নতুন দিল্লী
তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য। এইবাৰ প্ৰতিটো এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে ২৯ টকাকৈ। ঘৰুৱা ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে। আজি অৰ্থাৎ ৭ জুন দেওবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন মূল্য।
এই শেহতীয়া মূল্যবৃদ্ধিৰ পিছত দিল্লীত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৯১৩ টকাৰ পৰা ৯৪২ টকালৈ বৃদ্ধি পাইছে। ৭ মাৰ্চত তেল কোম্পানীসমূহে প্ৰতি চিলিণ্ডাৰত এলপিজিৰ মূল্য ৬০ টকা বৃদ্ধি কৰাৰ পিছত পুনৰ মূল্য বৃদ্ধি কৰা হৈছে। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বাবে বিশ্ব শক্তি বজাৰত ব্যাঘাত জন্মিছে, যাৰ ফলত এই মূল্য বৃদ্ধি পাইছে।
ইফালে, বৃহস্পতিবাৰে আন্তঃমন্ত্ৰালয়ৰ ব্রিফিঙত ভাষণ দি পেট্ৰ'লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ যুটীয়া সচিব সুজাতা শর্মাই কয় যে, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু আমদানি নিশ্চিত কৰাকে ধৰি এলপিজিৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে কেতবোৰ পদক্ষেপ হাতত লৈছে৷
সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, "যদিলৈকে ঘৰুৱা ৰন্ধন এলপিজি চিলিণ্ডাৰৰ ‘আণ্ডাৰ ৰিকাভাৰী’ (খৰচ আৰু বিক্ৰীৰ মূল্যৰ মাজৰ পাৰ্থক্য)ৰ কথা আহিছে, এতিয়াও ই প্ৰায় ৭০০ টকাৰ ভিতৰত আছে।"
শৰ্মাই শেহতীয়াকৈ এলপিজিৰ চাহিদা হ্ৰাস পোৱাৰ কেইবাটাও কাৰণ উল্লেখ কৰে, য’ত বাণিজ্যিক আৰু ঔদ্যোগিক ব্যৱহাৰকাৰীৰ ব্যৱহাৰ কম, বুকিং চক্ৰৰ উন্নতি আৰু প্ৰযুক্তিভিত্তিক ডেলিভাৰী প্ৰমাণীকৰণ চামিল হৈ আছে।
তেওঁ লগতে কয়,"বাণিজ্যিক আৰু ঔদ্যোগিক এলপিজিৰ ব্যৱহাৰ হ্ৰাস পোৱাৰ বাবেই এই নাটনি হৈছে। দ্বিতীয় কাৰণটো হ'ল আমি পৰিচালনা কৰা বুকিঙৰ সময়সীমা অৰ্থাৎ ২৫ দিন আৰু ৪৫ দিন। আৰু তৃতীয় কাৰণটো হৈছে ডিএচি (ডেলিভাৰী অথেণ্টিকেচন ক'ড)ৰ সৈতে জড়িত ডেলিভাৰী।"