১ জুনৰ পৰা পুনৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী  
 
পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে সোমবাৰ অৰ্থাৎ ১ জুনৰ পৰা পুনৰ মূল্য বৃদ্ধি হয় ৰন্ধন গেছৰ৷ ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে দেশত৷ দিল্লীত এই চিলিণ্ডাৰৰ মূল্য ৪২ টকা বৃদ্ধি পোৱাৰ বিপৰীতে কলকাতাত এই চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে ৫৩.৫০ টকা। অৱশ্যে পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা ৰন্ধন গেছৰ দাম অপৰিৱৰ্তিত হৈ আছে৷
 
নতুনকৈ নিৰ্ধাৰণ কৰা নিৰিখ অনুসৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰৰ মূল্য দেশৰ ৰাজধানী দিল্লীত এতিয়া ৩,১১৩.৫০ টকা। কলকাতাত এই চিলিণ্ডাৰৰ দাম হৈছে ৩,২৫৫.৫০ টকা। অৱশ্যে ঘৰুৱা ৰন্ধন কাৰ্যত ব্যৱহৃত ১৪.২ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰ ৯১৩ টকাত মূল্যত ক্ৰয় কৰিছে গ্ৰাহকে।
 
গুৱাহাটী চহৰত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৫৪ টকাকৈ বৃদ্ধি পাইছে। বৰ্তমান এই চিলিণ্ডাৰৰ দাম হৈছে ৩,৩৪৭ টকা। আনহাতে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হৈছে ৯৬২ টকা। ইফালে ৰাজধানী দিল্লীত ৫ কিলোগ্ৰাম ওজনৰ এলপিজি চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি পাইছে ১১ টকাকৈ। বৰ্তমান এই চিলিণ্ডাৰৰ দাম হৈছে ৮২১.৫০ টকা। ১ জুনৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ।
 
উল্লেখ্য যে, যোৱা ১ মে'ত দেশজুৰি ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছিল। অপ্ৰত্যাশিতভাৱে ৯৯৩ টকাকৈ বৃদ্ধি পাইছিল এই চিলিণ্ডাৰৰ মূল্য। কেন্দ্ৰীয় চৰকাৰে কৌশলগত মজুতৰ জৰিয়তে ভাৰতৰ ইন্ধন সুৰক্ষা শক্তিশালী কৰাৰ লগতে পেট্ৰ’লিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন যোগান সুনিশ্চিত কৰাৰ বাবে কাম কৰি আছে বুলি কোৱাৰ কিছুদিন পিছতে শেহতীয়া মূল্য সংশোধন কৰা হৈছে।