মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
১৯৬০ চনত ভাৰতে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ সহযোগত কেৰালাৰ থাম্বাত প্ৰথমটো ৰকেট উৎক্ষেপণ কেন্দ্ৰ স্থাপন কৰিছিল। ড° বিক্ৰম সাৰাভাইৰ নেতৃত্বত অভিযন্তাৰ এটা দলে প্ৰশিক্ষণৰ বাবে আমেৰিকাৰ গ'ডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰলৈ গৈছিল। নাছাৰ ৱালপছ দ্বীপ উৎক্ষেপণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ সময়ত ৰিচেপচন হলৰ এখন ছবি এজন কনিষ্ঠ অভিযন্তাৰ চকুত পৰিছিল। ছবিখনত যুদ্ধৰ দৃশ্য চিত্ৰিত কৰা হৈছিল, য’ত ৰকেটবোৰ চাৰিওফালে উৰি আছিল। যুৱ অভিযন্তাগৰাকীৰ কৌতুহল বাঢ়ি আহিছিল আৰু তেওঁ সত্যৰ সন্ধান কৰি উলিয়াইছিল।
এই যুৱকগৰাকী আছিল এ পি জে আব্দুল কালাম। যিগৰাকী প্ৰায় ৪০ বছৰৰ পিছত ভাৰতৰ মিছাইল মেন নামেৰে পৰিচিত হৈছিল। আৰু লগতে তেওঁ দেশৰ আটাইতকৈ প্ৰিয় ৰাষ্ট্ৰপতিও আছিল। এই বিষয়ে তেওঁৰ আত্মজীৱনী 'উইংছ অৱ ফায়াৰ'ত উল্লেখ কৰিছে যে, "এখন ছবিত যুদ্ধৰ দৃশ্য দেখা গৈছিল। পটভূমিত কেইটামান ৰকেট উৰি আছিল। এনে বিষয় যিকোনো উৰণৰ সুবিধাত সাধাৰণতে দেখা যায়। কিন্তু এই ছবিখনে মোৰ দৃষ্টি আকৰ্ষণ কৰিছিল, কাৰণ ৰকেট উৰুৰাই থকা জোৱানসকল বগা নাছিল, বৰঞ্চ ক'লা বৰণৰ আছিল আৰু তেওঁলোকক দক্ষিণ এছিয়াৰ মানুহৰ দৰে দেখা গৈছিল। মোৰ কৌতুহলে মোক এদিন ছবিখনৰ ওচৰ চাপি যাবলৈ বাধ্য কৰিছিল। ওচৰ চাপি গৈ মই দেখিছিলো যে, সেইখন মাইছুৰুৰ টিপ চুলতানৰ সেনাৰ ছবি, যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। ছবিখনে সেই সত্য প্ৰদৰ্শন কৰিছিল যে, যাক নিজৰ দেশতেই বহু লোকে পাহৰি গৈছে। কিন্তু ভাৰত বাহিৰে আন ঠাইত সেই স্মৃতি আজিও সংৰক্ষণ কৰা হৈছে। মই আনন্দিত হৈছিলোঁ যে, নাছাই এগৰাকী ভাৰতীয়ক যুদ্ধ-ৰকেট্ৰিৰ নায়ক হিচাপে সন্মান দিছে।"
ভাৰতৰ মিছাইল মেন এ পি জে আব্দুল কালামৰ আত্মজীৱনী 'উইংছ অৱ ফায়াৰ'
এই ছবিখনৰ ৰহস্যই এ পি জে কালামক স্তম্ভিত কৰি তুলিছিল, আৰু ৪০ বছৰৰ পাছতো তেওঁৰ আত্মজীৱনী 'উইংছ অৱ ফায়াৰ'ৰ পাঠকসকলৰ মনোযোগ আকর্ষণ কৰিছিল। ইয়াৰ পিছতেই মাইছুৰুৰ ৰকেটৰ ইতিহাস পুনৰ আলোচনাৰ কেন্দ্ৰ হৈ পৰিছিল। এ পি জে আব্দুল কালামে যেতিয়া ভাৰতৰ মিছাইল অভিযানৰ সফলতাৰে নেতৃত্ব প্ৰদান কৰিছিল, তেতিয়া সমগ্ৰ বিশ্বই তেওঁক টিপু চুলতানৰ লগত তুলনা কৰিছিল।
দুয়োগৰাকী ৰকেট প্ৰযুক্তিৰ ওপৰত গভীৰ মনোনিৱেশ কৰা প্ৰজ্ঞাবান ব্যক্তি আছিল। এক প্ৰকাৰে টিপু চুলতান আছিল তৰোৱালৰ যুগত ৰকেটৰ আৱিষ্কাৰক আৰু আধুনিক যুগত আব্দুল কালামে ভাৰতৰ প্ৰথম থলুৱা মিছাইল প্ৰস্তুত কৰি দেশবাসীক কৌশলগত অস্ত্ৰ প্ৰদান কৰিছিল, যাৰ বাবে তেওঁক ভাৰতৰ মিছাইল মেন বুলি উপাধি প্ৰদান কৰা হৈছিল।
টিপু চুলতান আৰু এ পি জে আব্দুল কালাম দুয়োগৰাকী দেশপ্ৰেমৰ প্ৰবল মনোভাৱেৰে জন্মগ্ৰহণ কৰা আৰু নিজৰ দেশক ভালপোৱা ভাৰতীয় মুছলমানৰ সৰ্বোৎকৃষ্ট উদাহৰণ। টিপু চুলতানে ২০০ বছৰ পূৰ্বে ইংৰাজৰ বিৰুদ্ধে চাৰিখন যুদ্ধ কৰিছিল আৰু শেষ নিশ্বাসলৈকে মৰমৰ গৃহভূমি ৰক্ষাৰ বাবে তৰোৱাল এৰি দিয়া নাছিল। ২০ শতিকাত আব্দুল কালামে দেশৰ আটাইতকৈ স্পৰ্শকাতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ নেতৃত্ব দিয়াই নহয়, মৰ্যাদাৰে ভাৰতীয় মুছলমানসকলৰ দেশপ্ৰেমৰ প্ৰতীক হৈ পৰিছিল। আজি সকলো ভাৰতীয়ই মাইছুৰুৰ সিংহ টিপু চুলতানৰ বীৰত্বক প্ৰণাম কৰাৰ লগতে কালামৰ দেশপ্ৰেমৰ আগতও প্ৰণাম জনায়। জনপ্ৰিয় আখ্যানত দুয়োকে মহান মুছলমানৰ উদাহৰণ হিচাপে উল্লেখ কৰা হৈছে।
প্ৰতিৰক্ষা ব্যৱস্থা আৰু সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত টিপু চুলতানৰ গভীৰ আগ্ৰহে মাইছুৰুৰ সেনাক সেই সময়ছোৱাত সামৰিক বিজ্ঞানৰ এখন বিদ্যালয় হিচাপে গঢ়ি তুলিছিল। ৰকেটত তীখাৰ খোল ব্যৱহাৰ কৰা তেওঁৰ উদ্ভাৱন, সেই যুগত এক যুগান্তকাৰী আবিষ্কাৰ আছিল।
নাছাৰ ৱালপছ দ্বীপ উৎক্ষেপণ কেন্দ্ৰ
আজিৰ যুগত যেতিয়া বিশ্বই মহাকাশৰ অন্বেষণত ব্যস্ত হৈ গ্ৰহ আৰু তাৰত অৱতৰণ কৰাৰ পথ বিচাৰি ফুৰিছে, সেই সময়তে টিপু চুলতানৰ ২০০ বছৰ আগৰ ৰকেটৰ ধাৰণাটোক লৈ বিজ্ঞানীসকলো বিস্মিত হৈ পৰিছে। সেই সময়তে ভাৰত ব্ৰিটিছৰ তুলনাত ৰকেট প্ৰযুক্তিত অগ্ৰগামী আছিল। বিদ্ৰূপজনকভাৱে, ১৮১৫ চনত ৱাটাৰলুৰ যুদ্ধত নেপোলিয়নৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে যেতিয়া ব্ৰিটিছ ৱেলিংটনৰ ড্যুক কৰ্ণেল আৰ্থাৰ ৱেলছলীক প্ৰশংসা কৰা হয়, তেতিয়া হয়তু বহু লোকেই নাজানে যে, তেওঁ মাইছুৰুত টিপু চুলতানৰ ৰূপান্তৰক ৰকেট আক্ৰমণৰ সন্মুখীন হৈ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছিল।
১৭৯৯ চনৰ এপ্ৰিল মাহত, চতুৰ্থ এংগ্লো-মাইছুৰু যুদ্ধত টিপু চুলতানৰ সেনাই প্ৰথমে ব্ৰিটিছক ধূলিধূসৰ কৰি পেলাইছিল। ইয়াৰ পূৰ্বে তিনিখন যুদ্ধত ব্ৰিটিছ পৰাজিত হৈছিল। কিন্তু এইবাৰ এমাহৰ ঘেৰাও আৰু যুদ্ধৰ অন্তত দুৰ্গৰ ভিতৰত লুকাই থকা বিশ্বাসঘাতকসকলে শত্ৰুপক্ষক দুৰ্গৰ ভিতৰলৈ সোমাবলৈ মূল দুৱাৰবোৰ খুলি দিছিল। তেতিয়া টিপু চুলতানে শত্ৰুৰ সৈতে শেষ নিশ্বাস পৰ্যন্ত যুদ্ধ কৰিছিল আৰু যুদ্ধ কৰি থকা অৱস্থাতে শ্বহীদ হৈছিল। এই খবৰে ব্ৰিটিছসকলক সকাহ দিছিল যদিও প্ৰথমে যুদ্ধক্ষেত্ৰৰ পৰা টিপু চুলতানৰ ৰকেটৰ খালী খোলাবোৰ সংগ্ৰহ কৰি গৱেষণাৰ বাবে ব্ৰিটেইনলৈ পঠিয়াই দিছিল। এই অধ্যয়নে ব্ৰিটিছ ৰকেট প্ৰকল্পৰ ভিত্তি গঠন কৰিছিল।
ডালৱিচৰ ৰয়েল লাইব্ৰেৰীত সেই খোলসমূহ অধ্যয়ন কৰি পিছত কৰ্ণেল উইলিয়াম কংগ্ৰেভে ব্ৰিটিছ ৰকেট নিৰ্মাণৰ অভিযান সম্পূৰ্ণ কৰিছিল। ১৮০২-০৩ চনত এই ৰকেটসমূহ পৰীক্ষা কৰি কৰ্ণেল উইলিয়ামে নিশ্চিত কৰিছিল যে, সেই সময়ত ব্ৰিটেইনত উপলব্ধ আটাইতকৈ ডাঙৰ ৰকেটৰ পৰিসৰ মাইছুৰুৰ ৰকেটৰ আধাতকৈও কম আছিল। কিন্তু লণ্ডনত ৭ বছৰীয়া গৱেষণাৰ অন্তত উইলিয়াম কংগ্ৰেভে নিৰ্মাণ কৰা ৰকেটৰ সহায়ত ব্ৰিটেইনে বৃহৎ সামৰিক সফলতা লাভ কৰিছিল, য’ত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল নেপোলিয়নৰ বিৰুদ্ধে কৰা জয়লাভ।
১৮০৪ চনত যেতিয়া ফৰাচী সৈন্যই ইংলিছ চেনেল পাৰ হোৱাৰ প্ৰচেষ্টা কৰিছিল, তেতিয়া ব্ৰিটিছৰ এই নতুন ৰকেটৰ সহায়ত ফৰাচী সৈন্য বিভাজিত হৈছিল। ব্ৰিটেইনৰ এই মহান সফলতাৰ পিছতে বিশ্বৰ প্ৰতিটো সেনাবাহিনীত এটা ৰকেট ব্ৰিগেড সংযোজিত কৰা হৈছিল।
প্ৰতিনিধিত্বমূলক ছবি
ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থা বিশেষকৈ ৰকেট প্ৰযুক্তি বিকাশৰ চালিকা শক্তি হিচাপে পৰিগণিত হোৱা কালামে কয় যে, "মই ভাবিলে আচৰিত হওঁ যে, ২০০ বছৰ পূৰ্বে টিপু চুলতানে বিশ্বৰ প্ৰথমটো যুদ্ধৰ ৰকেট কেনেকৈ নিৰ্মাণ কৰিছিল? আমাৰ ভূমিত এই ধৰণৰ প্ৰযুক্তিৰ জন্ম দিয়া পৰিৱেশ কি আছিল নেকি?"
মনত ৰখা উচিত যে, ১৯৯৮ চনৰ ১১ মে’ত যেতিয়া সমগ্ৰ বিশ্বই ৰাজস্থানৰ মৰুভূমিত 'ভূমিকম্প সদৃশ শব্দ'ৰে জাগ্ৰত হৈছিল, তেতিয়া ভাৰতে পাঁচটা ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা সম্পূৰ্ণ কৰিছিল। সমগ্ৰ দেশখনে একে সুৰত কৈছিল "কালাম চালাম"। কিয়নো সেই পৰীক্ষাসমূহৰ আঁৰৰ নেতা আছিল কালাম।
১৯৯৭ চনত ভাৰত ৰত্ন বঁটা লাভ কৰা কালামে পৃথ্বী, ত্ৰিশুল, আকাশ, নাগ, অগ্নিকে ধৰি কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কৃতিত্বও লাভ কৰিছিল। তেওঁ ঘোষণা কৰিছিল দুই শতিকাৰ পূৰ্বে যি ভূমিকাই বিশ্বৰ প্ৰযুক্তিক স্তম্ভিত কৰিছিল, সেই ৰকেট প্ৰযুক্তি পুনৰ এই ভূমিলৈ উভতাই আনিছে। টিপু চুলতান বা এপিজে আব্দুল কালাম দুয়োগৰাকীয়ে আজি আমাৰ মাজত নাই, কিন্তু তেওঁলোকৰ বুদ্ধি, প্ৰচেষ্টা আৰু দেশপ্ৰেম আজিও আমাৰ বাবে এক আদৰ্শ আৰু জ্বলন্ত উদাহৰণ।