ইফতাৰৰ প্ৰস্তুতিৰ পৰা নামাজলৈ...ইৰফান পাঠান আৰু ছাফা বেইগৰ ৰমজান মাহৰ ব্যস্ততা চাঁও আহক

Story by  atv | Posted by  [email protected] • 1 Months ago
ইৰফান পাঠান আৰু ছাফা বেইগৰ ৰমজান মাহৰ ব্যস্ততা
ইৰফান পাঠান আৰু ছাফা বেইগৰ ৰমজান মাহৰ ব্যস্ততা

মুম্বাই

পবিত্ৰ ৰমজান মাহৰ অন্ত পৰিবলৈ মাজত মাথো আৰু কেইটামান দিন বাকী। এই সময়ছোৱাত চেলিব্ৰিটিসকলে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন ধৰণে ইতিবাচক বাৰ্তা বিয়পাই আহিছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠান আৰু তেওঁৰ পত্নী ছাফা বেইগেও ৰমজানৰ নিয়মীয়া নীতি-নিয়ম আৰু কাম-কাজসমূহ অনুৰাগীৰ আগত প্ৰকাশ কৰিছে।
 
শেহতীয়াকৈ ইৰফান আৰু ছাফাই ইনষ্টাগ্ৰামত ৰমজান উদযাপনৰ কেইটামান বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰে।  দম্পতীহালে ইফতাৰৰ বাবে কিদৰে প্ৰস্তুতি চলায় আৰু ৰজান মাহত কিদৰে নামাজ আদায় কৰে, সেইবোৰ অনুৰাগীক জানিবলৈ দিয়ে। পবিত্ৰ মাহটোৰ বাবে সজাই তোলা সম্পূৰ্ণ বগা থিমৰ সৈতে তেওঁলোকৰ বিলাসী ঘৰটোৰ ভিতৰৰ আটকধুনীয়া দৃশ্যসমূহে ইণ্টাৰনেটত অনুৰাগীৰ বিপুল সহাঁৰি লাভ কৰে। 
 

ছাফাৰ ইনষ্টাগ্ৰামত আত্মপ্ৰকাশ কৰা এই ভিডিঅ’টোৱে অজস্ৰ ফল'ৱাৰ দৃষ্টি আকৰ্ষণ কৰে। ছাফা বেইগৰ ইনষ্টাগ্ৰাম একাউণ্ট ‘safamirza_official’ত ইতিমধ্যে ২৯ হাজাৰৰো অধিক ফল'ৱাৰ আছে।

উল্লেখ্য যে, ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত মক্কাত অনুষ্ঠিত এক অন্তৰংগ নিকাহ অনুষ্ঠানত ইৰফান পাঠান আৰু ছাফাৰ বিবাহ সম্পন্ন হৈছিল। এই অনুষ্ঠানত কেৱল পৰিয়ালৰ ঘনিষ্ঠ সদস্য আৰু আত্মীয়ই অংশগ্ৰহণ কৰিছিল। তেওঁলোক এতিয়া ইমৰাণ আৰু চুলেইমান নামৰ দুই পুত্ৰৰ গৌৰৱময় পিতৃ-মাতৃ।