নতুন দিল্লী
কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা এলপিজি চিলিণ্ডাৰ পুনৰ ভৰোৱাৰ (refill) বাবে বুকিং কৰাৰ সময়ৰ ব্যৱধান ৪৫ দিনৰ পৰা ২৫ দিনলৈ হ্ৰাস কৰিছে। ইয়াৰ ফলত এতিয়াৰে পৰা চহৰ আৰু গ্ৰামাঞ্চল দুয়োটা অঞ্চলৰ গ্ৰাহকৰ বাবে পৰৱৰ্তী এলপিজি চিলিণ্ডাৰ বুকিং কৰাৰ ব্যৱধান একে, অৰ্থাৎ ২৫ দিন হ’ব।
কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে সোমবাৰে এই নতুন ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। তেওঁ জনায় যে, এতিয়াৰে পৰা ঘৰুৱা এলপিজি গ্ৰাহকে এটা চিলিণ্ডাৰ লোৱাৰ ২৫ দিন পিছতেই পৰৱৰ্তী চিলিণ্ডাৰৰ বাবে বুকিং কৰিব পাৰিব।
এই সিদ্ধান্তই বিশেষকৈ গ্ৰামাঞ্চলৰ গ্ৰাহকসকলক কিছু সকাহ দিব বুলি আশা কৰা হৈছে। কাৰণ, ইয়াৰ পূৰ্বে গ্ৰামাঞ্চলৰ গ্ৰাহকসকলে নতুন চিলিণ্ডাৰ বুকিং কৰিবলৈ ৪৫ দিন অপেক্ষা কৰিবলগীয়া হৈছিল।
উল্লেখযোগ্য যে, চলিত বছৰৰ আৰম্ভণিতে মধ্যপ্ৰাচ্যৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত যোগানৰ ওপৰত সৃষ্টি হোৱা চাপৰ সময়ত এলপিজিৰ চাহিদা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে চহৰ আৰু গ্ৰামাঞ্চলৰ গ্ৰাহকৰ বাবে পৃথক বুকিং ব্যৱধান নিৰ্ধাৰণ কৰিছিল।
২০২৬ চনৰ মাৰ্চ মাহত পেট্ৰ’লিয়াম মন্ত্ৰালয়ে চহৰাঞ্চলৰ গ্ৰাহকৰ বাবে ২৫ দিনৰ বুকিং ব্যৱধান নিৰ্ধাৰণ কৰাৰ বিপৰীতে গ্ৰামাঞ্চলৰ গ্ৰাহকৰ বাবে এই ব্যৱধান ৪৫ দিন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰত অনিশ্চয়তাৰ সৃষ্টি হোৱা সময়ছোৱাত এলপিজিৰ চাহিদা নিয়ন্ত্ৰণ কৰাৰ লগতে পৰ্যাপ্ত যোগান নিশ্চিত কৰাই আছিল এই ব্যৱস্থাৰ মূল উদ্দেশ্য।
এতিয়া দেশত ঘৰুৱা এলপিজিৰ যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত চৰকাৰে এই ব্যৱস্থাত পুনৰ পৰিৱৰ্তন আনিছে। পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ মতে, বৰ্তমান এলপিজিৰ উপলব্ধতা যথেষ্ট উন্নত হৈছে আৰু পূৰ্বৰ তুলনাত চিলিণ্ডাৰ লাভৰ বাবে অপেক্ষা কৰিবলগীয়া গ্ৰাহকৰ সংখ্যাও যথেষ্ট হ্ৰাস পাইছে।
নতুন নিয়মটো তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাৰ লগে লগে এতিয়াৰে পৰা সমগ্ৰ দেশৰ ঘৰুৱা এলপিজি গ্ৰাহকৰ বাবে ২৫ দিনৰ একেটা বুকিং ব্যৱধান প্ৰযোজ্য হ’ব। অৰ্থাৎ গ্ৰাহকজন চহৰাঞ্চলত বাস কৰে নে গ্ৰামাঞ্চলত, সেই অনুসৰি আৰু পৃথক নিয়ম নাথাকিব।