এডভাণ্টেছ আছাম ২.০ ৰ অধীনত অহা বিনিয়োগ প্ৰস্তাৱসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Nikunja Nath • 1 h ago
এডভাণ্টেছ আছাম ২.০ ৰ অধীনত অহা বিনিয়োগ প্ৰস্তাৱসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
এডভাণ্টেছ আছাম ২.০ ৰ অধীনত অহা বিনিয়োগ প্ৰস্তাৱসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
 
গুৱাহাটী
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত এখন বৈঠকত এডভাণ্টেজ আছাম ২.০ৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ জৰিয়তে অহা বিনিয়োগ প্রস্তাৱসমূহৰ অগ্রগতি আৰু কাৰ্যকৰীকৰণৰ বৰ্তমান স্থিতিৰ পৰ্যালোচনা কৰে।
 
বৈঠকত মুখ্যমন্ত্রী শৰ্মাই চিমেণ্ট, শক্তি আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত বিনিয়োগৰ অগ্ৰগতিৰ বুজ লয় আৰু বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানে গ্ৰহণ কৰা প্ৰকল্পসমূহৰ বৰ্তমান স্থিতিৰ পর্যালোচনা কৰে। তেওঁ সংশ্লিষ্ট কোম্পানীসমূহৰ বিষয়ববীয়াসকলৰ সৈতে বিশদ আলোচনাত মিলিত হৈ প্রকল্পসমূহ সময়মতে ৰূপায়ণৰ ক্ষেত্ৰত দেখা দিয়া প্রত্যাহ্বান আৰু বাধাসমূহৰ বিষয়ে বুজ লয়। 
 
বৈঠকত অম্বুজা চিমেণ্ট, ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্ট, আদানি চিমেণ্ট, এছএনভিএন গ্রীন এনার্জী লিমিটেড, হিন্দুজা গ্রুপ, গ্রেংকো এনার্জী প্রাইভেট লিমিটেড, নীপকো, এনএলচি ইণ্ডিয়া ৰিনিৱেলছকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ প্ৰস্তাৱিত প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়।
 
মুখ্যমন্ত্রীয়ে বৈঠকত কোম্পানীসমূহে উত্থাপন কৰা বিষয়সমূহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি সংশ্লিষ্ট বিভাগসমূহক দ্রুত আৰু সমন্বিতভাৱে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু প্ৰকল্প কাৰ্যকৰীকৰণত থকা বাধাসমূহ দূৰ কৰি প্ৰতিশ্রুতিবদ্ধ বিনিয়োগসমূহৰ ক্ষিপ্ৰ বাস্তৱায়নত সহায় কৰাৰ নিৰ্দেশ দিয়ে। প্রকল্প ৰূপায়ণত প্ৰভাৱ পেলোৱা সমস্যাসমূহ নির্দিষ্ট সময়ত সমাধান কৰাৰ বাবে চৰকাৰ আৰু বিনিয়োগকাৰীসকলৰ মাজত নিৰন্তৰ যোগাযোগ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
 

আন্তঃগাঁথনিগত সমস্যাই বিনিয়োগ প্রকল্পসমূহৰ অগ্রগতিত যাতে বাধাৰ সৃষ্টি নকৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে মূল পথৰ পৰা সংশ্লিষ্ট প্রকল্পস্থলীলৈ যোৱা পথসমূহ উন্নত কৰিবলৈ লোকনির্মাণ (পথ) বিভাগক নির্দেশ দিয়ে।
 
মুখ্যমন্ত্রী শর্মাই কয় যে এডভাণ্টেজ আছাম ২.০ৰ অধীনত কৰা বিনিয়োগৰ চুক্তিসমূহ নিৰ্ধাৰিত সময়ত বাস্তৱায়িত কৰি নিয়োগ সৃষ্টি, অর্থনৈতিক কার্যকলাপ বৃদ্ধি আৰু অসমৰ জনসাধাৰণৰ বাবে সুস্থিৰ সুযোগ সৃষ্টি কৰাটো চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। তেওঁ কয় যে এই প্রকল্পসমূহ সময়মতে কাৰ্যকৰী হ'লে ৰাজ্যখনৰ ঔদ্যোগিকীকৰণৰ গতি ত্বৰান্বিত হোৱাৰ লগতে অসমৰ আৰ্থ-সামাজিক উন্নয়ন অধিক শক্তিশালী হ'ব।
 
বৈঠকত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, মুখ্য সচিব ড০ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে কে দ্বিবেদী আৰু সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।