নতুন দিল্লী
এতিয়ালৈকে সমগ্ৰ দেশত চলি থকা বন্দে ভাৰত এক্সপ্ৰেছৰ সকলোবোৰেই আছিল টু চিটাৰ কোচ। অৰ্থাৎ বহি বহি যাত্ৰা কৰিব লাগিছিল৷ কিন্তু এইবাৰ বন্দে ভাৰত শ্লীপাৰ কোচ (Vande Bharat Sleeper Coach)ৰ সেৱা আৰম্ভ হ'ব। গুৱাহাটী-হাওড়া ৰে'লপথত চলিব এই শ্লীপাৰ কোচৰ ৰে'ল। শনিবাৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই নতুন শ্লীপাৰ কোচ ৰে’লগাড়ীখন পৰিদৰ্শন কৰে। পৰিদৰ্শন কালৰ সেই ভিডিঅ'টো তেওঁ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন ৰে’ল কোচসমূহত অত্যাধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হ'ব। ৰে'ল মন্ত্ৰীৰ মতে, নতুন কোচত ডাঙৰ ট্ৰেই হোল্ডাৰ, উইণ্ডো স্ক্ৰীন, পুৱা কিতাপ পঢ়াৰ বাবে ৰিডিং লাইট, হেংগাৰ, মেগাজিন হোল্ডাৰ, হাত-মুখ ধোৱাৰ বাবে ডাঙৰ বেছিন থাকিব। দৃষ্টিহীনসকলৰ সুবিধাৰ্থে আসনৰ নম্বৰ ব্ৰেইল পদ্ধতিৰে লিখা হ'ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জানুৱাৰী মাহতে এই নতুন ৰে’লগাড়ীখন মুকলি কৰিব বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। যাত্ৰীসকলৰ সুবিধাৰ্থে এই ৰে'লসমূহত বিভিন্ন ব্যৱস্থা কৰা হৈছে। যেনে, কোমল গাদীযুক্ত বিশেষ বাৰ্থ। ৰে'লগাড়ীসমূহত জোকাৰণি হ্ৰাস কৰাৰ বাবে উন্নত ছাছপেনচন ব্যৱহাৰ কৰা হৈছে। তদুপৰি সুৰক্ষাৰ বাবে টক-বেক চিষ্টেম আৰু স্বয়ংক্ৰিয় দুৱাৰ আছে। টক বেক ব্যৱস্থাৰ জৰিয়তে যাত্ৰীসকলে জৰুৰীকালীন অৱস্থাত লোকো পাইলটৰ সৈতে কথা পাতিব পাৰিব।
শেহতীয়াকৈ, ৰে'লৱে সুৰক্ষা আয়োগৰ তত্ত্বাৱধানত নতুন কোচটোৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। ইয়াৰ পিছতে ৰে’ল মন্ত্ৰীয়ে বন্দে ভাৰত শ্লীপাৰ কোচ মুকলি কৰাৰ কথা ঘোষণা কৰে। এই ৰে’লখনত ১৬ টা কোচ আছে। ইয়াৰে ১১টা তৃতীয় শ্ৰেণীৰ এ চি, ৪টা দ্বিতীয় শ্ৰেণীৰ এ চি আৰু ১টা প্ৰথম শ্ৰেণীৰ এ চি কোচ।
ৰে'লৱে মন্ত্ৰীগৰাকীয়ে কয় যে তৃতীয় শ্ৰেণীৰ এ চি কোচৰ ভাড়া ২,৩০০ টকা, দ্বিতীয় শ্ৰেণীৰ এ চি কোচৰ ভাড়া ৩,০০০ টকা আৰু প্ৰথম শ্ৰেণীৰ এ চি কোচৰ ভাড়া ৩,৬০০ টকা। ৰে'ল মন্ত্ৰীৰ মতে এই নতুন ৰে'লগাড়ীখনে বিমানৰ তুলনাত কম খৰচত বিমানৰ দৰে সেৱা আগবঢ়াব।