গুৱাহাটী
বহুৰাজ্যজুৰি সক্ৰিয় এক বৃহৎ ইনপুট টেক্স ক্ৰেডিট (ITC) জালিয়াতি চক্ৰ উৎখাত কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ (এছটিএফ)-এ গুৱাহাটী, কলকাতা আৰু পাটনাত চলোৱা সমন্বিত অভিযানত মুঠ আঠজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই জালিয়াতি চক্ৰৰ ফলত বিগত পাঁচ বছৰত ৰাজ্যৰ ৰাজকোষৰ ৪৭ কোটিতকৈ অধিক টকাৰ ক্ষতি হোৱা বুলি সোমবাৰে প্ৰকাশিত এক চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে।
বিবৃতি অনুসৰি, ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ সংঘটিত এই জালিয়াতিৰ ফলত সুদ আৰু জৰিমনাসহ মুঠ দায়বদ্ধতাৰ পৰিমাণ প্ৰায় ৪৭.৭১ কোটি টকা বুলি অনুমান কৰা হৈছে।
ঘটনাটোৰ সূত্ৰপাত হয় অসম জি এছ টি বিভাগৰ পৰা লাভ কৰা এক অভিযোগৰ ভিত্তিত। অভিযোগত উল্লেখ কৰা হৈছিল যে এক আন্তঃৰাজ্যিক সংঘবদ্ধ চক্ৰই কোনো ধৰণৰ প্ৰকৃত পণ্য যোগান বা সামগ্ৰীৰ সঞ্চালন নোহোৱাকৈ ভুৱা চালান, জাল ই-ৱে বিল আৰু কৃত্ৰিম নথিপত্ৰৰ সহায়ত প্ৰৱঞ্চনামূলকভাৱে ইনপুট টেক্স ক্ৰেডিট লাভ কৰি আহিছে।
এই অভিযোগৰ ভিত্তিত এছটিএফে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তত একাধিক ৰাজ্যজুৰি বিস্তৃত আৰু সু-সমন্বিত জালিয়াতি নেটৱৰ্কৰ অস্তিত্ব পোহৰলৈ আহে।
তদন্তৰ তথ্যৰ ভিত্তিত ১৪ জুন আৰু ১৫ জুনৰ মাজনিশা গুৱাহাটী, কলকাতা আৰু পাটনাৰ বিভিন্ন স্থানত একেলগে অভিযান চলোৱা হয়। এই অভিযানত মুঠ আঠজন সন্দেহজনক লোকক আটক কৰা হয়।
আটকাধীন লোকসকলৰ ভিতৰত গুৱাহাটীত ধৰা পৰা তিনিজনক স্থানীয় আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক সাত দিনীয়া আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে।
এতিয়ালৈকে হোৱা তদন্তত ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ২১.০৬ কোটি টকাৰ ইনপুট টেক্স ক্ৰেডিট প্ৰৱঞ্চনামূলকভাৱে লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। সুদ আৰু জৰিমনাসহ এই গোচৰৰ সৈতে জড়িত মুঠ আৰ্থিক দায়বদ্ধতা প্ৰায় ৪৭.৭১ কোটি টকা বুলি তদন্তকাৰী সংস্থাই অনুমান কৰিছে।
তদন্তত এইটোও উদ্ঘাটিত হৈছে যে অনুসন্ধানৰ আওতাত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অস্তিত্বহীন কৰদাতা অথবা কৰ্তৃপক্ষই বাতিল কৰা জিএছটি পঞ্জীয়নধাৰী প্ৰতিষ্ঠানৰ নামত জাৰি কৰা ভুৱা চালান ব্যৱহাৰ কৰি এই জালিয়াতি সংঘটিত কৰিছিল।
বিবৃতিত কোৱা হৈছে যে কোনো ধৰণৰ বাস্তৱিক বাণিজ্যিক লেনদেন বা পণ্যৰ শাৰীৰিক পৰিবহণ নোহোৱাকৈ কেৱল অবৈধভাৱে ইনপুট টেক্স ক্ৰেডিট লাভ কৰাৰ উদ্দেশ্যে জাল চালান আৰু ভুৱা ই-ৱে বিল সৃষ্টি কৰা হৈছিল।
এছটিএফে জনোৱা মতে, এই জালিয়াতি চক্ৰৰ সৈতে জড়িত আন ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে সমগ্ৰ নেটৱৰ্কটোক উৎখাত কৰাৰ বাবে তদন্ত অব্যাহত আছে। লগতে চৰকাৰী ৰাজহত অধিক ক্ষতি ৰোধ কৰিবলৈও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আৰ্থিক অপৰাধৰ ক্ষেত্ৰত এই অভিযানক অসমত সাম্প্ৰতিক সময়ৰ অন্যতম বৃহৎ জিএছটি জালিয়াতি-বিৰোধী অভিযান হিচাপে গণ্য কৰা হৈছে।