নতুন দিল্লী
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ নীতি আৰু কাৰ্যৰ প্ৰতিবাদত সমগ্ৰ আমেৰিকাত ২৮ মাৰ্চত ইমূৰৰ পৰা সিমূৰলৈকে ন’ কিংছৰ প্ৰতিবাদকাৰীসকলক ৰাজপথলৈ ওলাই অহা দেখা যায়। ট্ৰাম্পৰ কাৰ্যকালত এয়া তৃতীয়টো এনেধৰণৰ বিক্ষোভ আছিল।
শনিবাৰে কেলিফৰ্ণিয়া, টেনেচি, অহাইঅ’, নিউ জাৰ্চি, ডেলাৱেৰ, ফ্ল’ৰিডা, টেক্সাছ, ৱাশ্বিংটন ডি.চি. মিনেছ’টাৰ ছেইণ্ট পলত অনুষ্ঠিত এক সমাৱেশত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। আমেৰিকাৰ এক প্ৰতিবেদন অনুসৰি গ্ৰেমী বঁটা বিজয়ী গায়ক-গীতিকাৰ ব্ৰুচ স্প্ৰিংষ্টীনেও এই ৰেলীত “ষ্ট্ৰীটছ অৱ মিনিয়াপলিছ” গাইছিল।
উল্লেখ্য য়ে, পূৰ্বৰ ন’ কিংছ প্ৰতিবাদৰ দৰেই এই প্ৰতিবাদৰো লক্ষ্য আছিল ট্ৰাম্পৰ সিদ্ধান্ত আৰু নীতিক সমালোচনা কৰা। ন’ কিংছ ৱেবছাইটত ২৮ মাৰ্চত প্ৰতিবাদকাৰীসকলে সমালোচনা কৰা নিৰ্দিষ্ট বিষয়সমূহৰ তালিকা প্ৰস্তুত কৰা হৈছিল। এই বিষয়সমূহৰ ভিতৰত আছিল আইচিইৰ দ্বাৰা পৰিচালিত গ্ৰেপ্তাৰ আৰু মৃত্যুৰ লগতে ইৰাণ-আমেৰিকাৰ সংঘাত।
ন’ কিংছ ৱেবছাইটৰ মতে, মুখা পিন্ধা গোপন আৰক্ষীয়ে সমাজত সন্ত্ৰাস বিয়পাইছে। এক অবৈধ, ধ্বংসাত্মক যুদ্ধই আমাক বিপদত পেলাইছে আৰু আমাৰ খৰচ বৃদ্ধি কৰিছে। আমাৰ বাক স্বাধীনতা, আমাৰ নাগৰিক অধিকাৰ, আৰু আমাৰ ভোটদানৰ স্বাধীনতা আক্ৰমণৰ সন্মুখীন হৈছে। বৃদ্ধি পোৱা খৰচে পৰিয়ালসমূহক সমস্যাত পেলাইছে। ট্ৰাম্পে আমাক একনায়কত্ববাদীৰ দৰে শাসন কৰিব বিচাৰিছে। কিন্তু এইখন আমেৰিকা, ক্ষমতা জনসাধাৰণৰ।