আৰিফুল ইছলাম / গুৱাহাটী
আজান পীৰে ৰচনা কৰা জিকিৰৰ এক সুকীয়া পৰিচয় আছে। সুদূৰ বাগদাদৰ পৰা আহি অসমীয়া ভাষা শিকি অসমীয়া কলা সংস্কৃতিৰ লগত মিলি জিকিৰ ৰচনা কৰিছিল আজান পীৰে। পবিত্ৰ কোৰান আৰু হাদিছৰ বাণীসমূহ জিকিৰ আকাৰে মানুহৰ মাজত বিলাই দিছিল আজান পীৰে। হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰ, ভাতৃত্ববোধ আৰু অসমীয়া সংস্কৃতিৰো দৰ্শন পোৱা যায় তেওঁ ৰচনা কৰা জিকিৰৰ মাজত। কিন্তু অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ জিকিৰসমূহ এতিয়া যেন হেৰাই যোৱাৰ পথত। বিশেষকৈ কেৱল উজনি অসমতহে জিকিৰ প্ৰচাৰিত। কিন্তু তাৰ তুলনাত নামনি অসমত জিকিৰৰ জনপ্ৰিয়তা একেবাৰে নথকাৰ দৰেই। তথাপিও বিভিন্নজন শিল্পীয়ে সমগ্ৰ অসমত বিশেষকৈ নামনি অসমত জিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আছে। তাৰে ভিতৰত অন্যতম মহম্মদ আজিমুদ্দিন আহমেদ।
শিৱসাগৰ জিলাৰ ধাইআলিত ১৯৬৬ চনত জিকিৰ শিল্পী আজিমুদ্দিন আহমেদৰ জন্ম। ল'ৰালিৰ পৰা আহমেদে এজন জিকিৰ আৰু জাৰী শিল্পী হিচাপে তেওঁৰ পৰিক্ৰমা আৰম্ভ কৰে। আজিমুদ্দিন আহমেদে ১৯৭৭ চনত প্ৰথম জিকিৰ গাইছিল। তেতিয়াৰে পৰা তেওঁ জিকিৰৰ ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত। তেওঁ অসমৰ বিভিন্ন ঠাইত কৰ্মশালা কৰাৰ উপৰিও জিকিৰ প্ৰচাৰ আৰু সংৰক্ষণত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। শিল্পী আহমেদ ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰৰ এজন নিয়মীয়া শিল্পী। শিল্পী আহেমেদে ৰাজ্যৰ বিভিন্ন উৎসৱ, অনুষ্ঠানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত জিকিৰ আৰু জাৰী পৰিৱেশন কৰি আহিছে। তেওঁ জিকিৰ আৰু জাৰীৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন ঠাইত কর্মশালা আৰু আলোচনা চক্ৰও পৰিচালনা কৰি আহিছে। আজান পীৰৰ জিকিৰ আৰু জাৰীৰ মূল ৰূপটো উদ্ধাৰৰ বাবে আহমেদে একাণপতীয়াকৈ গৱেষণা কার্যত ব্ৰতী হৈ আহিছে।
জিকিৰ বুলি কলে সাধাৰণতে উজনি অসমৰ কথাই বেছিকৈ কব পাৰি। কাৰণ জিকিৰৰ চৰ্চা প্ৰায় উজনি অসমতে হয়। কিন্তু নামনি অসমত জিকিৰৰ জনপ্ৰিয়তা খুবেই কম আৰু জিকিৰ বুলি কলে অন্য জিকিৰসুৰীয়া গীতবোৰকে জিকিৰ বুলি একাংশ শিল্পীয়ে বিকৃত ৰূপত প্ৰচাৰ কৰি আছে। জিকিৰত যিকোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰি আৰু সুৰ সলনি কৰিবও নোৱাৰি। কিন্তু বৰ্তমান একাংশ শিল্পীয়ে নিজে লিখি, সুৰ কৰি, বিভিন্ন বাদ্যযন্ত্ৰ সংযোজন কৰি জিকিৰ গীতক ধ্বংসৰ পথলৈ ঠেলি দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা বৰগীত যেনেকৈ অন্য ব্যক্তিয়ে নিজে লিখিব নোৱাৰে তেনেকৈয়ে জিকিৰকো অন্য ব্যক্তিয়ে লিখিব নোৱাৰে। আজান পীৰে ৰচনা কৰা গীতবোৰহে প্ৰকৃত জিকিৰ।
আজিমুদ্দিন আহমেদে গুৱাহাটীত এখন জিকিৰ কৰ্মশালা পৰিচালনা কৰি আছে
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জিকিৰ শিল্পী আজিমুদ্দিন আহমেদে কয়: "১৯৭৮ চনত মই প্ৰয়াত ৰেকিবুদ্দিন আহমেদ চাৰৰ সংস্পৰ্শ পাইছিলোঁ। তেওঁ যেতিয়া জিকিৰ পৰিবেশন কৰিছিল সকলোৱে মুগ্ধ হৈ পৰিছিল। জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদক প্ৰথম লগ পোৱাৰ দিনাই মই সাৱটি ধৰিছিলোঁ। জিকিৰৰ প্ৰতি অনুপ্ৰেৰণা মই তেখেতৰ পৰাই পাইছিলোঁ। ৰেডিঅ'ত সদায় তেওঁৰ জিকিৰ শুনিছিলোঁ। জিকিৰ সম্ৰাট ৰেকিবুদ্দিন চাৰৰ দৰে দ্বিতীয়জন হয়তো নোলাব।"
জিকিৰৰ জনপ্ৰিয়তা নামনি অসমৰ তুলনাত উজনি অসমত বেছি। নামনি অসমত জিকিৰ জনপ্ৰিয়তা তথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰৰ কৰিবলগীয়া কাম বিষয়ে তেওঁ কয়: "নামনি অসমৰ কিছু কিছু ঠাইত মই কৰ্মশালা কৰিছোঁ। ৰঙিয়া, মঙ্গলদৈ আৰু গুৱাহাটীত কৰ্মশালা কৰিছোঁ। নলবাৰী আৰু বৰপেটাত এই মাহতে কৰ্মশালা আয়োজন কৰিছে আৰু মোক আমন্ত্ৰণ কৰিছে। বিশেষকৈ নামনি অসমত কিছু শিল্পীয়ে জিকিৰ নিজেই লিখি আৰু সুৰ কৰি উলিয়াইছে। যাৰ ফলত জিকিৰৰ সংজ্ঞা সলনি হৈছে। আজান পীৰে যি জিকিৰ ৰচনা কৰি থৈ গৈছিল সেইসমূহে হ'ল জিকিৰ। ইয়াক নতুনকৈ লিখিব বা সুৰ কৰিব নোৱাৰে। আজান পীৰতকৈ আমি বেছি মুছলমান নহয় বা আমি তেওঁতকৈ আমি বেছি অসমীয়া নহয়। বৰগীতৰ ক্ষেত্ৰত শংকৰ সংঘই যেনেকৈ কাম কৰি আছে তেনেকুৱা ইছলামিক তেনেকুৱা কোনো সংঘ নাই। ধাৰ্মিক অনুষ্ঠান হে আছে। কিন্তু সাংস্কৃতিক ক্ষেত্ৰখনৰ তেনেকুৱা একো নাই। নামনি অসমত বিশেষকৈ কৰ্মশালা আৰু জিকিৰ সম্পৰ্কীয় অনুষ্ঠান আয়োজন কৰাৰ প্ৰয়োজন আছে।"
জিকিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ বিষয়ে সোধাত শিল্পীগৰাকীয়ে কয়: "তেওঁ যেতিয়া বিভিন্ন ঠাইত জিকিৰ উদ্ধাৰৰ বাবে গৈছিল তেতিয়া আমাৰ ওচৰে-পাজৰৰ অঞ্চলত আহিলে মইও গৈছিলোঁ। জিকিৰ অসমীয়া সংস্কৃতিৰ অংগ হিচাপে যিমান প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগিছিল সিমান হোৱা নাই। প্ৰয়াত মহিবুল হুছেইনৰ 'আজান পীৰ' নামেৰে এখন প্ৰথম জিকিৰৰ পুথি প্ৰকাশ পাইছিল। চৈয়দ আব্দুল মালিকৰ কিতাপ 'জীৱৰ সাৰথি নাম' আৰু 'অসমীয়া জিকিৰ আৰু জাৰি' এই তিনিখন কিতাপত প্ৰায় ৮০ টা মান জিকিৰ লিপিবদ্ধ কৰা হৈছিল। তাৰপিছত এতিয়ালৈ জিকিৰ লিপিবদ্ধ হোৱা নাই। সেইসময়ত আজান পীৰৰ বহু অনুৰাগীয়ে বিশ্বাস কৰিছিল যে এই জিকিৰ লিখিব নাপাই আৰু সেইবাবেই হয়তো প্ৰায় ১৬০ টা জিকিৰৰ অধিকাংশই লিপিবদ্ধ নহয়।"
জিকিৰ শিল্পী আজিমুদ্দিন আহমেদে অসমত বিশেষকৈ নামনি অসমত জিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেওঁ গুৱাহাটীত থকাৰ ফলত নামনি অসমত কৰ্মশালা আয়োজন কৰাটো সুবিধা হৈছে। আৱাজ দ্যা ভইছৰ সাক্ষ্যৎকাৰত তেওঁ কৈছে যে জীয়াই থকালৈ সমগ্ৰ অসমৰ আকাশে বতাহে জিকিৰৰ প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে কাম কৰি যাব।