আৱাজ দ্য ভইচ/ নতুন দিল্লী
জামিয়া হামদাৰ্দ বিশ্ববিদ্যালয় আজি কেৱল ভাৰততে নহয়, বৰঞ্চ বিশ্বৰ অন্যতম মৰ্যাদাপূৰ্ণ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান দখল কৰিছে। শেহতীয়াকৈ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেচাৰ ড০ এম. আফছাৰ আলমে 'আৱাজ দ্য ভইচ'ৰ সংবাদ দাতা আমিনা মজিদৰ সৈতে এক বিশেষ বাৰ্তালাপত মিলিত হয়। এই কথোপকথনৰ সময়ত তেওঁ বিশ্ববিদ্যালয়খনৰ সফলতাৰ ৰহস্য, ভৱিষ্যতৰ প্ৰত্যাহ্বান আৰু প্ৰযুক্তিৰ বৰ্ধিত প্ৰভাৱৰ বিষয়ে বিস্তাৰিতভাৱে নিজৰ মতামত ব্যক্ত কৰে।
প্ৰফেচাৰ আলমে স্পষ্ট কৰি দিয়ে যে যিকোনো প্ৰতিষ্ঠানৰ সফলতাৰ আঁৰত আটাইতকৈ ডাঙৰ হাত থাকে 'নেতৃত্ব' (Leadership) আৰু 'নিয়ন্ত্ৰণৰ' (Regulation)। তেওঁ কয় যে জামিয়া হামদাৰ্দে ইউজিচিৰ (UGC) নিয়মসমূহ সম্পূৰ্ণৰূপে মানি চলিছে আৰু প্ৰশাসনত স্বচ্ছতা আনিছে।
VIDEO
ৰেংকিঙত ধাৰাবাহিক উন্নতি আৰু গৱেষণাত গুৰুত্ব
জামিয়া হামদাৰ্দে শেহতীয়া বছৰবোৰত নিজৰ ৰেংকিঙত ব্যাপক উন্নতি সাধন কৰিছে। প্ৰফেচাৰ আলমে আনন্দ প্ৰকাশ কৰি জনায় যে ২০২৬ বৰ্ষৰ কিউএছ (QS) ৰেংকিঙত ফাৰ্মাচী বিষয়ত বিশ্ববিদ্যালয়খনে ১৫ তম স্থান লাভ কৰিছে। এনআইআৰএফ (NIRF) ৰেংকিঙতো ফাৰ্মাচী বিভাগ এক নম্বৰ স্থানত আছে। তেওঁ গৌৰৱেৰে কয় যে আজি জামিয়া হামদাৰ্দে বহুকেইখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক চেৰ পেলাই শীৰ্ষ ১০০ খনৰ তালিকাত স্থান লাভ কৰিছে।
বিশ্ববিদ্যালয়খনৰ এই সফলতাৰ কৃতিত্ব
তেওঁ গৱেষণা আৰু মানসম্পন্ন শিক্ষাৰ বিনিয়োগত মনোনিবেশ কৰিছে। প্ৰফেচাৰ আলমে জনায় যে আজি জামিয়া হামদাৰ্দে ডিএছটি (DST) ফিষ্টৰ পৰা অভিলেখ পৰিমাণৰ পুঁজি লাভ কৰিছে। ইয়াৰ লগতে আইচিএমআৰৰ (ICMR) কেইবাটাও ডাঙৰ প্ৰকল্প ইয়াত চলি আছে। ভাৰত চৰকাৰে ইয়াত ইউনানী চিকিৎসাৰ বাবে 'চেণ্টাৰ ফৰ এক্সেলেন্স' আৰু টেলিকম খণ্ডতো গৱেষণা কেন্দ্ৰৰ দায়িত্ব অৰ্পণ কৰিছে।
আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI) সম্পৰ্কে বিশেষজ্ঞৰ মতামত
কম্পিউটাৰ বিজ্ঞানৰ শিক্ষক হোৱাৰ বাবে প্ৰফেচাৰ আলমে এআই সম্পৰ্কে অতি গম্ভীৰ আৰু গভীৰ মন্তব্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ মালয়েছিয়াত 'এআই এণ্ড ল' (AI and Law) বিষয়ত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ পৰা উভতি অহা উপাচাৰ্যগৰাকীয়ে কয় যে বৰ্তমান সময়ত এআই শিক্ষাৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে। আপুনি এআইক মানুহৰ পৰা সম্পূৰ্ণৰূপে পৃথক কৰিব নোৱাৰে।
জামিয়া হামদাৰ্দ বিশ্ববিদ্যালয়
তেওঁ কয়, "এআইৰ এপ্লিকেচনসমূহ উন্নত সিদ্ধান্ত ল’বলৈ ব্যৱহাৰ কৰিব লাগে, কিন্তু ইয়াৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰাটো ভুল। প্ৰযুক্তিক ইতিবাচক কামৰ বাবে ব্যৱহাৰ কৰক, নেতিবাচকতাৰ বাবে নহয়।" এই উদ্দেশ্যৰেই জামিয়া হামদৰ্দত এটা 'ইণ্টাৰডিচিপ্লিনেৰী চেণ্টাৰ ফৰ এআই' স্থাপন কৰা হৈছে, য’ত বিভিন্ন বিভাগে একেলগে মিলি গৱেষণাৰ কাম কৰি আছে।
কেৱল ডিগ্ৰী নহয়, ব্যক্তিত্ব বিকাশাহে প্ৰাথমিকতা
প্ৰফেচাৰ আলমৰ মতে কেৱল ডিগ্ৰী লাভ কৰাটোৱেই শিক্ষাৰ প্ৰকৃত উদ্দেশ্য নহয়। এজন শিক্ষাৰ্থীৰ মানসিক আৰু দূৰদৰ্শী বিকাশ তেতিয়াহে হ’ব পাৰে যেতিয়া তেওঁ পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপত (Extra Curricular Activities) অংশগ্ৰহণ কৰে। তেওঁ জনায় যে জামিয়া হামদাৰ্দত 'কালচাৰেল কাৰৱা' আয়োজন কৰা হৈছে, য’ত ২৪ টা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইয়াত বাইত-বাজী, নাত প্ৰতিযোগিতা আৰু একক সংগীতৰ দৰে অনুষ্ঠান অন্তৰ্ভুক্ত আছে।
বিশ্ববিদ্যালয়খনে শেহতীয়াকৈ নিজৰ ক্ৰীড়া সমাৰোহ সম্পন্ন কৰিছে। প্ৰফেচাৰ আলমে কয়, "আমি বিচাৰো যে আমাৰ ছাত্ৰ-ছাত্ৰীসকল কেৱল কিতাপৰ মাজতে আৱদ্ধ নাথাকক। তেওঁলোক দেশৰ এজন দায়িত্বশীল আৰু নিষ্ঠাবান নাগৰিক হৈ উঠক। সেইবাবেই আমি ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক মহোৎসৱৰ ওপৰত বিশেষ গুৰুত্ব দিওঁ।"
সংস্থাপন আৰু উদ্যোগৰ সৈতে সমন্বয়
বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল 'এমপ্লয়েবিলিটি' অৰ্থাৎ চাকৰি লাভ কৰাৰ যোগ্যতা। প্ৰফেচাৰ আলমে কয় যে জামিয়া হামদাৰ্দে কেৱল সেইবোৰ পাঠ্যক্ৰমহে আৰম্ভ কৰে যিবোৰ উদ্যোগ-কেন্দ্ৰিক (Industry oriented)। বিশ্ববিদ্যালয়খনে শেহতীয়াকৈ আইন, ফুড টেকন’লজী, পুষ্টি (Nutrition) আৰু কম্পিউটেচনেল মেথমেটিক্সৰ দৰে কেইবাটাও নতুন আৰু জনপ্ৰিয় প্ৰগ্ৰেম আৰম্ভ কৰিছে।
ইয়াৰ উপৰিও কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, ৰাজহুৱা নীতি (Public Policy) আৰু ফেডাৰেল ষ্টাডিজৰ দৰে পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে, যাতে তেওঁলোকে সহজে চাকৰি লাভ কৰিব পাৰে। তেওঁ জনায় যে বিশ্ববিদ্যালয়ৰ হাতত চিএজি (CAG) অডিট ৰিপৰ্ট আপডেট হৈ আছে আৰু সম্পত্তি বা আয়কৰ সংক্ৰান্তীয় কোনো বিষয় পৰি থকা নাই। প্ৰশাসন সম্পূৰ্ণ স্বচ্ছ।
অনলাইন শিক্ষা আৰু ভৱিষ্যত পৰিকল্পনা
পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাই জামিয়া হামদাৰ্দে অনলাইন পাঠ্যক্ৰমৰ ক্ষেত্ৰতো আধিপত্য বিস্তাৰ কৰিছে। ইউজিচিৰ অনুমতিৰ সৈতে আজি ইয়াত প্ৰায় আঢ়ৈ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এমবিএ (MBA), এমচিএ (MCA) আৰু বিচিএৰ (BCA) দৰে পাঠ্যক্ৰম অনলাইনযোগে কৰি আছে। প্ৰফেচাৰ আলমে নিজেই এই প্ৰগ্ৰেমসমূহ নিৰীক্ষণ কৰে যাতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নহয়।
কথা-বতৰাৰ শেষত তেওঁ জনায় যে বিশ্ববিদ্যালয়খনৰ লক্ষ্য অতি স্পষ্ট। তেওঁলোকে কেৱল এজন ভাল পেছাদাৰী ব্যক্তি গঢ়িব নিবিচাৰে, বৰঞ্চ এনে নাগৰিক গঢ়িব বিচাৰে যি দেশৰ প্ৰতি উৎসৰ্গিত হ’ব। এনচিচি (NCC), এনএছএছ (NSS) আৰু ক্ৰীড়াৰ ক্ষেত্ৰত জামিয়া হামদাৰ্দৰ উপস্থিতি ইয়াৰেই প্ৰমাণ। কাশ্মীৰৰ ছয়খন জিলাৰ শিশুসকলক দিল্লীলৈ মাতি আনি ইয়াৰ পৰিৱেশৰ সৈতে পৰিচয় কৰাই দিয়াটোও এই সামাজিক দায়িত্বৰ অংশ আছিল।
প্ৰফেচাৰ আফছাৰ আলমৰ নেতৃত্বত জামিয়া হামদাৰ্দে কেৱল শিক্ষাই নহয়, বৰঞ্চ সামাজিক সম্পৰ্ক আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। তেওঁৰ কথাৰ পৰা ই স্পষ্ট যে স্বচ্ছতা, গুণগত মানদণ্ড আৰু সঠিক নেতৃত্বইহে যিকোনো প্ৰতিষ্ঠানক শিখৰলৈ লৈ যায়।