পুনৰ দেশত হ্রাস পালে সোণ-ৰূপৰ মূল্য

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
মধ্যপ্রাচ্য যুদ্ধ অব্যাহত থকাৰ সময়তে পুনৰ দেশত হ্রাস পালে সোণৰ মূল্য। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েচনৰ মতে শুকুৰবাৰে দেশত ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য ৩,২৬৩ টকা হ্রাস পাই হয়গৈ ১,৪৩,০০০ টকা। ইয়াৰ পূৰ্বে যোৱা বুধবাৰে এই মূল্য আছিল ১,৪৬,০০০ টকা। 
 
ইপিনে এক কিলো ৰূপৰ দাম ১৩,১৬৭ টকা হ্রাস পাই হ'লগৈ ২.২২ লাখ টকা। ইয়াৰ পূর্বে যোৱা ২৫ মার্চত প্রতিকেজি ৰূপৰ মূল্য আছিল ২.৩৫ লাখ টকা। 
 
আমেৰিকা, ইৰাক, ইৰান যুদ্ধৰ বাবে যোৱা ২৮ দিনত সোণৰ মূল্য ১৬,১৫৫ টকা আৰু ৰূপৰ মূল্য ৪৫,০৫৩ টকা হ্রাস পায়। উল্লেখযোগ্য যে,  সোণ-ৰূপৰ মূল্য ঠাইভেদে ভিন ভিন। 
 
এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়াৰ যাতায়াতৰ খৰচ, সুৰক্ষাৰ ক্ষেত্ৰত বহন কৰা ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰি চহৰভেদে সোণ-ৰূপৰ মূল্যৰ মাজত প্রভেদ থাকে। 
 
ৰাজধানী দিল্লীত প্রতি দহ গ্রাম সোণৰ মূল্য হ'লগৈ ১,৪৪,৮৬০ টকা। আনহাতে মুম্বাইত এই মূল্য হয়গৈ ১,৪৪,৭১০ টকা। অসমৰ গুৱাহাটীত আজি ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ মূল্য হ'লগৈ ১,৪৪,০৭১ টকা।


শেহতীয়া খবৰ