ইতিহাসপ্রসিদ্ধ জেৰেঙা পথাৰত পোন্ধৰ সহস্রাধিক মহিলাই দিহানাম পৰিবেশন কৰি বিশ্ব অভিলেখ গঢ়িলে

Story by  atv | Posted by  Munni Begum • 15 h ago
পোন্ধৰ সহস্রাধিক মহিলাই দিহানাম পৰিবেশন কৰাৰ এক দৃশ্য
পোন্ধৰ সহস্রাধিক মহিলাই দিহানাম পৰিবেশন কৰাৰ এক দৃশ্য
 
গুৱাহাটী 
 
মহাসতী জয়মতীৰ স্বদেশপ্রেম আৰু আত্মত্যাগৰ ইতিহাস বুকুত সামৰি ৰখা ইতিহাসপ্রসিদ্ধ জেৰেঙা পথাৰত সোমবাৰে দিহানাম পৰিবেশনেৰে বিশ্ব অভিলেখ গঢ়িলে পোন্ধৰ সহস্রাধিক মহিলাই। মহিলাসকলৰ দিহানামৰ অমিয়া সুৰৰ হাত চাপৰিয়ে জেৰেঙাৰ আকাশ-বতাহ মুখৰিত কৰে। এই নান্দনিক পৰিবেশ প্রত্যক্ষ কৰাৰ বাবে হেজাৰ হেজাৰ লোকৰ সমাবেশ ঘটে। ভক্তি মার্গীয় সংগীত দিহানামক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে কৰা প্ৰয়াসৰ সমান্তৰালভাৱে এই দিহানামে 'ৱৰ্ল্ডৱাইড বুকছ অব ৰেকৰ্ড'ত নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হয়। 
 
ৰত্নগর্ভা তেজস্বিনী ফাউণ্ডেচনৰ উদ্যোগত দিহানামৰ গুৰু উপাধি প্রাপক অমিয়া নেওগ কলিতাৰ উদ্যোগত দিহানামত বিশ্ব অভিলেখ গঢ়াৰ প্রয়াসেৰে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অনুষ্ঠিত এক অনুষ্ঠানত এই স্বীকৃতি আনুষ্ঠানিকভাৱে প্রদান কৰা হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উত্তৰ-পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ১৫,৫৫৫ গৰাকী দিহানামৰ নামতীয়ে একেলগে দিহানাম পৰিবেশন কৰি সমগ্র অঞ্চলৰ আকাশ-বতাহ হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে। 
 
অনুষ্ঠানটো বস্তি প্রজ্বলনেৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোদামীয়ে। উদ্বোধন কৰি সত্ৰাধিকাৰগৰাকীয়ে মহাসতী জয়মতীক শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে সতী জয়মতীয়ে স্বদেশ আৰু নিজৰ স্বামীৰ কাৰাণে দেহত্যাগ কৰি যি নিদর্শন দাঙি ধৰিলে সেয়া মানৱীয় মূল্যবোধৰ অন্যতম দৃষ্টান্ত বুলি অভিহিত কৰে। 
 
সত্ৰাধিকাৰগৰাকীয়ে কয়, প্রতিগৰাকী নাৰী পতিব্রতা বুলিয়ে পৰিচিত। পতিব্রতা এগৰাকী নাৰীয়ে সন্তানৰ উপৰি স্বামীক আহাৰ প্রদানৰ বেলিকা মাতৃৰ ভূমিকা, স্বামীৰ কার্যত দাসীৰ দৰে সহায় কৰে, শায়নৰ সময়ত স্বামীৰ কাষত ৰম্ভাৰ দৰে। সহাবস্থান আৰু বিপদকালাত মন্ত্রীৰ ভূমিকা পালন কৰে। সেয়েহে পতিব্রতা ত্যাগৰ মন্ত্রৰে প্ৰতিগৰাকী নাৰীয়ে সামাজিক মূল্যবোধ ৰক্ষা কৰাৰ সংকল্প লোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। 
 
দিহানামৰ গুৰু উপাধি প্রাপক অমিয়া নেওগ কলিতাই আঁত ধৰা অনুষ্ঠানত উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক তথা সংগীত নাটক একাডেমী বঁটাপ্রাপক ডাঃ প্রসন্ন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীক 'সত্র প্রদীপ' উপাধি প্রদান কৰাৰ উপৰি আন বহুকেইগৰাকী ব্যক্তিক বিভিন্ন উপাধি প্রদানেৰে সন্মান জনোৱা হয়। 
 
যোৰহাটৰ বদন মলিয়াক মৰণোত্তৰভাৱে দিহানামৰ ৰত্ন উপাধি, শিৱসাগৰৰ অচ্যুত চুতীয়াক গণবন্ধু বঁটা, জুৰি দত্তক উদ্যোগী বঁটা, ফণীধৰ গগৈক ভাওনা বাদ্য সম্পদ মহীৰূহ উপাধি, মন ৰাজগুৰুক ভাগৱত আচার্য বঁটা, বিশ্বজিৎ গগৈক লোকবাদ্য মহীদহ উপাধি, কণুমী বৰাক দিহানাম জ্যোতি বঁটা, শ্রীমন্ত দত্তক জনহিতৈষী বঁটা, পার্থ প্রতিম বৰাক সমাজসেৱা বঁটা, ডিমুৰ লোহিত সন্দিকৈক ভাগৱত আচার্য বঁটা, মাজুলীৰ তুলসী ৰাজখোৱাক সত্ৰ সেৱক উপাধি, টীয়কৰ দিগন্ত শইকীয়াক সত্রীয়া সংস্কৃতি সাধক বঁটা, গুৱাহাটীৰ ডাঃ দ্বীপেন দাসক লোক-সংস্কৃতি সাধক বঁটা, যোৰহাটৰ মাধুৰীমা বৰুৱাক লোকশিল্পী বঁটা, নগাঁৱৰ ড° ৰাজশ্ৰী বৰাক সাহিত্য সৌৰভ বঁটা, ধেমাজিৰ দেৱজিৎ বৰাক জনহিতৈষী বঁটা আৰু নাৰায়ণপুৰৰ অৰুণ বণিয়াক ৭ সমাজসেৱক বঁটা প্ৰদান কৰা হয়। 
 
আনহাতে অনুষ্ঠানটো সফল উদ্যাপনৰ বাবে ৪ স্থানীয় অঞ্চলৰ ৰাইজে সহযোগ আগবঢ়োৱাৰ উপৰি ৰুদ্রসাগৰৰ সমাজকর্মী জগত হাজৰিকাই দূৰ-দূৰণিৰ অহা যান-বাহনসমূহ সুচল যাতায়াতৰ বাবে নিজৰ মাটিত যাতায়াতৰ বাবে এটি পথৰ ব্যৱস্থা কৰি দিয়ে। এই অনুষ্ঠানটোত ৱাল্ডৱাইড বুকছ অব ৰেকর্ডৰ দুজনীয়া প্রতিনিধি দলটোৰ ভিনিত এন বি আৰু সিন্ধুজা ভি এন নামৰ প্রতিনিধি দুগৰাকী উপস্থিত থাকে। উল্লেখ্য যে, আজি দুপৰীয়াৰ ভাগত মহিলাসকলে দিহানাম পৰিবেশন কৰে যদিও পুৱাৰ ভাগতেই শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে বিভিন্ন স্থানৰ পৰা অহা দিহানামৰ শিল্পী আৰু আন আন লোকে জেবেঙা পথাৰত ভিৰ কৰে।