অসমত আৰম্ভ হব ড্রোন লজিষ্টিক সেৱা

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী
 
ড্রোনৰ যোগেদি লজিষ্টিক সেৱা প্রদানকাৰী প্রতিষ্ঠান স্কাই এয়াৰ ম’বিলিটিয়ে আৰম্ভ কৰিছে ড্রোন লজিষ্টিক সেৱা। প্ৰাৰম্ভিক পর্যায়ত প্ৰতিষ্ঠানটোৱে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে ড্রোনৰ যোগেদি প্রয়োজনীয় ঔষধ যোগান প্ৰক্ৰিয়া। দেশৰ অন্যান্য প্রাপ্তৰ লগতে শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে কেৰালাত এষ্টাৰ নিমছ হাস্পতালৰ সহযোগত ড্রোনৰ যোগেদি ঔষধ যোগান প্রক্রিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। 
 
কেৰালাৰ আৰিক'ডত থকা এষ্টাৰ মাৰ্ডাৰ হাস্পতালৰ পৰা ৩২ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ড্রোনেৰে ঔষধ যোগান ধৰিব স্কাই এয়াৰ ম'বিলিটিয়ে। এই সন্দৰ্ভত প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া অংকিত কুমাৰে কয় যে ইতিমধ্যে তেওঁলোকে ড্রোন ডেলিভাৰী পৰীক্ষণ সম্পূৰ্ণ কৰিছে। আধুনিক প্রযুক্তি ব্যৱহাৰেৰে স্বাস্থ্য খণ্ডক আগুৱাই নিয়াৰ প্ৰয়াসেৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বেংগালুৰুতো এই সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে প্রতিষ্ঠানটোৱে। 
উল্লেখ্য যে ড্রোনৰ যোগেদি এবাৰত ৫ কিলোগ্ৰামৰ সামগ্রী যোগান ধৰিব পৰা যায়। আনহাতে একক বেটাৰিৰে ৩০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব এই ড্রোনে। মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে তেওঁলোকে অসমতো এই সেৱা আৰম্ভ কৰাৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। ইয়াৰ বাবে অসমত প্রয়োজনীয় আন্তঃগাঁথনিৰ লগতে অন্যান্য চৰকাৰী দনৰ ক্ষেত্ৰত কাম কৰা বুলি তেওঁ মন্তব্য কৰিছে। অসমৰ লগতে হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডত এই সেৱা আৰম্ভ কৰিব স্কাই এয়াৰ ম'বিলিটিয়ে। 
উল্লেখ্য যে সমগ্র এছিয়াৰ ভিতৰতে ড্রোনৰ বজাৰৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ভাৰত। ২০২৫ চনলৈ ড্র'ন ডেলিভাৰি সেৱাৰ যোগেদি ভাৰতৰ স্থান প্রথমলৈ উন্নীত হ'ব বুলি আশা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে। অলপতে এয়াৰ কাৰ্গ' ইণ্ডিয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰি অংকিত কুমাৰে কয় যে অচিৰেই ড্রোনৰ পৰিবহণ ক্ষমতা ৬ কিলোগ্ৰামলৈ বৃদ্ধি কৰাৰ লগতে একক বেটাৰিৰ ক্ষমতা ১০০ কিলোমিটাৰলৈ বৃদ্ধি পাব। ড্রোনেৰে চিকিৎসা সামগ্ৰী যোগান প্ৰক্ৰিয়া ত্বৰান্বিত হ’লৈ ভাৰতৰ খণ্ড বহুখিনি আগুৱাই যাব বুলি তেওঁ মন্তব্য কৰিছে। 
 
ইফালে উত্তৰাখণ্ডৰ এখন সৰু চহৰ উত্তৰ কাশীৰ পৰা ডেৰাডুনলৈ খাদ্য-সামগ্রী যোগান প্রক্রিয়াও ত্বৰান্বিত কৰা হৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে অসমত ড্রোনেৰে সামগ্রী যোগান প্রক্রিয়া কার্যকৰী হ'লে স্বাস্থ্য খণ্ডত অভূতপূর্ব পৰিবর্তন সাধন হ'ব।