মধ্যপ্রাচ্য যুদ্ধৰ প্ৰভাৱ সোণৰ মূল্য ১২,০৭৭ টকা হ্রাস

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
মধ্যপ্রাচ্য যুদ্ধই আজি ২৪ দিন সম্পূর্ণ কৰিলে। এই ২৪ দিনত দেশত সোণৰ মূল্য ২৩,৯৫৬ টকা হ্রাস পোৱাৰ লগতে ৰূপৰ মূল্যও ৬৫,২০০ টকা হ্রাস পালে। উল্লেখযোগ্য যে, আমেৰিকা-ইজৰাইলৰ আক্রমণত ত্রস্তমান হৈ পৰা ইৰানকে ধৰি মধ্যপ্রাচ্যৰ দেশসমূহ বিধ্বস্তপ্রায় হৈ পৰাৰ সময়তে শেহতীয়াকৈ দেশত হ্রাস পাইছে সোণ-ৰূপৰ মূল্যও। 
 
ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েচনৰ তথ্যমতে ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য সোমবাৰে ১২,০৭৭ টকা হ্রাস পাই হ'লগৈ ১.৩৫ লাখ টকা। আনহাতে এক কেজি ৰূপৰ মূল্য ৩০,৮৬৪ টকা হ্রাস পাই হ'লগৈ ২.০১ লাখ টকা। যোৱা শুকুৰবাৰে এই ৰূপৰ মূল্য আছিল ২.৩২ লাখ টকা। মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে যোৱা ২৪ দিনত সোণৰ মূল্য ২৩,৯৫৬ টকা আৰু ৰূপৰ মূল্য ৬৫,২০০ টকা হ্রাস পায়।  
 
ৰাজধানী দিল্লীত সোমবাৰে ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য হ'লগৈ ১,৪০,১৭০ টকা। একেদৰে ৰাজধানী দিল্লীত ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য হ'লগৈ ১,৪০,১৭০ টকা। একেদৰে মুম্বাইত এই মূল্য হ'লগৈ ১,৪০,০২০ টকা। আনহাতে কলকাতাত এই সোণৰ মূল্য হ'লগৈ ১,৪০,০২০ টকা আৰু চেন্নাইত এই মূল্য হয়গৈ ১,৪১,২৮০ টকা।