হিন্দু-মুছলমানে একেলগে শিৱৰাত্ৰি পূজা উদযাপন কৰা উজনি অসমৰ এখন গাঁও

Story by  atv | Posted by  [email protected] • 1 Years ago
শিৱৰাত্ৰি পূজা উদযাপন কৰা কেইটামান মুছলমান শিশু
শিৱৰাত্ৰি পূজা উদযাপন কৰা কেইটামান মুছলমান শিশু
 
মনোজ কুমাৰ ওজা / তিনিচুকীয়া

উজনি অসমৰ তিনিচুকীয়া জিলাৰ এখন গাঁৱৰ হিন্দু-মুছলমান উভয় ধৰ্মৰ লোকে মহাশিৱৰাত্ৰি পূজা উপলক্ষে শনিবাৰে ভগৱান শিৱৰ চৰণত প্ৰণিপাত জনোৱাৰ এক নান্দনিক দৃশ্যই সকলোৰে মন ভৰাই তুলে। 
 
জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বিছাকোপী নামৰ গাঁওখনত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে সমানে পবিত্ৰতা আৰু ভক্তিৰে শিৱৰাত্ৰি উদযাপন কৰে। একাংশ ৰাজনৈতিক দল আৰু সমাজৰ দুষ্ট চক্ৰই ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ অহৰহ চেষ্টা চলাই আছে যদিও গাঁওখনৰ বাসিন্দাসকলক এইবোৰে স্পৰ্শ কৰিব পৰা নাই। 
 
'অনৈক্যৰ মাজত ঐক্য'ৰ ভাৱধাৰা বৰ্তাই ৰাখি গাঁওবাসীয়ে মহাশিৱৰাত্ৰিত অংশ লয় আৰু অসমৰ সাতামপুৰুষীয়া একতা-সম্প্ৰীতিৰ পৰম্পৰাক পুনৰ এবাৰ উদ্ভাসিত কৰিছে। প্ৰকৃতিৰ অনুপম সৌন্দৰ্য্যৰে ভৰি থকা গাঁওখনৰ সুস্থ পৰিৱেশক জেব-উন-নিশা, দিলৰাছ বানু বেগম, ৰাজিয়া আদিৰ দৰে মুছলমান শিশু আৰু বোৱাৰীয়ে অধিক মনোমোহা কৰি তুলিছে।  
 
শনিবাৰে পুৱাই মহাদেৱৰ চৰণত সেৱা জনাবলৈ অহা চাড়ে ৬ বছৰীয়া মৰমলগা দেৱদূত জেব-উন-নিশাই কয়," আমাৰ অসম, ইয়াৰ জনসাধাৰণ আৰু মোৰ বন্ধু-বান্ধৱীৰ মংগলৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছো।" সেই সময়ত কথাতকৈ তাইৰ চকু দুটাই বেছিকৈ কথা কৈছিল।
 
জেব-উন-নিশাৰ  সৈতে তাইৰ পিতৃ-মাতৃ আৰু বন্ধু-বান্ধৱীও আছিল। তেওঁলোকেও ভগৱান শিৱক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ আহিছিল। "মই আজি ৰোজা (উপবাস) ৰাখিছো। আমাৰ বাকী সকলো মুছলমান পৰিয়ালেও ৰোজা ৰাখিছো। পূজা শেষ হোৱাৰ পিছত পঞ্চামৃত আৰু প্ৰসাদৰে ৰোজা ভংগ কৰিম। এয়া আমাৰ বছৰ বছৰ পুৰণি পৰম্পৰা। আমাৰ ঈদ আৰু মিলাদ আদি উৎসৱত হিন্দু ভাই-ভনীসকলেও পবিত্ৰ হৃদয়েৰে অংশগ্ৰহণ কৰে।" দিলৰাছ বানু বেগমে 'আৱাজ দ্য ভইচ'ক জনায়।
 
ইফালে, পূজা চলি থকাৰ মাজতে উদাৰ হিন্দু পৰিয়াল এটাৰ এগৰাকী মুছলমান বোৱাৰী ৰাজিয়াই হাতত ফলমূল, নাৰিকল আৰু ধূপৰ কাঠি লৈ মন্দিৰলৈ আগবাঢ়ি আহে। তেওঁ কয়, 'আমাৰ পৰিয়াল আৰু গাঁৱবাসীয়ে আল্লাহ, ঈশ্বৰ, যীচু, বুদ্ধ আৰু মহাবীৰৰ প্ৰতি সমানে শ্ৰদ্ধা প্ৰদৰ্শন কৰে। আমি কেতিয়াও ৰাজনীতি আৰু ইয়াৰ বিভাজনকাৰী নীতি আৰু ভুল বিশ্বাস জানিবলৈ আগ্ৰহী নহয়। আমি আমাৰ পূৰ্বপুৰুষৰ সময়ৰ পৰাই এই পৃথিৱীত প্ৰেম আৰু বন্ধুত্ব বিয়পাই আহিছো। মই পবিত্ৰ কোৰআন পঢ়ো আৰু আমাৰ পৰিয়ালৰ সদস্যসকলে অতি বিশ্বাসেৰে হজৰত মহম্মদ চাহেব জীৰ কথা শুনে।' 
 
ৰাজিয়া অকলশৰীয়া নহয়। তেওঁৰ সৈতে আছিল কেইবাটাও পৰিয়াল। ইয়াৰে কোনোবা এজনী হিন্দু বোৱাৰী, যিয়ে মুছলমানৰ সৈতে বিয়া হৈছে অথবা কোনোবা এজনী মুছলমান বোৱাৰী, য়িয়ে হিন্দুৰ সৈতে বিয়া হৈছে। আন্তঃধৰ্মীয় বিবাহত বিশ্বাস কৰা এইসকল লোকৰ বাবে মন্দিৰ, গীৰ্জা, মছজিদ, কবৰস্থান বা শ্মশান কেতিয়াও কোনো ইছ্যু নহয় ৷
 
"যেতিয়া ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ ওপৰত বিশ্বাস থকা আমাৰ ভাতৃ-ভগ্নীসকলে ইয়াত প্ৰাৰ্থনা কৰিবলৈ আহে, তেতিয়া মই বহুত আৱেগিক অনুভৱ কৰোঁ। প্ৰকৃতাৰ্থত আমি সকলো মানুহ এক। আমি সকলোৱে ইজনে সিজনৰ ধৰ্ম-বিশ্বাসক শ্ৰদ্ধা কৰা উচিত," মন্দিৰৰ পুৰোহিত শিৱানন্দ শৰ্মাই এইদৰে কয়। 
 
উল্লেখ্য যে, অসমৰ কেৱল এখন গাঁৱতে নহয়, এইধৰণৰ ধৰ্মীয় একতা-সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। ইয়াৰে অন্যতম উদাহৰণ হৈছে অনামুদ্দিন আহমেদ নামৰ এজন মুছলমান শিক্ষাবিদ, যিয়ে আহোম যুগৰ পৰা ঐতিহাসিক শিৱদৌলত চলি অহা শিৱৰাত্ৰি পূজাৰ উদ্যোক্তা কমিটিৰ স্মৃতিগ্ৰন্থ 'পঞ্চানন' সম্পাদনা কৰিছে।