মধ্য প্ৰাচ্যৰ যুদ্ধৰ ফলত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য; প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ২ টকাকৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী 
 
মধ্য প্ৰাচ্যত হোৱা যুদ্ধৰ ভয়ংকৰ প্ৰভাৱ পৰিছে ভাৰতত৷  ভাৰতত প্ৰিমিয়াম পেট্ৰ'লৰ দাম মাজনিশাৰ পৰা প্ৰতি লিটাৰত ২.৩৫ টকাকৈ বৃদ্ধি পালে৷ ফলত ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেড আৰু ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেশ্যন লিমিটেডে বিক্ৰী কৰা এক্সপি ৯৫ পেট্ৰ’ল, পাৱাৰ পেট্ৰ’ল আৰু স্পীড পেট্ৰ’লৰ ইন্ধনৰ দাম বৃদ্ধি পালে৷
 
আনহাতে, ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেডে ঔদ্যোগিক ডিজেলৰ মূল্য প্ৰায় ২৫ শতাংশলৈ বৃদ্ধি কৰিছে৷ পেট্ৰ'লিয়াম পৰিকল্পনা আৰু বিশ্লেষণ কোষৰ (পি পি এ চি) তথ্য অনুসৰি, ভাৰতৰ ঔদ্যোগিক ডিজেল ক্ষেত্ৰত পৰিৱৰ্তনৰ দিশে গতি কৰিছে৷ য'ত ডিজেলৰ মূল্যৰ হুৰাহুৰে বৃদ্ধি পাইছে আৰু ব্যৱহাৰ কৰা পৰিৱৰ্তন দেখা গৈছে৷ এই সম্পৰ্কে তেল বিপণন কোম্পানীসমূহে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২২.০২ টকা পৰ্যন্ত বৃদ্ধি কৰিছে৷ দিল্লীতো প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ১০৯.৫৯ টকা৷
 
বিশ্বত কেঁচা তেলৰ মূল্য বৃদ্ধিৰ লগতে পশ্চিম এছিয়াত ৰাজনৈতিক উত্তেজনাৰ বাবে ইন্ধন মূল্য বৃদ্ধি পাইছে৷ উল্লেখ্য যে, ভাৰতত উদ্যোগ ক্ষেত্ৰত মুঠ ডিজেল ব্যৱহাৰৰ হয় প্ৰায় ১০–১৫ শতাংশ আৰু ৮৫–৯০% খুচুৰা বিপণিৰ জৰিয়তে বিক্ৰী কৰা হয় ডিজেল৷ ২০২২–২৩ বিত্তীয় বৰ্ষত ডিজেলৰ মুঠ ব্যৱহাৰ ৮৫.৯ মিলিয়ন মেট্ৰিক টন (এমএমটি), যিটো ২০২৩–২৪ বিত্তীয় বৰ্ষত ৮৯.৬ এমএমটিলৈ বৃদ্ধি পাইছিল। ২০২৪–২৫ বিত্তীয় বৰ্ষত প্ৰায় ৯১.৪ এমএমটি ডিজেল ব্যৱহাৰ কৰা হৈছে বুলি অনুমান কৰা হৈছে৷
 
ইয়াৰ ভিতৰত ঔদ্যোগিক ক্ষেত্ৰত ডিজেলৰ চাহিদা '২৩ৰ বিত্তীয় বৰ্ষত ৮.৬–১২.৮ এমএমটিৰ পৰা '২৪ বিত্তীয় বৰ্ষত ৮.৯–১৩.৪ এমএমটি আৰু '২৫ বিত্তীয় বৰ্ষত প্ৰায় ৯–১৩.৫ এমএমটি ডিজেল ব্যৱহাৰ হৈছে৷ ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ এক তথ্য অনুসৰি, ভাৰতত ডিজেলৰ ব্যৱহাৰ ৪.৩% বৃদ্ধি পাইছে৷ ২০২৫–২৬ চনৰ সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ বাবে ডিজেলৰ চাহিদা প্ৰায় ২.৮% বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে, যিয়ে অৰ্থনৈতিক বৃদ্ধিৰ ধাৰা অনুসৰি সুস্থিৰ বুলি ধাৰণা কৰিছে৷