শিল্পী নুৰুদ্দিন আহমেদৰ পুনৰ চমক; ৫০০০ বছৰ পুৰণি মায়া সভ্যতাক জীৱন্ত কৰি তুলিলে গুৱাহাটীৰ দুৰ্গাপূজাত

Story by  Munni Begum | Posted by  Munni Begum • 6 Months ago
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদে (বাওঁফালে) আৰু ৫০০০ বছৰ পুৰণি মায়া সভ্যতাৰ মূল মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা পূজাৰ পেণ্ডেল (সোঁফালে)
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদে (বাওঁফালে) আৰু ৫০০০ বছৰ পুৰণি মায়া সভ্যতাৰ মূল মন্দিৰৰ আৰ্হিত প্ৰস্তুত কৰা পূজাৰ পেণ্ডেল (সোঁফালে)
 
মুন্নী বেগম / গুৱাহাটী 
 
শাৰদীয় দুৰ্গা পূজাত পুনৰবাৰ অসমৰ ৰাইজৰ মন আৰু ভক্তি জয়ী কৰিবলৈ সাজু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ। তেওঁ প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজা পেণ্ডেলবোৰ শোভিত কৰা মা দুৰ্গা দেৱীৰ কেইবাটাও প্ৰতিমা নিৰ্মাণ কৰি আহিছে আৰু এইবেলিও কোনো ব্যতিক্ৰম নহয়। কিয়নো প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি মায়া সভ্যতাৰ এক আভাস দিয়াৰ প্ৰয়াসেৰে গুৱাহাটী মহানগৰীৰ বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপৰ লগতে পেণ্ডেল বিশেষ আকৰ্ষনীয়কৈ নিৰ্মান কৰিছে শিল্পী আহমেদে।   
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পী নুৰুদ্দিন আহমেদে কয়, "পৃথিৱীৰ সাতটা আশ্বৰ্য্যৰ ভিতৰত অন্যতম এটা হৈছে মায়া সভ্যতা। মায়া সভ্যতাৰ সৈতে ভাৰতৰ হিন্দু সভ্যতাৰো সম্পৰ্ক আছে। নৱপ্ৰজন্মৰ লগতে আমিও মায়া সভ্যতাৰ বিষয়ে নাজানো। মই ভাবো এই বিষয়ে আমি সকলোৱে জনা উচিত। কিয়নো এই সভ্যতাই আজিও আমাৰ মাজত যথেষ্ট গুৰুত্ব বহন কৰি আহিছে। কাৰণ আমি বৰ্তমান যিখন কেলেণ্ডাৰ ব্যৱহাৰ কৰি আছো সেইখন সেই পাঁচ হাজাৰ বছৰ পুৰণি মায়াং কেলেণ্ডাৰৰ পৰা প্ৰস্তুত কৰা। সেয়েহে এইবাৰ পূজাৰ বিষয়বস্তু হিচাপে মই এই অতি পুৰণি মায়া সভ্যতাটোকে বাচি লৈছো।" 
 
 
সৰুৰে পৰা শিল্প কলাৰ প্ৰতি আকৰ্ষিত নুৰুদ্দিন আহমেদে ১৯৭৫ চনৰ পৰা হিন্দু ধৰ্মাৱলম্বী দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ আৰু চিত্ৰাংকন কৰি অহিছে। ইছলামত যিহেতু মূৰ্তি উপাসনা নিষিদ্ধ, সেয়েহে আৰম্ভণিতে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু বৰ্তমান হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ কামক আকোঁৱালি লৈছে আৰু প্ৰশংসা কৰি আহিছে। 
 
নুৰুদ্দিন আহমেদে কয়, "আমি প্ৰতিবছৰে দুৰ্গা পূজাৰ পেণ্ডেলবোৰ দৰ্শকৰ বাবে আকৰ্ষনীয়কৈ নিৰ্মান কৰি আহিছো। ইতিমধ্যে পৃথীৱিৰ সাতটা আশ্বৰ্য্যৰ ভিতৰত আমি তিনিটা আশ্বৰ্য্য নিৰ্মান কৰিছো। ইয়াৰ পূৰ্বে আমি তাজমহল, কলচিয়াম আৰু দ্য গ্ৰেট চাইনা ৱাল নিৰ্মান কৰিছিলো। আৰু এইবাৰ চতুৰ্থবাৰৰ বাবে মায়া সভ্যতাৰ আৰ্হি নিৰ্মান কৰিছো।" 
 
মায়া সভ্যতাৰ ৰজাৰ মূৰ্তি
 
হিন্দু ধৰ্মীয় বৰ্ষপঞ্জিৰ প্ৰতিটো অনুষ্ঠান উপলক্ষে যোৱা ৪৮ বছৰ ধৰি দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণ কৰি অহা শিল্পী নুৰুদ্দিনৰ পুত্ৰও এই শিল্পকৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। প্ৰতিবছৰে আহমেদে নিৰ্মান কৰা পূজাৰ পেণ্ডেলৰ ডিজাইনৰ ক্ষেত্ৰত তেওঁৰ পুত্ৰ দীপ আহমেদে সহযোগিতা প্ৰদান কৰি আহিছে। এইবাৰৰ বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ পেণ্ডেল ডিজাইন আৰু  প্ৰদৰ্শনীৰ কাম আহমেদৰ পুত্ৰৰ নিৰিক্ষণতে সম্পন্ন হৈছে। 
 
মায়া সভ্যতাৰ এক মূৰ্তি
 
এই সন্দৰ্ভত দীপ আহমেদে কয়, "মই পূজাৰ পেণ্ডেলৰ ডিজাইন আৰু প্ৰদৰ্শনীৰ কাম কৰি আছো। এইবাৰৰ পূজা পেণ্ডেলটো মায়া সভ্যতাৰ মূল মন্দিৰৰ আৰ্হিত নিৰ্মান কৰা হৈছে। ইয়াত যিমান সম্ভৱ মায়া সভ্যতাৰ সম্পূৰ্ণ আভাস দিয়াৰ প্ৰয়াস কৰিছো। আমি মায়া সভ্যতাৰ কলা-সংস্কৃতি, জীৱনশৈলী আদি বিতংভাৱে প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছো। যাৰ জৰিয়তে দৰ্শকক এই অতি পুৰণি সভ্যতাৰ যুগলৈকে লৈ যোৱাৰ এক সামন্য প্ৰচেষ্টা।" 
 
মায়া সভ্যতাৰ লোকে জন্তুৰ বাবে প্ৰস্তুত কৰা ফান্দৰ এক আৰ্হি প্ৰস্তুত কৰি থকা এক দৃশ্য
 
মায়া সভ্যতা মায়া লোকসকলৰ দ্বাৰা বিকশিত এক প্ৰাচীন মেছো-আমেৰিকান সভ্যতা। এই সভ্যতা প্ৰাক-কলম্বিয়ান আমেৰিকাৰ আটাইতকৈ অত্যাধুনিক আৰু উচ্চ বিকশিত লিখন প্ৰণালী চিত্ৰশাব্দিক লিপিৰ লগতে ইয়াৰ কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ বাবে প্ৰখ্যাত। মায়া সভ্যতা বৰ্তমানৰ দক্ষিণ-পূব মেক্সিকো, সমগ্ৰ গুৱাটেমালা তথা বেলিজ, হণ্ডুৰাছ আৰু এল চালভাডৰৰ পশ্চিম প্ৰান্তত বিকশিত হৈছিল। তেওঁলোকে বৰ্তমান বৰ্তি থকা ২৮টাতকৈও অধিক মায়া ভাষা কয় আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ দৰে প্ৰায় একে ঠাইতে বাস কৰি আছে। 
 
মায়া সভ্যতাৰ লোকৰ আৰ্হিত নিৰ্মিত মূৰ্তি
 
দীপ আহমেদে কয়, "যিহেতু মায়া সভ্যতা বহুত প্ৰগতিশীল সভ্যতা আছিল, সেই সময়তে তেওঁলোকৰ অভিযান্ত্ৰিক দিশ, কলা, স্থাপত্য, গণিত, দিনপঞ্জী তথা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ এক বিস্তৃত পৰিসৰত আছিল। মায়া সভ্যতাৰ মূল মন্দিৰটোৰ একেবৰে ওপৰত চালে দেখা যায় মায়াং কেলেণ্ডাৰখন। যিখন অতি গুৰুত্বপূৰ্ণ হয়। কিয়নো আজিও সেই খনকে ভিত্তি কৰি অন্য কেলেণ্ডাৰবোৰ প্ৰস্তুত কৰি অহা হৈছে। এই সকলোবোৰ দিশ সামৰি আমি এইবাৰৰ পূজাৰ পেণ্ডেলত প্ৰদৰ্শন কৰিছো তেওঁলোকৰ জীৱনশৈলী, জীৱিকা নিৰ্বাহ আৰু নিজৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা চিকাৰৰ ফান্দ, তেওঁলোকৰ ৰজা আৰু প্ৰজাৰ বৈঠক। মায়া সভ্যতাৰ লোকে যিহেতু যাদুবিদ্যাত বিশ্বাস কৰিছিল, সেয়েহে আমি পূজাৰ পেণ্ডেলত উৰি থকা এটা চৰিত্ৰও প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছো।" 
 
মায়া সভ্যতাৰ লোকৰ আৰ্হিত নিৰ্মিত মাটিৰ মূৰ্তি
 
মায়া সভ্যতাৰ ইতিহাসক তিনিটা প্ৰধান যুগত ভগোৱা হয়। এইকেইটা ক্ৰমে প্ৰাক্-ধ্ৰুপদী, ধ্ৰুপদী আৰু উত্তৰ-ধ্ৰুপদী কাল। পৌৰাণিক যুগৰ পিছতেই এই সময়ছোৱাৰ আৰম্ভনি হৈছিল আৰু এই কালছোৱাত প্ৰাথমিক গাঁওসমূহ স্থাপন হোৱাৰ লগতে কৃষিকাৰ্যৰ উন্মেষ হৈছিল। আধুনিক কালৰ পণ্ডিতসকলে এই কালবিভাজনসমূহক সাংস্কৃতিক পৰিক্ৰমা বা পতনতকৈও মায়া সময়পঞ্জীৰ অনিয়মীয়া বিভাজন বুলিহে মত প্ৰকাশ কৰে। প্ৰায় ২৫০ খৃষ্টাব্দৰ পৰা আৰম্ভ হোৱা ধ্ৰুপদী কালত মায়াসকলে দীঘলীয়া তাৰিখৰ সৈতে ভাস্কৰ্য সম্বলিত স্মাৰক নিৰ্মাণ কৰিছিল। 
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাত দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ বাবে উৰি থকা এটা চৰিত্ৰৰ প্ৰদৰ্শন
 
দীপ আহমেদে কয়, "পূজাৰ পেণ্ডেলৰ কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰায় দুমাহ সময়ৰ প্ৰয়োজন হৈছিল। পেণ্ডেল নিৰ্মান কামৰ বাবে  ৩০-৪০ জন থলুৱা কাৰিকৰে দৈনিক কাম কৰি আহিছে। আমাৰ তাত নলবাৰী, ছয়গাও, বৰপেটা আদি ঠাইৰ কাৰিকৰ জড়িত হৈ আছে। আমি পেণ্ডেল নিৰ্মানৰ বাবে কাঠ, বাঁহ, প্লাইউড, গচৰ ডাল, ইটা, চিমেণ্ট, বালি, মাটি, খেৰ, থাৰ্মক'ল, চিন্থেটিক ৰং, ব্যৱহাৰ কৰিছো। আমাৰ পেণ্ডলটো মায়া সভ্যতাৰ মূল মন্দিৰৰ লেখিয়াকৈ নিৰ্মান কৰা হৈছে।"
 
মায়া সভ্যতাৰ লোকসকলে জীৱিকা নিৰ্বাহ আৰু নিজৰ নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰা চিকাৰৰ ফান্দ
 
দীপ আহমেদে লগতে কয়, "পেণ্ডেলটো উচ্চতা ৯০ ফুট আৰু বহল ৭০ ফুট। পেণ্ডেলৰ শীৰ্ষত মায়াং কেলেণ্ডাৰৰ আৰ্হি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰোপৰি সকলোবোৰ বাস্তৱৰ ৰূপ এটা দিয়াৰ বাবে ইয়াত আমি জুই আৰু পানী ব্যৱহাৰ কৰিছো। পেণ্ডেলৰ ভিতৰত আৰু বাহিৰত পূজালৈ আগমন ঘটা দৰ্শকোৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত স্বেচ্ছাসেৱকৰ (volunteer) ব্যৱস্থাও কৰিছো। তদুপৰি পুজা পেণ্ডেলৰ ভিতৰত শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰো ব্যৱস্থা কৰা হৈছে। এই পূজা পেণ্ডলৰ মুঠ বাজেট হৈছে ২৫ লাখ টকা। ইয়াৰে ১৫ লাখ পেণ্ডল নিৰ্মানৰ বাবে আৰু অন্যন্য খৰচ ১০ লাখ টকা।" 
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মান কৰি থকাৰ এক দৃশ্য
 
বিষ্ণুপুৰ বিমলানগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ সমিতিৰ সাংস্কৃতিক সম্পাদক বিকি ৰয়ে কয়, "প্ৰতিবছৰে আমাৰ পূজালৈ হাজাৰ হাজাৰ ভক্ত তথা দৰ্শনাৰ্থীৰ সমাগম ঘটে। প্ৰতিবাৰে আমি দৰ্শকৰ বাবে কিবা এটা বিশেষ কৰাৰ চেষ্টা কৰি আহিছো। এইবাৰো আমাৰ পূজা অন্য পূজাৰ তুলনাত ব্যতিক্ৰম কৰাৰ প্ৰয়াস কৰিছো। আমাৰ পূজা ষষ্ঠীৰ দিনা উদ্বোধন কৰা হৈছে। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে মুকলি কৰিছে। ইয়াৰোপৰি পূজা সমিতিৰ তৰফৰ পৰা জিএমচিয়ে যি যি নিৰ্দেশনা জাৰি কৰিছে, সেয়া সকলো আমি মানি পূজা সম্পন্ন কৰাৰ আশা কৰিছো।"