৩ হাজাৰৰো অধিক বিলুপ্ত বাংলা সাধু আৰু ফকৰা-যোজনা সংৰক্ষণেৰে নজিৰ সৃষ্টি ইমৰাণ নাহৰৰ

Story by  atv | Posted by  [email protected] • 19 h ago
বিলুপ্ত বাংলা সাধু আৰু ফকৰা-যোজনা সংৰক্ষণেৰে নজিৰ সৃষ্টি কৰা ইমৰাণ নাহৰ
বিলুপ্ত বাংলা সাধু আৰু ফকৰা-যোজনা সংৰক্ষণেৰে নজিৰ সৃষ্টি কৰা ইমৰাণ নাহৰ
 
দেবকিশোৰ চক্ৰৱৰ্তী / কলকাতা

যৌথ পৰিয়ালত ডাঙৰ-দীঘল হোৱাৰ আনন্দই সুকীয়া। চোতালত ককা-আইতাৰ কোলাত বহি সাধু শুনাৰ সেই দিনবোৰ এতিয়া যেন হেৰাই গৈছে। সাধু কোৱা বা সাধু শুনাৰ কথাবোৰেই যেন এতিয়া পুৰণি সাধুকথাত পৰিণত হৈছে। আশীৰ দশকৰ পৰা যেতিয়া যৌথ পৰিয়ালবোৰ বিচ্ছিন্ন হ’বলৈ ধৰিলে, তেতিয়াৰ পৰাই শতিকা পুৰণি কাহিনীবোৰো আমাৰ সমাজৰ পৰা নোহোৱা হ’বলৈ ধৰিলে।

আধুনিক জীৱনৰ উদাসীনতা তথা সাহিত্য আৰু মৌখিক সাধুকথাৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ হেৰুওৱাৰ বাবে হাজাৰ হাজাৰ বাংলা প্ৰবাদ নোহোৱা হৈ গ’ল। মাত্ৰ কেইজনমানেহে ইয়াক গ্ৰন্থৰ ৰূপ দিছে। কবি আৰু সংগ্ৰাহক ইমৰাণ নাহৰে তিনি হাজাৰৰো অধিক বিলুপ্তপ্ৰায় বাংলা ফকৰা-যোজনা উদ্ধাৰ কৰি পাঁচশৰো অধিক সাধুকথা লিপিবদ্ধ কৰি এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে তেওঁ ম্লান হৈ অহা মৌখিক গল্প কোৱা পৰম্পৰাক পুনৰুজ্জীৱিত কৰাত সহায় কৰিছে।

এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ইমৰাণ নাহৰে ভাৰতৰ সাংস্কৃতিক ৰাজধানী কলকাতাৰ পৰা প্ৰায় পঞ্চল্লিশ কিলোমিটাৰ দূৰৈৰ হুগলী জিলাৰ পাণ্ডুৱা ব্লকৰ ৰানাগধ গাঁৱত সাংস্কৃতিকভাৱে চহকী এক পৰিৱেশত ডাঙৰ-দীঘল হৈছিল। সৰুৰে পৰাই তেওঁৰ মনত লিখাৰ এক প্ৰবল অভ্যাস গঢ় লৈ উঠিছিল।
 

ইমৰাণ নাহৰ
 
আৱাজ–দ্য ভইচৰ সৈতে হোৱা কথা-বতৰাত তেওঁ সেই দিনবোৰ স্মৰণ কৰি কয়, “মোৰ আইতা হামিদা উনেছাই এশ বছৰৰ আগতে ব্ৰিটিছ চৰকাৰৰ পৰা বৃত্তি লাভ কৰিছিল। সৰুতে তেওঁৰ পৰা সাধু শুনিছিলোঁ। এক লাখ চৌবিশ হাজাৰ নবীৰ জীৱনৰ কথাও তেওঁ মৌখিকভাৱে বৰ্ণনা কৰিছিল।” ইমৰাণ নাহৰৰ মাতৃ আনোৱাৰা খাতুন এগৰাকী ভক্তিপ্ৰাণ মুছলমান মহিলা যদিও সাহিত্য আৰু সংস্কৃতিৰ প্ৰতিও তেওঁৰ গভীৰ আবেগ আছিল। ম্লান হৈ যোৱা বাংলা ফকৰা-যোজনা সংগ্ৰহৰ প্ৰেৰণা তেওঁ প্ৰথমে মাক আৰু মাহীয়েকৰ পৰাই লাভ কৰিছিল। 

আজিও ইমৰানে নিয়মীয়া লেখা অব্যাহত ৰাখিছে। তেওঁ সংগ্ৰহ কৰা সাধুকথাবোৰ বিভিন্ন পৰ্টেল আৰু বাতৰি কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পাই থাকে। মূলতঃ নাৰী অধিকাৰক কেন্দ্ৰ কৰি দুখন কবিতা সংকলনো তেওঁ প্ৰকাশ কৰিছে। নাৰীৰ সামাজিক আৰু অৰ্থনৈতিক স্বাধীনতাৰ প্ৰতি তেওঁ দৃঢ় বিশ্বাসী। সমৃদ্ধিশালী মুছলমান খেতিয়ক পৰিয়ালৰ গৃহিণী ইমৰানে এইদৰে কয়: “প্ৰাচীন বাংলা সাধুকথা কেতিয়াও কেৱল মনোৰঞ্জনৰ বিষয় নাছিল। এইবোৰে সংস্কাৰৰ গভীৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰিছিল। লগতে, মহিলাৰ চিন্তা আৰু সজাগতাক গঢ় দিছিল।” 

এই কাহিনীবোৰ তেওঁ অতি নিষ্ঠাৰে সযতনে সংগ্ৰহ কৰি সংৰক্ষণ কৰি ৰাখিছে। গ্ৰাম্য বাংলা প্ৰবাদকো তেওঁ অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰিছে। এটা সময়ত গাঁৱে-ভূঞে দৈনন্দিন জীৱনত সকলোৱে প্ৰায়ে সেইবোৰ আওৰাইছিল। আজি ইমৰান নাহৰে নিজৰ সংকলনত তিনি হাজাৰৰো অধিক ফকৰা-যোজনা সংগ্ৰহ কৰিছে। বহু প্ৰত্যাহ্বানৰ মাজতো তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে সেইবোৰ প্ৰকাশ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। 

এই সপোন পূৰণ কৰাত সহায় কৰি আছে তেওঁৰ একমাত্ৰ কন্যা অনৱেছা নাৰ্গিছে। ইমৰাণৰ সংকলনত দক্ষিণ বংগ, ৰহবংগৰ প্ৰবাদৰ লগতে বঙালী মুছলমান সম্প্ৰদায়ৰ ভিতৰত পৰম্পৰাগতভাৱে ব্যৱহৃত প্ৰবাদসমূহো সন্নিবিষ্ট হৈছে। মহিলাগৰাকীয়ে পৰম্পৰাগত মুছলমান বিয়াৰ গীতসমূহো সংগ্ৰহ কৰিছে। ব্যক্তিগত আবেগ হিচাপে আৰম্ভ হোৱা এই প্ৰক্ৰিয়াটো এতিয়া এটা অতি প্ৰয়োজনীয় গৱেষণা পদক্ষেপলৈ পৰিণত হৈছে, যিটো সম্পূৰ্ণৰূপে চৰকাৰী সমৰ্থন বা স্থানীয় সাংস্কৃতিক সংগঠনৰ সহায় অবিহনে কৰা হৈছে।
 

ইমৰাণ নাহৰ
 
তেওঁৰ প্ৰথম কবিতা গ্ৰন্থ 'চান্দেৰ চিঠি' (Chander Chithi)ক কবিতাপ্ৰেমীসকলে ব্যাপকৰূপত আদৰি লৈছে। তেওঁৰ পৰৱৰ্তী সংকলন এক নদী জল, এক আকাশ আলো (One River Water, One Sky Light)ৱেও পাঠকৰ হৃদয় চুই গৈছে। তেওঁৰ বহু লেখাই নাৰীৰ সামাজিক অধিকাৰৰ ওপৰত আলোকপাত কৰে। ইতিমধ্যে তেওঁৰ এই কামে মুছলমান সমাজৰ মহিলাসকলৰ মাজত উল্লেখনীয় প্ৰভাৱ পেলাইছে। এই যাত্ৰাৰ বিষয়ে জানিবলৈ আৰু আনকো অনুপ্ৰাণিত কৰিবলৈ ইমৰাণ নাহৰক কেইবাখনো মহিলা মঞ্চলৈ আমন্ত্ৰণ জনোৱা হৈছে।

তেওঁ কয়, “মই কেৱল নিজৰ বা মোৰ পৰিয়ালৰ মহিলাসকলৰ কথা নাভাবো। মই সকলো পটভূমিৰ মহিলাসকলৰ মাজত শিক্ষা বিয়পাই দিবলৈ চেষ্টা কৰো আৰু তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰো। মহিলাৰ হাতত কলম ৰাখি মই তেওঁলোকক থিয় হ’বলৈ এক শক্তিশালী ভূমি দিব বিচাৰো।”

তেওঁ লগতে কয়, “আজি আমাৰ সমাজত নাৰীসকল বহুত বেছি আত্মনিৰ্ভৰশীল আৰু সাহসী। গাঁৱৰ পৰিৱেশতো তেওঁলোকৰ জীৱন এতিয়া সহজ হৈ পৰিছে। মুছলমান ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰি স্বাধীন হ’বলৈ শিকিছে। মই সদায় তেওঁলোকৰ কাষত থিয় হ’বলৈ চেষ্টা কৰো, তেওঁলোকক নিজৰ পৰিচয়ৰ সৈতে জীয়াই থাকিবলৈ উৎসাহিত কৰো। সেইটোৱে মোক নতুন নতুন কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰে। জীয়াই থকালৈকে সমাজৰ বাবে আৰু নাৰীৰ প্ৰগতিৰ বাবে যুঁজ দিম।”

যদিও তেওঁ নাৰী সবলীকৰণৰ তীব্ৰ পোষকতা কৰে, তথাপিও তেওঁ এটা কথা স্পষ্টকৈ কৈছে: “মই নাৰীবাদী নহয়, মই এগৰাকী মানৱতাবাদী। কিন্তু মোৰ বিশ্বাস নাৰীৰ নিজস্ব পৃথিৱী আছে।” হাফ দ্য স্কাই (Half the Sky) কবিতাৰ কেইটামান শাৰীৰ উদ্ধৃতিৰে তেওঁ কয়: “বন্দী ছোৱালীজনীক শিকলিৰ পৰা মুক্ত কৰা; স্পেটুলা আৰু লেডলৰ সলনি তেওঁৰ হাতত কলম এটা দিয়া।”
 

ভগ্নীৰ সৈতে ইমৰাণ নাহৰ
 
ইমৰাণ নাহৰ এগৰাকী নীৰৱ প্ৰতিবাদকাৰী যিয়ে কাগজ আৰু কলমক নিজৰ মতানৈক্যৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে। সমসাময়িক বিষয়বোৰ নিবিড়ভাৱে অনুসৰণ কৰে যদিও তেওঁক আটাইতকৈ বেছি অশান্তি দিয়া কথাটো হ’ল পিছপৰা গ্ৰাম্য লোকৰ দৈনন্দিন দুখ। নিজৰ জন্মস্থান পাণ্ডুৱা ব্লকৰ বেলুন ধমাচিনী গাঁও পঞ্চায়তত এসময়ত কৃষক সমাজৰ জীৱনৰেখা হিচাপে কাম কৰিছিল সৰু ঘ্যাগী নদী (Ghyagi River)য়ে। আজি এই নদী শুকাই গৈছে আৰু ইয়াক কেৱল গৰুৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰা হয়। এসময়ৰ উৰ্বৰ পথাৰবোৰ এতিয়া বন্যাৰ্ত হৈ পৰিছে।

এই বাস্তৱ দৃশ্যবোৰে ইমৰাণৰ হৃদয় বিচলিত কৰে। তেওঁ আক্ষেপ কৰি কয়, "পিছপৰা কৃষকৰ দুৰ্দশাৰ প্ৰতি সংবাদ মাধ্যমে কোনো গুৰুত্ব নিদিয়ে, যেতিয়া পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে সংগ্ৰাম কৰে তেতিয়া প্ৰতিবাদ দিল্লীত উপস্থিত হয়। কিন্তু Gangetic West Bengalৰ দুৰ্গম অঞ্চলৰ কৃষকৰ কথা কোনে কয়? যোৱা ডেৰ দশকত তেওঁলোকৰ অৱস্থা ভয়ংকৰভাৱে বেয়া হৈছে।”

তেওঁৰ মতে, কৃষকসকল ঋণৰ চক্ৰত আবদ্ধ হৈ পৰিছে। তেওঁলোকে ব্যক্তিগত ধনদাতাৰ পৰা ঋণ লৈছে আৰু ইয়াৰ উচ্চ সুতৰ হাৰে তেওঁলোকক ধ্বংস কৰি পেলাইছে। বহুতেই এশ দিনীয়া কৰ্ম আঁচনিৰ ফান্দত পৰিছে, যাৰ ফলত কৃষকসকল নিজৰ মাটিতে শ্ৰমিকলৈ ৰূপান্তৰিত কৰিছে। এনে প্ৰত্যাহ্বানসমূহৰ মাজতো ইমৰানে কৃষকসকলক সহায় কৰিবলৈ অক্লান্তভাৱে কাম কৰে। তেওঁৰ এই সংগ্ৰামৰ প্ৰতিটো খোজতে সমৰ্থন হৈ থিয় দিছে জীৱন সংগী আব্দুল হান্নান।


শেহতীয়া খবৰ