ছৌদি আৰৱত সকলো ভিছাধাৰীৰ বাবে উমৰাহ মুকলি

Story by  atv | Posted by  [email protected] • 10 d ago
ছৌদি আৰৱত সকলো ভিছাধাৰীৰ বাবে উমৰাহ মুকলি
ছৌদি আৰৱত সকলো ভিছাধাৰীৰ বাবে উমৰাহ মুকলি
 
ছৌদি
 
উমৰাহ হজ কৰিব বিচৰা লোকসকলৰ বাবে সুখবৰ। ছৌদি আৰব চৰকাৰে শেহতীয়াকৈ এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা যিকোনো ধৰণৰ ভিছা থকা ব্যক্তিয়ে মক্কাত গৈ উমৰাহ (নফল হজ) সম্পন্ন কৰিব পাৰিব।
 
ছৌদি আৰৱৰ হজ আৰু উমৰাহ মন্ত্ৰালয়ে উল্লেখ কৰিছে যে এতিয়া মুছলমানসকলে যিকোনো স্থানৰ পৰা আৰু যিকোনো প্ৰৱেশ ভিছাৰে উমৰাহ হজৰ বাবে মক্কালৈ আহিব পাৰিব। যাৰ ফলত হজযাত্ৰীসকলৰ যথেষ্ট সুবিধা হ'ব আৰু শান্তিপূৰ্ণ ভাৱে হজ সম্পন্ন কৰিব পাৰিব।  
 
মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে ব্যক্তিগত, পাৰিবাৰিক, ট্ৰেনজিট, শ্ৰমিক, ই-ভিছাকে ধৰি সকলো ভিছাধাৰীয়ে উমৰাহত অংশগ্ৰহণ কৰিব পাৰিব।
 
উমৰাহৰ অভিজ্ঞতাক সুশৃংখলিত কৰিবলৈ মন্ত্ৰালয়ে হজযাত্ৰীসকলক উমৰাহৰ অনুমতি পত্ৰ লাভ কৰিবলৈ নুছুক এপ ব্যৱহাৰ কৰিবলৈ আৰু মক্কাৰ উমৰাহ সম্পন্ন কৰাৰ বাবে নিৰ্দিষ্ট সময় মানি চলিবলৈ পৰামৰ্শ দিছে।
 
চলিত হিজৰী ১৪৪৫, ২০২৪ চনৰ বাবে উমৰাহ হজযাত্ৰীসকলৰ যাত্ৰাৰ অন্তিম তাৰিখ ৬ জুন, যিটো ধু আল-কাদাহৰ ২৯ তাৰিখৰ সৈতে মিল খায়।
 
শেহতীয়া বছৰবোৰত ছৌদি আৰবে বিদেশৰ  মুছলমানসকলৰ বাবে উমৰাহ পালনৰ বাবে বিভিন্ন সুবিধা প্ৰৱৰ্তন কৰিছে।
 
বছৰত এবাৰ হোৱা হজ্জৰ দৰে উমৰাহ পবিত্ৰ চহৰ মক্কা আৰু মদীনাত থকা ইছলামৰ দুটা পবিত্ৰ স্থানলৈ হজযাত্ৰা কৰিবলৈ বছৰৰ যিকোনো সময়তে যাব পাৰে।