ইণ্ডাছইণ্ড বেংকৰ ডেৰিভেটিভ একাউণ্টৰ বেমেজালি; এদিনতে ২৭ শতাংশ হ্ৰাস পালে শ্বেয়াৰ মূল্য

Story by  atv | Posted by  [email protected] • 1 Months ago
ইণ্ডাছইণ্ড বেংকৰ ডেৰিভেটিভ একাউণ্টৰ বেমেজালি
ইণ্ডাছইণ্ড বেংকৰ ডেৰিভেটিভ একাউণ্টৰ বেমেজালি
 
নতুন দিল্লী
 
বিভিন্ন সমস্যাই আগুৰি ধৰিছে ব্যক্তিগত খণ্ডৰ বেংক প্রতিষ্ঠান ইণ্ডাছইণ্ড বেংক। সোমবাৰে এক্সচেঞ্জ ফাইলিঙত এক আভ্যন্তৰীণ পর্যালোচনাত ডেৰিভেটিভ প'র্টফলিঅ'ত একাউন্টিং ডিস্ক্রিপেন্সি অর্থাৎ বেমেজালিৰ কথা পোহৰলৈ আহে। এই কথা প্রকাশৰ পিচতে মঙলবাৰে ইণ্ডাছইও বেংকৰ শ্বেয়াৰ মূল্য ২৭ শতাংশ হ্রাস পায়।
 
উক্ত দিনা বেংক প্রতিষ্ঠানটোৰ শ্বেয়াৰ মূল্য ২৪৩ টকা হ্রাসেৰে ৬৫৬.৮০ টকাত বন্ধ হয়। ২০২০ৰ নৱেম্বৰৰ পিচত এনেদৰে এদিনতে সর্বাধিক হাৰত হ্রাস পাইছে ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰ মূল্য। আভ্যন্তৰীণ পর্যালোচনাত বেংক প্রতিষ্ঠানটোৱে পূর্বে বিদেশী মুদ্রাৰ লেনদেনৰ সৈতে জড়িত হে'জিং ব্যয় কমকৈ ধৰি লেনদেনৰ হিচাপ প্রকাশ কৰিছিল।
 
এই কথা পোহৰলৈ অহাৰ পিচতে আগত সময়ছোৱাত ইণ্ডাছইণ্ডে ১৬০০-২০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বিজার্ভ বেংকৰ দ্বাৰা বেংক প্রতিষ্ঠানটোৰ ডেৰিভেটিভত আপডেট কৰাৰ নিৰ্দেশনাৰ পিচত যোৱা ছেপ্টেম্বৰ আৰু অক্টোবৰৰ ভিতৰত এনেধৰণৰ বেমেজালি চিনাক্ত কৰা হয়।
 
বেংক প্রতিষ্ঠানটোৱে পৰিচালনমণ্ডলীৰ বৈঠকৰ পিচত ১০ মার্চত এক্সচেঞ্জ ফাইলিঙত এই কথা অৱগত কৰে। উল্লেখযোগ্য যে বিগত এবছৰত বেংক প্রতিষ্ঠানটোৰ শ্বেয়াৰ মূল্য ৫৬ শতাংশ হ্রাস পাইছে।