বেষমা : খিলঞ্জীয়া দেশী মুছলমান সকলৰ ৰঙালী বিহু

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
দেশী মুছলমান শিল্পীসকলে ৰঙালী বিহুৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছে
দেশী মুছলমান শিল্পীসকলে ৰঙালী বিহুৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছে
  আশ্বিক উজ জামান
 
দেশী জনগোষ্ঠী অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাৰ স্থানীয় মুছলমান লোকসকল অসমৰ এক অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। লিখিত ঐতিহাসিক তথ্য মতে ১২০৬ চনত বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত স্থানীয় মেচ জনগোষ্ঠীৰ ৰজাই ইছলাম ধৰ্ম গ্ৰহনৰ জৰিয়তে 'দেশী মুছলমান’ জনগোষ্ঠীৰ জন্ম হয়। বখতিয়াৰ খিলজীৰ চৰকাৰী ঐতিহাসিক মিনহাজ আল চিৰাজে তেওঁৰ কিতাপ তাবাকাত ই নাচিৰিত ধৰ্মান্তৰিত মেচ ৰজা জনৰ নাম 'আলি মেচ' বুলি উল্লেখ কৰিছিল। দেশীসকলে আলি মেচক আদি পুৰুষ হিচাপে অভিহিত কৰে, যদিও এই জনগোষ্ঠীৰ মূল স্ৰোতটো কিন্তু কোচ-ৰাজবংশী জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত। বিশেষকৈ মধ্যযুগত কোচ ৰজা চক্ৰধ্বজ সিংহৰ ইছলাম ধৰ্ম গ্ৰহন আৰু ছুফি সাধক (পাঁচ পীৰ) সকলৰ সাম্য-সম্প্ৰীতিৰ বাণীৰ প্ৰতি আকৃষ্ট হৈ বহু স্থানীয় কোচ-ৰাজবংশী মানুহ ইছলাম ধৰ্ম গ্ৰহন কৰে। 'দেশী' আৰু কোচ-ৰাজবংশী সকলৰ দৈহিক গঠন, ভাষা, গীত-মাত, পিন্ধন-উৰণ, খাদ্য অভ্যাস আৰু ৰূপ কথাকে আদি কৰি সামাজিক ৰীতি-নীতিৰ, কৃষ্টি-সংস্কৃতিত থকা মিলৰ বাবে ব্ৰিটিছ সকলে ১৮৭২ চনত কৰা প্ৰথম লোকপিয়লত অবিভক্ত গোৱালপাৰা জিলাৰ দেশী সকলক 'কোচ-মুছলমান' হিচাপে সন্নিৱিষ্ট কৰিছিল।    
 
বসন্তৰ আগমনৰ লগে লগে অসমৰ আন খিলঞ্জীয়া জনগোষ্ঠীৰ দৰে দেশী সকলেও নিজস্ব স্বকীয়তাৰে বিহু উৎসৱ পালন কৰে। বড়ো সকলৰ 'বৈছাগু', ৰাভা সকলৰ 'বৈষু', কোচ-ৰাজবংশী সকলৰ 'বিষুমা'ৰ দৰে 'দেশী' সকলৰো বিহুক  কোৱা হয় 'বেষমা'। চ’ত মাহৰ শেষৰ দিনা আৰম্ভ হয় বাবে ইয়াক কেতিয়াবা 'চৈত-বৈষ্ণে' বুলিও কোৱা হয়।
 
দেশী জনজাতীয়সকলৰ এটা লোক নৃত্য
 
বেষমা মূলত দুদিনীয়া। প্ৰথম দিনা অৰ্থাৎ চৈত- বৈষ্ণেৰ দিনা গৰু-বিহুৰ নিচিনাই, ঢল পুৱাতে সকলো মানুহ শোৱাপাটিৰ পৰা উঠে  আৰু গাওঁৰ পুৰুষসকল একেলগ হৈ বনলৈ যায়। আনহাতে মহিলাসকল ঘৰ-দুৱাৰ-পদূলী পৰিস্কাৰ কৰাত ব্যস্ত হৈ পৰে। বনৰ পৰা পুৰুষসকলে 'বিলাই হাচৰা', 'বগা হাচৰা' (শতমূল), কছলত (দ্ৰোন), নৰসিংহ, বিহ ঢেঁকীয়া, ভাটি গছৰ পাত, ভাং গছৰ ডাল, বেতৰ পাত, হালধিৰ পাত, কাণশিয়া গছ, নিমৰ ডাল আদি বিভিন্ন ঔষধি গুণ থকা পাত-লতা সংগ্ৰহ কৰি আনে। এই পাত-লতাসমূহ ভালকৈ ধুই মৰাপাতেৰে মুঠি বন্ধা হয়। ইয়াক কোৱা হয় "বিষ কাটালী"।  তাৰ পাছত পৰিস্কাৰ ঘৰ-চোতাল, পদূলিমুখত বিষ কাটালীৰে পানী ছটিয়াই দিয়া হয়। এনেকুৱা কৰিলে ঘৰ আৰু গৃহস্থ 'চৈতেৰ বাও'ৰ পৰা ৰক্ষা পৰে। ফলত আগন্তুক গ্ৰীষ্মত বেমাৰ-আজাৰ নহয় বুলি বিশ্বাস কৰা হয়। পানী ছটিওৱা হলে 'বিষ-কাটালী'ৰ মুঠিটোক দুৱাৰৰ ওপৰত আঁৰি থোৱা হয়। 
ইপিনে বনৰ পৰা অনা বাহকা তিতা, চিৰতা তিতা আদিৰ পাত থেতেলিয়াই ৰস উলিয়াই মহিলাসকলে এবিধ তিতা পানীয় তৈয়াৰ কৰে। সেই তিতা পানীয় পৰিয়ালৰ সকলোৱে খালি পেটে সেৱন কৰিব লাগে। ইয়াক 'তিতা খোৱা' বুলি কোৱা হয়। তিতা খোৱা পৰ্ব শেষ হ’লে পৰিয়ালৰ সকলোৱে মিলি  'সাত-মিশেলী' খোৱা হয়। 'সাত-মিশেলী' অৰ্থাৎ চাউল, গম, মুগু, মাটিমাহ, মটৰ, তিল, বুট এই সাতবিধ শস্য একেলগে মিহলাই ভাজি পৰিবেশন কৰা হয়।  'সাত-মিশেলী' খোৱাটো 'বেষমা'ৰ এক উল্লেখযোগ্য পৰম্পৰা। 
'সাত-মিশেলী' খোৱা পৰ্ব শেষ হ’লে গাঁৱৰ পুৰুষসকলে  স্থানীয় নদী / বিল / পুখুৰী আদিত গৰুক গা ধোৱাবলৈ লৈ যায়। গৰুক তেল-হালধিৰে গা-ধোৱাই উঠি দা এখন অলপ গৰম কৰি গৰুৰ গাত লগাই দিয়া হয়। ইয়াক 'ছেংটা দেওৱা' বা 'দাগনি দেওৱা' বুলি কোৱা হয়। সিদিনা গৰুৰ বাবেও বিশেষ খাদ্যৰ ব্যৱস্থা কৰা হয়।
 
দেশী জনগোষ্ঠীয় মঞ্চৰ অধিবেশন
 
গৰুক গা ধোৱাই উঠি সকলোৱে কেঁচা হালধি আৰু নিম পাত বটি গাত সানি গা ধোৱে। এনে কৰিলে আগন্তুক গ্ৰীষ্মত কাৰো কোনো চৰ্ম ৰোগ নহয় বুলি বিশ্বাস কৰা হয়। গা-ধোৱাৰ সময়তে ঘৰত থকা কৃষি-সঁজুলি যেনে দা, কোৰ, কুঠাৰ, নাঙল, মৈ আদিও ধুই পৰিস্কাৰ কৰা নিয়ম।
আনহাতে, পুৰুষসকল যেতিয়া গৰুক গা-ধোৱাবলৈ লৈ যায়, সেই সময়ত গাঁৱৰ মহিলাসকল একগোট হৈ গীত গাই, ৰং-ধেমালী কৰি শাক তুলিবলৈ যায়। কমেও সাতবিধ শাক সংগ্ৰহ কৰা নিয়ম। এই সাতবিধ শাকেৰে দুপৰীয়া এক বিশেষ ব্যঞ্জণ ৰন্ধা হয়,  যাক কোৱা হয় 'সাত-শাকী'। 'সাত শাকী'ত মৰাপাটৰ শাক থকাটো এক ধৰণৰ বাধ্যতামূলক। ৰন্ধন পৰ্ব শেষ হলে মহিলা সকলেও হালধি, নিম পাত আদিৰে গা-ধোৱে।
গা-ধোৱা পৰ্ব শেষ হ’লে, 'বছৰ খাপৰা’ অৰ্থাৎ পানীলাওৰ শুকান ছাল, শুকান হালধি আৰু কড়ি - এই তিনিবিধ বস্তুক সূতা (ছিকে)ত মেৰিয়াই সৰু ল’ৰা-ছোৱালীৰ কঁকালত বান্ধি দিয়া হয়। এনে কৰিলে 'চৈতেৰ বাও’ অৰ্থাৎ চ’তৰ বেয়া বতাহ গাত লাগি বেমাৰ-আজাৰ কৰে বুলি বিশ্বাস। ঠিক সেইদৰে, ঘৰ খনক 'চৈতেৰ বাও’ ৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ চালত ধান-খেৰ আৰু মুধত নহৰু বান্ধি থোৱা হয়।
 
দেশী জনজাতীয় শিল্পীসকলে ৰঙালী বিহু মঞ্চত বেষমাৰ এটা নৃত্য প্ৰদৰ্শন কৰিছে
 
খোৱা বোৱাৰ ক্ষেত্ৰত সিদিনা কোনো আমিষ ব্যঞ্জণ খোৱা নিষেধ। দুপৰীয়াৰ সাঁজত 'সাত-শাকী’ খোৱা নিয়ম। আন এক উল্লেখযোগ্য দিশ হ’ল- বেষমাৰ দিনাহে বছৰৰ প্ৰথম আম খোৱাৰ বিধান। তাৰ আগত কেঁচা আম খোৱা মানে পেটৰ বেমাৰক আমন্ত্ৰণ জনোৱা বুলি বিশ্বাস কৰা হয়।
পিছদিনা অৰ্থাৎ বহাগৰ প্ৰথম দিনা ভাল সুস্বাদযুক্ত খাদ্য ৰন্ধা হয় আৰু পৰিয়ালৰ সকলোৱে নতুন কাপোৰ পৰিধান কৰা নিয়ম। বেষমাৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল যে বহাগৰ প্ৰথম দিনা গাঁৱৰ সকলো মানুহ একেলগ হৈ  বিভিন্ন গাৱলীয়া খেল-ধেমালী আৰু গীত-নৃত্যৰ আয়োজন কৰে। এনেকুৱা অনুষ্ঠানত গোৱালপৰীয়া লোকগীতৰ আনন্দ- ফূৰ্তিৰ গীত সমূহ গোৱা হয়। আনহাতে, ডেকা-গাভৰুসকলে দল বান্ধি  গোৱালপৰীয়া 'কুশাণ নৃত্য’ আৰু 'গোৱালনী নৃত্য’ পৰিবেশন কৰে। মুঠতে, বছৰৰ প্ৰথমটো দিন দোতোৰা, সাৰুন্দে, ঢোল, তালৰ মূৰ্চ্ছনাত মুখৰিত হৈ থাকে গাঁৱৰ পৰিবেশ।
বিধানসভাত দেশী গামোচা ব্যৱহাৰ কৰিছে চৰকাৰী পক্ষয়ে
 
বেষমাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আন এক স্থানীয় পৰম্পৰা- মেলা। অবিভক্ত গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত এনেকুৱা 'মেলা’ বিগত বহু শতিকাৰ পৰা চলি আছে। দক্ষিণ পাৰৰ মানকাচৰ-হাটশিঙিমাৰীৰ সমীপৱৰ্তী চন্ডিশীলাৰ মেলা, দক্ষিন শালমাৰা-ফুলবাৰীৰ আঠুচিপাৰ মেলা, গোৱালপাৰা জিলাৰ গাইবান্ধা-হাড়িভাঙাৰ ’সাত বেষমা মেলা’, লক্ষীপুৰ-জলেশ্বৰৰ 'বুঢ়া-বুঢ়ি’ৰ মেলা, বগুলাৰভিটাৰ 'বিষমা মেলা’ অন্যতম। আনহাতে উত্তৰ-পাৰৰ আগমণিৰ ছত্ৰশালৰ মেলা অন্যতম। বেষমাৰ দিনা মেলাৰ পৰা 'বাতাছা’ আৰু 'জিলেপু’ (জিলাপী) আনি খোৱাটো অন্যতম জনপ্ৰিয় পৰম্পৰা।
 
কিন্তু অতি দুখৰ কথা যে, আধুনিকতাৰ কৰাল গ্ৰাস আৰু ধৰ্মান্ধতাৰ বলি হৈ দেশী সকলৰ পৰাম্পৰাগত 'বেষমা' উৎসৱ ক্ৰমাৎ লুপ্ত হোৱাৰ পথত। দেশী সকলৰ দৰে এটা ক্ষুদ্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰিবলৈ চৰকাৰে যদি সহৃদয়তাৰে আগুৱাই নাহে তেন্তে সময়ৰ সোঁতত সকলো নাইকীয়া হৈ যাব।
 
(লেখক এজন নিবন্ধকাৰ, সাহিত্যিক আৰু সামাজিক মাধ্যমৰ জনপ্ৰিয় ইনফ্লুৱেন্সাৰ। পেচাত তেওঁ এজন ইন্ডিয়ান ৰেভেন্যু চাৰ্ভিছৰ উচ্চপদস্থ বিষয়া।)