অসমৰ হিন্দু-মুছলমানৰ একতাৰ অন্য এক নিদৰ্শন -- ৰাস উৎসৱত গোপীৰ ৰূপত ইছলাম ধৰ্মাৱলম্বী যুৱক

Story by  atv | Posted by   Imtiaz Ahmed • 2 Years ago
গোপীৰ চৰিত্ৰত যুৱকসকল
গোপীৰ চৰিত্ৰত যুৱকসকল

আৰিফুল ইছলাম/গুৱাহাটী

ৰাস উৎসৱ অসমৰ এটা অতি গুৰুত্বপূৰ্ণ তথা জনপ্ৰিয় উৎসৱ। ঈশ্বৰৰ ভক্তি ৰসৰ সৈতে জড়িত এই ৰাস উৎসৱ এক ধৰ্মীয় উৎসৱ। মাজুলীত উৎপত্তি হোৱা ৰাস উৎসৱ বৰ্তমান অসমৰ চুকে-কোণে উদযাপন কৰা হয়। ৰাস উৎসৱ হৈছে নৱ-বৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ। শৰত কালৰ পূৰ্ণিমাত উদযাপন কৰা এই ৰাস বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ প্ৰধান উৎসৱ। ৰাসৰ ইতিহাস বহু পুৰণি। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰে পৰাই ৰাস উৎসৱৰ আৰম্ভণি বুলি কোৱা হয়। ভাগৱত পুৰাণৰ ওপৰত আধাৰিত ভগৱান শ্ৰীকৃষ্ণৰ লীলাই হৈছে ৰাসৰ মূল উৎস।

সমগ্র ৰাজ্যজুৰি গুৰুজনাৰ অমৰ সৃষ্টি 'কেলিগোপাল' নাটৰ আধাৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা উলহমালহেৰে পালন কৰা হৈছে। সমগ্ৰ ৰাজ্যৰ গাঁৱে-ভূঞে এতিয়া ৰাসকলৈ উলহমালহ পৰিবেশ। ব্যতিক্ৰম নহয় কলিয়াবৰো।

হিন্দু মুছলমানৰ মাজত থকা ঐক্য, সমন্বয় আৰু ভাতৃত্ববোধৰ পুনৰ প্ৰমাণ দিলে কলিয়াবৰৰ হাটবৰৰ ৰাস মহোৎসৱে। কলিয়াবৰৰ হাটবৰত পুৰুষৰ দ্বাৰা প্ৰদৰ্শিত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাট কেলিগোপাল। জাতি ধৰ্ম নিৰ্বিশেষে সম্প্ৰীতিৰ বার্তাৰে গোপীৰ ৰূপত নাছিলে স্থানীয় ইছলাম ধৰ্মাৱলম্বী যুৱকেও। সাজ-সজ্জা আৰু ৰূপসজ্জাৰ লগতে পুৰুষ গোপীসকলৰ নৃত্যই মোহিত কৰিলে দৰ্শকক। 

আৱাজ দ্যা ভইছৰ লগত হোৱা এক সাক্ষাৎকাৰত কেলিগোপাল নাট খনত গোপীৰ ৰূপ লোৱা কলিয়াবৰৰ জয়ন্তীপূৰৰ মুছলমান যুৱক মিঠু আহমেদে কয়: "সৰুৰে পৰা নৃত্য ভাল পাওঁ মই। 'কেলিগোপাল' নাট খনত নৃত্য পৰিবেশন কৰি মই অত্যন্ত সুখী। উদ্যোগতা সকলে নিমন্ত্ৰণ জনোৱা বাবে নৃত্য পৰিবেশন কৰিব আহিছোঁ। সাংস্কৃতিক জগতখন সদায় এনেকৈয়ে থাকক। হিন্দু মুছলমানৰ কোনো ভেদাভেদ নোহোৱাকৈ সুন্দৰভাৱে নাট পৰিবেশন কৰাটো ইয়াৰ পৰা সমগ্ৰ পৃথিৱীলৈ বাৰ্তা প্ৰেৰণ হওক। সাংস্কৃতিক জগতখনত ভেদাভেদ থাকিলে বেয়া। এই ৰাস মহোৎসৱৰ লগত জড়িত হোৱা মোৰ প্ৰায় তিনি বছৰে হ'ল। যোৱা তিনিবছৰৰ পৰা নিমন্ত্ৰণ পাই আছোঁ।"

নৃত্য পৰিবেশন কৰা মহম্মদ নিৰুজ হকে কয়: "হাটবৰ নাট্যমন্দিৰৰ হাজাৰী ৰাসত মোক নিমন্ত্ৰণ দিয়ে আৰু মই আহোঁ। এনেকৈয়ে সমাজখন মিলাপ্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আগবাঢ়ি যাওঁক। হিন্দু মুছলমান আমি ভাই ভাই।"


শ্ৰীকৃষ্ণৰ চৰিত্ৰত এজন যুৱ

নৃত্য পৰিবেশন কৰা অমুলী বৰাই কয়: "হাটবৰ হাজাৰ মন্দিৰ প্ৰাঙ্গনত সাতামপুৰুষৰ পৰা হিন্দু মুছলমানৰ ধৰ্মীয় ভেদাভেদ পৰিহাৰ কৰি পুৰুষৰ দ্বাৰা সম্পূৰ্ণ সত্ৰীয়া সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা উদযাপন কৰি আহিছোঁ। এইবাৰো আমি শান্তি সম্প্ৰীতি অক্ষুন্ন ৰাখি কেইবাগৰাকীও ইছলাম ধৰ্মাৱলম্বী যুৱকে গোপীৰ ৰূপলৈ নৃত্য প্ৰদৰ্শন কৰিছে। আমি আশা কৰোঁ হাটবৰ হাজাৰমন্দিৰ প্ৰাঙ্গনৰ এই সম্প্ৰীতিৰ ধাৰাটো সমগ্ৰ অসম তথা বিশ্বলৈ যেন বিয়পি যায়।"

ৰাস মহোৎসৱটোত গোপী ৰূপে নৃত্য পৰিবেশন কৰা চন্দন শইকীয়াই কয়: "সকলো একেই মানুহ। কেলি নৃত্যত সকলোৱে একেলগে অংশগ্ৰহণ কৰিব পাৰে। বৃন্দাবনত ষোল্লশ গোপী আছিল। সকলো ধৰণৰ গোপী আছিল তাতে। গতিকে সকলোৱে একেলগে নৃত্য প্ৰদৰ্শন কৰিলে সুন্দৰ বুলি মই ভাবো।"

কেলিগোপাল নাটত নৃত্য পৰিবেশন কৰা মৃদুল বৰাই কয়: "জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি ওলাই আহিছোঁ। আমাৰ ইয়াৰ পৰা এটাই বাৰ্তা দিব বিচাৰিছোঁ যে হিন্দু, মুছলমান, জৈন, শিখ আৰু অন্যান্য ধৰ্মাৱলম্বী লোকসকল যাতে আমি একেলগে মিলাপ্ৰীতিৰ মাজেৰে থাকোঁ। ইয়াত যাতে ভেদাভেদ নাহে সেই বাৰ্তাই যাতে ইয়াৰ পৰা প্ৰেৰণ হয়।"

কলিয়াবৰৰ বিভিন্ন স্থানৰ শতাধিক পুৰুষ-যুৱক আৰু শিশু চেমনীয়াই ভাগ লোৱা পুৰুষ ৰাসত মুছলমান যুৱকৰ নৃত্যই কলিয়াবৰৰ হিন্দু মুছলমানৰ মাজত থকা ঐক্য, সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰমাণ দিছে। উক্ত ৰাসোৎসৱৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা গোপী নৃত্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ গোপীৰ পুৰস্কাৰ লাভ কৰে।