গিয়াছুদ্দিনৰ আকবৰী পাগুৰি ভগৱান শিৱক আগবঢ়োৱাতো কাশীৰ হোলী উৎসৱৰ অভিন্ন অংশ

Story by  atv | Posted by  [email protected] • 1 Years ago
পাগুৰি প্ৰস্তুত কৰা গিয়াছুদ্দিন আহমেদ, দ্বিতীয় ছবিত ভগৱান শিৱৰ মূৰত পাগুৰি অৰ্পণ কৰা দেখা গৈছে
পাগুৰি প্ৰস্তুত কৰা গিয়াছুদ্দিন আহমেদ, দ্বিতীয় ছবিত ভগৱান শিৱৰ মূৰত পাগুৰি অৰ্পণ কৰা দেখা গৈছে
 
আৰেবা আশ্ৰফ / বাৰাণসী

মোগল সম্ৰাট জালালুদ্দিন আকবৰে পিন্ধা আকবৰী পাগুৰি তৈয়াৰ কৰি বাৰাণসীৰ শিল্পী গিয়াছুদ্দিনে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ২৫০ বছৰ ধৰি বাৰাণসীৰ হোলী উৎসৱৰ এক অভিন্ন অংশ হৈ অহা এই পাগুৰি ঘিয়াছুদ্দিনৰ পৰিয়ালে কেইবাটাও প্ৰজন্ম ধৰি বনাই আহিছে। সেয়ে, তেওঁ আকবাৰী পাগুৰি বনোৱাত পাকৈত হৈ উঠিছে। 

আমোদজনক কথাটো হ’ল, পাঁচ গজ কাপোৰেৰে গিয়াছুদ্দিনে তৈয়াৰ কৰা পাগুৰি প্ৰাচীন বিশ্বনাথ মন্দিৰত হোলী উৎসৱৰ সময়ত ভগৱান শিৱক আগবঢ়োৱা হয়। গংগাৰ পাৰৰ বিশ্বনাথ মন্দিৰত ভগৱান শিৱক পাগুৰি অৰ্পণ কৰাৰ অনুষ্ঠানটো ফাগুন মাহৰ একাদশীত পালন কৰা হয়।
 
উল্লেখ্য যে, ৰেচম কাপোৰেৰে প্ৰস্তুত কৰা পাগুৰিটো সম্পূৰ্ণ হ’বলৈ গিয়াছুদ্দিনক এসপ্তাহৰ প্ৰয়োজন হয়। তেওঁ কয় যে আকবৰী পাগুৰি বাবা বিশ্বনাথৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে আৰু ই এক অমূল্য সামগ্ৰী। তেওঁ কয়, "এইটো এটা অনন্য পাগুৰি, যিটো কেৱল এই অনুষ্ঠানৰ বাবেহে ৰখা হৈছে।" গিয়াছুদ্দিনে অনুভৱ কৰে যে পাগুৰি বনোৱা কাৰ্য্যই তেওঁক গভীৰ সন্তুষ্টি দিয়াই নহয়, এই পৰম্পৰাই বহুজনৰ হৃদয়ক সংযুক্ত কৰে। 
 
লক্ষ্ণৌৰ পৰা বাৰাণসীত বসতি স্থাপন কৰা ঘিয়াছুদ্দিনৰ প্ৰপৌত্ৰ হাজী চেড্ডীয়ে এই পাগুৰি নিৰ্মাণৰ পৰম্পৰা আৰম্ভ কৰিছিল। চেড্ডীয়ে বাবা বিশ্বনাথক পাগুৰি এটা আগবঢ়াই দিছিল, আৰু সেই পাগুৰি পুৰোহিতসকলে গ্ৰহণ কৰিছিল। চেদ্দিৰ পুত্ৰ হাজী আব্দুল গাফুৰে এই পৰম্পৰা অব্যাহত ৰাখিছিল আৰু বছৰ বছৰ ধৰি চলি অহা এই পৰম্পৰা এতিয়া গিয়াছুদ্দিন আহমেদৰ হাতলৈ গৈছে।
 
গিয়াছুদ্দিনে এই পৰম্পৰাক এক দায়িত্ব আৰু সন্মান বুলি গণ্য কৰে, আৰু তেওঁ বিশ্বাস কৰে যে তেওঁৰ কামে বিভিন্ন পটভূমিৰ লোকসকলক সংযুক্ত কৰাত সহায় কৰিছে। তেওঁ কয়, "আমি ভোলানাথ শিৱক পাগুৰি আগবঢ়াই সেৱা কৰোঁ। আমি হিন্দু-মুছলমানক পৃথক বুলি গণ্য নকৰোঁ, সকলোবোৰ আমাৰ তেজৰ সম্পৰ্ক। আমি আমাৰ কামৰ জৰিয়তে হিন্দু আৰু মুছলমানৰ একতা-সম্প্ৰীতিক আগুৱাই নিছো।"
 

 
বাৰাণসীক যদিও হিন্দু ধৰ্মৰ পবিত্ৰ স্থান হিচাপে জনা যায়, তথাপিও হিন্দু-মুছলমান সমন্বয়মুখী সংস্কৃতিৰ বাবে এই চহৰখন বিশেষভাৱে পৰিচিত। বিছমিল্লা খানৰ দৰে বিশিষ্ট মুছলমান ব্যক্তিয়ে ইয়াৰে মন্দিৰত প্ৰাৰ্থনা কৰিছিল। বাৰাণসীত একাদশী নামেৰে জনাজাত এই উৎসৱৰ এতিয়া অংশ হৈ পৰিছে গিয়াছুদ্দিনৰ পৰিয়াল।

উল্লেখ্য যে, গিয়াছুদ্দিনৰ পত্নী আমিনা বানো আৰু তেওঁৰ চাৰিজন পুত্ৰ হৈছে ক্ৰমে মনোৱাৰ আলী, আব্দুল চালাম, মহম্মদ কালিম, আৰু মহম্মদ শ্বাহিদ। তেওঁৰ নাতি মহম্মদো পাগুৰি প্ৰস্তুতৰ সৈতে জড়িত। তেওঁলোক সকলোৱে মিলি বিয়া বা ধৰ্মীয় অনুষ্ঠানৰ দৰে বিশেষ অনুষ্ঠানৰ বাবে ধুনীয়া ধুনীয়া পাগুৰি তৈয়াৰ কৰে।
 
হোলী উৎসৱৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁ হাতেৰে প্ৰস্তুত কৰা পাগুৰি পিন্ধোৱাৰ ইচ্ছা প্ৰকাশ গিয়াছুদ্দিনে কয়, "তেওঁলোকক মোৰ হাতেৰে বনোৱা পাগুৰি পিন্ধাৱাটো মোৰ আন্তৰিক ইচ্ছা।" শিল্পীজনে পৰৱৰ্তী হোলীৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, আৰু আশা কৰে যে তেওঁৰ কামে মানুহক একত্ৰিত কৰি যাব পাৰে।