঁথনিসমূহতো আক্ৰমণ চলিছে; শনিবাৰে বুশ্বেৰ প্ৰদেশত এটা পৰিয়ালৰ চাৰিজন সদস্য নিহত হোৱাৰ লগতে খুজেস্তান প্ৰদেশৰ পানী যোগান প্ৰকল্পতো আক্ৰমণ চলোৱা হৈছে।


শেহতীয়া খবৰ