ইৰফান পাথানৰ পত্নী ছাফা বেইগে ৰন্ধা সুস্বাদু হায়দৰাবাদী হালীমৰ সোৱাদ ল'লে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে

Story by  atv | Posted by  Munni Begum • 10 d ago
সুস্বাদু হায়দৰাবাদী হালীমৰ সোৱাদ ল'লে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে
সুস্বাদু হায়দৰাবাদী হালীমৰ সোৱাদ ল'লে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে
 
মুম্বাই
 
কিম্বদন্তি ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাথানৰ পত্নী ছাফা বেইগে ৰন্ধা সুস্বাদু হায়দৰাবাদী হালীমৰ সোৱাদ লৈছে।  
 
শেহতীয়াকৈ ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰা ছাফা বেইগে ছ’চিয়েল মিডিয়াত নিজৰ ৰান্ধনীশালৰ দক্ষতা প্ৰদৰ্শন কৰি খাদ্যপ্ৰেমী আৰু চেলিব্ৰিটিৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। 
 
ফটো শ্বেয়াৰিং প্লেটফৰ্মটোত তেওঁ প্ৰথমটো 'আস্ক মি এনিথিং'  চেচন পৰিচালনা কৰিছিল, য'ত  তেওঁক এজন ব্যৱহাৰকাৰীয়ে সুধিছিল, “আপুনি শচীন তেণ্ডুলকাৰ ছাৰৰ বাবে কিবা ব্যঞ্জন ৰান্ধিছে নেকি?”
 
 
এই কথাত ছাফা বেইগে উত্তৰ দিলে, "হয় ৰান্ধিছো! সেয়া আছিল হায়দৰাবাদী হালীম। শচীন টেণ্ডুলকাৰ আৰু তেওঁৰ পত্নী অঞ্জলি তেণ্ডুলকাৰে প্ৰেৰণ কৰা এখন টোকা শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, 'হালিমৰ বাবে বহুত বহুত ধন্যবাদ! হালীম সুস্বাদু আছিল। শচীন, অঞ্জলি, চাৰা আৰু অৰ্জুনৰ তৰফৰ পৰা  বহুত মৰম থাকিল'।"  
 
ছাফা বেইগ হায়দৰাবাদৰ হৈ যদিও আৰু চৌদি আৰৱৰ জেদ্দাত ডাঙৰ-দীঘল হৈছিল। হায়দৰাবাদী সংস্কৃতিৰ সৈতে থকা তেওঁৰ সংযোগ তেওঁৰ ৰান্ধনীশালৰ দক্ষতাৰ জৰিয়তে জিলিকি উঠিছে আৰু হালীমে টেণ্ডুলকাৰ পৰিয়ালত সুকীয় স্থান লাভ কৰাটো কোনো আচৰিত কথা নহয়। 
 
 
পবিত্ৰ ৰমজান মাহত পৰম্পৰাগতভাৱে উপভোগ কৰা হায়দৰাবাদী হালীমে এতিয়া বছৰজুৰি জনপ্ৰিয়তা লাভ কৰিছে, চহৰখনৰ নিৰ্বাচিত খাদ্যৰ বিপণিসমূহে খাদ্যপ্ৰেমীসকলক এই সুস্বাদু খাদ্য আগবঢ়াই আহিছে। মাংস, ঘেঁহু আৰু মছলাৰ সুগন্ধি মিশ্ৰণে হায়দৰাবাদৰ চহকী খাদ্যৰসিক পৰম্পৰাৰ সোৱাদ বিচৰা খাদ্যপ্ৰেমীসকলৰ বাবে হায়দৰাবাদী হালীম এক অন্যতম সুস্বাদু খাদ্য হৈ পৰিছে।