ঈদ আৰু ৰমজানত ছেৱাইৰ কোটি টকাৰ ব্যৱসায়; দেশজুৰি ছাহিদা বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
ডাঃ ফিৰদৌছ খান 
 
প্ৰতি বছৰে ঈদ আৰু ৰমজান মাহত ছেৱাইৰ ব্যৱহাৰ বৃদ্ধি পায়। সাধাৰণতে মানুহে এই ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে। কিন্তু বাস্তৱত ছেৱাইৰ বজাৰখন মানুহে ভবাতকৈ বহুত ডাঙৰ আৰু অধিক ব্যাপক। কিয়নো ছেৱাই কেৱল মুছলমান লোকসকলৰ উৎসৱতে সীমাবদ্ধ হৈ থকা খাদ্য নহয়। সম্প্ৰতি আন ধৰ্মৰ লোকসকলৰ বিশেষ অনুষ্ঠানসমূহতো ছেৱাই সেৱন কৰা পৰিলক্ষিত হয়। একেদৰে এই ব্যৱসায়ত কেৱল মুছলমান লোকেই নহয় অ-মুছলমান লোকসকলো জড়িত হৈ আছে। ভাৰতৰ ছেৱাইৰ বজাৰখন অতি বৃহৎ। এই ক্ষেত্ৰত দক্ষিণ ভাৰতীয় কোম্পানীসমূহৰ আৰ্থিক প্ৰভাৱ অধিক বুলি ধৰা হয়। কিন্তু উত্তৰ ভাৰতৰ ছেৱাইৰ উদ্যোগটোও পৰম্পৰাগত আৰু বিশুদ্ধ ছেৱাইৰ বাবে যথেষ্ট বিখ্যাত। 
 
তেলেংগানাৰ সিকন্দৰাবাদত অৱস্থিত বাম্বিনো এগ্ৰ’ ইণ্ডাষ্ট্ৰীজ লিমিটেডক দেশৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ ছেৱাই কোম্পানী বুলি গণ্য কৰা হয়। ইয়াৰ ছেৱাইৰ দৈৰ্ঘ্য আৰু গুণগত মানে ইয়াক অনন্য কৰি তোলে। দেশত ছেৱাইক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত ইয়াৰ যথেষ্ট অৰিহণা আছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ইয়াৰ আনুমানিক লেনদেন ₹৩৮০ কোটিৰ পৰা ₹৪০০ কোটিৰ ভিতৰত হোৱা বুলি অনুমান কৰা হৈছে। 
 
 
কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত এম টি আৰ 'ফুড্ছ মছলা' আৰু 'ৰেডি-টু-ইট ফুড'ৰ বাবে জনাজাত। কিন্তু ছেৱাই বজাৰত ইয়াৰ অংশীদাৰিত্ব যথেষ্ট শক্তিশালী। বিশেষকৈ ইয়াৰ ৰোষ্টেড ছেৱাইবোৰ চহৰীয়াৰ ঘৰবোৰত অতি জনপ্ৰিয়। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই কোম্পানীৰ মুঠ ৰাজহ ₹২৪০০ কোটিৰো অধিক আছিল, য'ত ছেৱাই এণ্ড পাষ্টাৰ ছেগমেণ্টৰ গুৰুত্বপূৰ্ণ অৱদান আছিল।
 
তামিলনাডুৰ ডিণ্ডিগুলত অৱস্থিত অনিল ফুডছ দক্ষিণ ভাৰতত ছেৱাইৰ অন্যতম আগশাৰীৰ নাম। এই ব্ৰেণ্ডটো ইয়াৰ পৰম্পৰাগত সোৱাদ আৰু বিশুদ্ধতাৰ বাবে জনাজাত। এই কোম্পানীটোৱে কেৱল ঘেঁহুৰ পৰাই নহয়, বৰঞ্চ বাজৰা আৰু ৰাগীৰ পৰাও ছেৱাই প্ৰস্তুত কৰে। ইয়াৰ বাৰ্ষিক ব্যৱসায় প্ৰায় ₹৫০০ কোটিৰ পৰা ₹৬০০ কোটিৰ ভিতৰত বুলি ধাৰণা কৰা হয়।
 
ডিণ্ডিগুলত অৱস্থিত ছেভাৰিত (Savourit) আন এক গুৰুত্বপূৰ্ণ ব্ৰেণ্ড। এই কোম্পানীটো পাষ্টা আৰু ছেৱাইৰ প্ৰস্তুতত বিশেষজ্ঞ। ইয়াৰ ছেৱাইবোৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু গুণগত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰখা হৈছে। ইয়াৰ আনুমানিক ব্যৱসায় প্ৰায় ₹১০০ কোটিৰ পৰা ₹১৫০ কোটিৰ ভিতৰত।
 
প্ৰতিনিধিত্বমুলক ফটো
 
ইয়াৰ বাহিৰেও আন কেইবাটাও কোম্পানীয়ে ছেৱাই বজাৰত নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে। উষোদয়া এণ্টাৰপ্ৰাইজেছৰ প্ৰিয়া ফুডছ আৰু আইটিচিৰ আশীৰ্বাদ ব্ৰেণ্ডৰ অধীনতো ছেৱাই উৎপাদন কৰা হৈছে। এই কোম্পানীসমূহৰ বাৰ্ষিক ব্যৱসায় কোটি টকাৰ ভিতৰত।
 
দিল্লীস্থিত ছেভাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে বিগত তিনিটা দশক ধৰি উত্তৰ ভাৰতৰ বজাৰত সক্ৰিয় হৈ আছে। ইয়াৰ উৎপাদিত সামগ্ৰী ৰাইজৰ মাজত অতি জনপ্ৰিয়। ইয়াৰ আনুমানিক ব্যৱসায় ₹৫০ কোটিৰ পৰা ₹১০০ কোটিৰ ভিতৰত। 
 
হাৰিয়ানাৰ ফৰিদাবাদত অৱস্থিত আৰ্বান ফ্ৰেছ এগ্ৰ’ ফুড প্ৰডাক্টছে কেৱল ঘেঁহু আৰু সুজিৰ পৰা তৈয়াৰী ছেৱাই প্ৰস্তুত কৰে। ইয়াৰ বাৰ্ষিক লেনদেন প্ৰায় ₹১ কোটিৰ পৰা ₹৫ কোটিৰ ভিতৰত। উত্তৰ প্ৰদেশৰ কানপুৰত অৱস্থিত হাফিজ-ই-ছাত্তাৰ ছানছ হৈছে এক প্ৰতিষ্ঠিত ব্ৰেণ্ড। এই কোম্পানীটো ইয়াৰ উচ্চমানৰ ছেৱাই বাবে পৰিচিত।
 
ইয়াৰ ব্ৰেণ্ড বেনাৰসী সেৱাই আৰু কিমামি সেৱাইৰ বাবে বিখ্যাত। ইয়াৰ ছেৱাই ইয়াৰ মিহি আকৰ্ষণীয় গঠন আৰু বিশুদ্ধতাৰ বাবে জনাজাত। এই ছেৱাই দেশৰ বহু চহৰলৈ ৰপ্তানি কৰা হয়, লগতে উপসাগৰীয় দেশ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও ৰপ্তানি কৰা হয়।
 
কোম্পানীটোৱে ইয়াৰ নিজৰ উৎপাদন সামগ্ৰীত কোনো ধৰণৰ কৃত্ৰিম ৰং বা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ নকৰে। যি ইয়াৰ গুণগত মানৰ প্ৰতীক। ৰমজান মাহত আৰু ঈদৰ দিনত ইয়াৰ চাহিদা ইমানেই বৃদ্ধি পায় যে, বজাৰত প্ৰায়ে ই দুৰ্লভ হৈ পৰে। ইয়াৰ বাৰ্ষিক ব্যৱসায় ₹২৬ লাখৰ পৰা ₹৫০ লাখৰ ভিতৰত হ’ব বুলি অনুমান কৰা হৈছে। 
 
প্ৰতিনিধিত্বমুলক ফটো
 
উত্তৰ প্ৰদেশৰ এলাহাবাদত অৱস্থিত দিলীপ ছেৱাই কেৱল সোৱাদৰ বাবেই নহয়, বলীউডৰ অভিনেতা দিলীপ কুমাৰৰ নামৰ বাবেও বিখ্যাত। ইয়াৰ প্ৰতিষ্ঠাপক মহম্মদ হানিফে প্ৰায় ৪৫ বছৰ পূৰ্বে মুম্বাই ভ্ৰমণ কৰি অভিনেতা দিলীপ কুমাৰক সাক্ষাৎ কৰিছিল আৰু তেওঁ তেওঁক নিজৰ ছেৱাই উপহাৰ হিচাপে দিছিল।
 
অভিনেতাগৰাকীয়ে ইয়াৰ সোৱাদটো ভাল পাইছিল আৰু ব্ৰেণ্ডটোৰ বাবে নিজৰ নাম আৰু ভাবমূৰ্তি ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছিল। বৰ্তমান এই কোম্পানীটো তেওঁৰ নাতি তৌফিক আহমেদ আৰু শ্বাহনৱাজে পৰিচালনা কৰি আছে। ৰমজান মাহত ইয়াৰ ছেৱাইৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ ছেৱাই দেশৰ বিভিন্ন ৰাজ্যৰ লগতে উপসাগৰীয় দেশসমূহলৈও ৰপ্তানি কৰা হয়। এই ব্ৰেণ্ডটো প্ৰিমিয়াম ছেগমেণ্টত পৰে আৰু স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত কোটি টকাৰ লেনদেন সৃষ্টি কৰে। 
 
উত্তৰ প্ৰদেশ, বেনাৰস, লক্ষ্ণৌ আৰু বিহাৰৰ পাটনাতো ছেৱাইৰ এক বৃহৎ ব্যৱসায় আছে। এই বজাৰখন ৰমজান আৰু ঈদৰ সময়ত শিখৰত উপনীত হয়, যদিও ইয়াৰ কোনো সঠিক চৰকাৰী তথ্য উপলব্ধ নহয়। কিয়নো এই খণ্ডটো বহুলাংশে অসংগঠিত। বিশেষজ্ঞসকলৰ মতে, ৰমজান মাহত দেশত মুঠ ছেৱাইৰ ব্যৱসায় প্ৰায় ₹১০০০ কোটিৰ পৰা  ₹১৫০০ কোটি হ’ব পাৰে। সাধাৰণ সময়ৰ তুলনাত ৰমজান মাহত ইয়াৰ চাহিদা ১০ৰ পৰা ১৫ গুণলৈ বৃদ্ধি পায়। 
 
খাদ্য বিশেষজ্ঞসকলে কয় যে, ৰমজান মাহত মুঠ FMCG বিক্ৰীৰ প্ৰায় ১৮-২০ শতাংশ কেৱল খাদ্য সামগ্ৰীৰ পৰাই আহে। ইয়াৰ ভিতৰত ছেৱাই, খেজুৰ, ফল-মূল আদি অন্তৰ্ভুক্ত হৈ আছে। উত্তৰ ভাৰতৰ কিছুমান চহৰত এই সময়ছোৱাত কোটি কোটি টকাৰ স্থানীয় ব্যৱসায়ৰ সৃষ্টি হয়।
 
প্ৰতিনিধিত্বমুলক ফটো
 
ঈদ আৰু ৰমজান মাহত প্ৰতিখন মুছলমান ঘৰতে ছেৱাই প্ৰস্তুত কৰা হয়। মিঠাইৰ দোকান, ৰেষ্টুৰেণ্ট, আৰু কেটাৰসকলেও শ্বীৰ খুৰমা আৰু কিমামি ছেৱাইৰ বাবে বৃহৎ পৰিমাণৰ সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ উপৰিও উপসাগৰীয় দেশসমূহলৈ বৃহৎ পৰিমাণৰ ছেৱাই ৰপ্তানি কৰা হয়। উত্তৰ ভাৰতৰ বজাৰৰ সৈতে মিলি এই ব্যৱসায়ৰ মূল্য ₹৫০০ কোটিৰো অধিক হয়। 
 
ছেৱাইৰ চাহিদা কেৱল মাত্ৰ মিহি ছেৱাইতে সীমাবদ্ধ নহয়। মোটা ছেৱাই বা নুডলছৰ চাহিদাও গোটেই বছৰজুৰি থাকে। যি নিমখীয়া ছেৱাই,  ইটালিয়ান আৰু চাইনিজ খাদ্যত ব্যৱহাৰ কৰা হয়। বিশেষকৈ ৰমজান মাহ আৰু ঈদৰ সময়ত মিহি ছেৱাইৰ চাহিদা যথেষ্ট বৃদ্ধি পায়। এই ধৰণৰ ছেৱাইৰ ব্যৱসায় উৎসৱ আৰু দৈনন্দিন জীৱন দুয়োটাতে বিভিন্ন ৰূপত সক্ৰিয় হৈ থাকে।
 
সমগ্ৰ দেশতে ছেৱাইৰ বজাৰখন ব্যাপক, বৈচিত্ৰপূৰ্ণ আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ আছে। এয়া কেৱল খাদ্যয়েই নহয়, সংস্কৃতি আৰু উৎসৱৰো অংশ হৈ পৰিছে। গুণগত মান, সোৱাদ আৰু পৰম্পৰাগত পদ্ধতিৰ বাবে এই সামগ্ৰীয়ে ভাৰতৰ প্ৰতিখন ঘৰতে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ এক সুকীয়া স্থান বজাই ৰাখিছে।