শ্মশান নিৰ্মাণ কৰিবলৈ মাটি দান কৰিলে আজিমুল্লাহ শ্বেইখে

Story by  atv | Posted by  Munni Begum • 1 Years ago
আজিমুল্লাহ শ্বেইখ আৰু শ্মশান নিৰ্মাণ কৰিবলৈ তেওঁ দান কৰা ভূমি
আজিমুল্লাহ শ্বেইখ আৰু শ্মশান নিৰ্মাণ কৰিবলৈ তেওঁ দান কৰা ভূমি
কুলেন্দু কলিতা / বকো
 
অসমৰ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত তুৰুকপাৰা গাঁৱৰ বাসিন্দা ৯৫ বছৰীয়া মহম্মদ আজিমুল্লাহ শ্বেইখে শেহতীয়াকৈ স্থানীয় ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ এখন শ্মশান নিৰ্মাণ কৰিবলৈ অঞ্চলটোৰ হিন্দু পৰিয়ালক নিজৰ ১.৫ কঠা মাটি দান কৰি মহানুভৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰিছে। 
 
তুৰুকপাৰা গাঁও উন্নয়ন কমিটিৰ উপদেষ্টা ইন্দ্ৰজিৎ বড়োৱে কয় যে শ্বেইখৰ উৎকৃষ্ট মানৱ সেৱাৰ বাবে আমি চিৰদিন কৃতজ্ঞ হৈ ৰ'ম। কিয়নো, ইছলাম ধৰ্মাৱলম্বী হোৱাৰ পিছতো তেওঁ হিন্দুৰ বাবে শ্মশান নিৰ্মাণ কৰিবলৈ নিজৰ মাটি দান কৰিছে।
পূর্বে সেই অঞ্চলত কোনোধৰণৰ শ্মশান নাছিল, সেয়ে অঞ্চলটোৰ স্থানীয় লোকসকলে মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল৷ এতিয়া মহম্মদ অজিমুল্লাহ ছেইখৰ পৰা মাটি লাভৰ পিছত অঞ্চলটোৰ হিন্দু পৰিয়ালসমূহে বৃহৎ সকাহ অনুভৱ কৰিছে।
মনকৰিবলগীয়া যে, তুৰুকপাৰা গাঁৱত প্ৰায় ৩০০টা হিন্দু, ৩০টা মুছলিম আৰু ১০টা খ্ৰীষ্টান পৰিয়াল একেলগে বসবাস কৰে। উল্লেখ কৰিব লাগিব যে, শ্বেইখৰ ৫জন পুত্ৰ আৰু ৩গৰাকী কন্যা আছে, আৰু তেওঁলোকে শ্মশানৰ বাবে মাটি দান কৰিবলৈ পিতৃয়ে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে।
 
 
শ্বেইখৰ সৰু পুত্ৰ আৰিফ হুছেইনে কয় যে তেওঁলোকে এনেকুৱা এক অঞ্চলত বাস কৰে, য'ত হিন্দু আৰু ইছলাম ধৰ্মৰ লোক সকলো একেলগে বাস কৰে। গতিকে হিন্দু বাসিন্দাসকলৰ বাবে মাটি দান কৰাত তেওঁলোকৰ কোনো আপত্তি নাই। 
 
আজিমুল্লাহ শ্বেইখে শ্মশানৰ বাবে দান কৰা ভূমি 
 
"উপযুক্ত ভূমিৰ অভাৱৰ বাবে স্থানীয় হিন্দু পৰিয়ালবোৰে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত অসুবিধাৰ সন্মুখীন হৈছিল। যেতিয়া স্থানীয় লোকসকলে মাটিৰ বাবে অনুৰোধ কৰিছিল, মোৰ দেউতাই শ্মশানৰ বাবে ভূমি দান কৰিছিল। আমি স্থানীয় হিন্দু লোকসকলক সহায় কৰি অত্যন্ত সুখী''।- আৰিফে লগতে এইদৰে কয়।
 
গাওঁবাসীৰ সৈতে আজিমুল্লাহ শ্বেইখৰ কথোপকথনৰ এক দৃশ্য
 
শ্বেইখে কয় যে যেতিয়া মানুহে তেওঁলোকৰ সমস্যাৰ বিষয়ে কৈছিল, তেওঁ বৰ দুখ অনুভৱ কৰিছিল। সেয়েহে তেওঁ লগে লগে নিজৰ মাটি দান কৰিবলৈ সন্মত হৈছিল। প্ৰায় ৬০ বছৰ আগতে তেওঁ বকোৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ বাবে ৰাজ্য চৰকাৰক ১০ বিঘা ভূমি দান কৰিছিল বুলিও শ্বেইখে জানিবলৈ দিয়ে।