খিলঞ্জীয়া মুছলমানৰ শিক্ষাৰ স্থিতিক লৈ কোনো তথ্য ভাণ্ডাৰ নাইঃ চৰকাৰী উপ-সমিতি

Story by  atv | Posted by  Munni Begum • 1 Years ago
গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়
দৌলত ৰহমান / গুৱাহাটী 
 
শ শ বছৰ ধৰি ৰাজ্যখনত বাস কৰি থকা খিলঞ্জীয়া মুছলমানসকলৰ শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ প্ৰসিদ্ধ শিক্ষাবিদ শ্বেখ হেদায়েতুল্লাৰ নেতৃত্বত গঠিত অসম চৰকাৰৰ এখন উপ-সমিতিয়ে এই সম্প্ৰদায়ৰ দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি দেশৰ শীৰ্ষ প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণলৈকে বিভিন্ন প্ৰস্তাৱ চৰকাৰৰ ওচৰত দাখিল কৰিছে। উপ-সমিতিখনে যোৱা মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত তেওঁলোকৰ বিস্তৃত প্ৰতিবেদন দাখিল কৰিছিল।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা বাৰ্তালাপত উপ-সমিতিৰ অধ্যক্ষ শ্বেখ হেদায়েতুল্লাই কয় যে, খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ পাঁচটা উপ-গোট ক্ৰমে ছৈয়দ, গৰিয়া, মৰিয়া, দেশী আৰু জুলহাৰ শিক্ষাৰ স্থিতি সম্পৰ্কে কোনো সঠিক জৰীপ আৰু তথ্য ভাণ্ডাৰ নাই। খিলঞ্জীয়া মুছলমানসকলৰ শিক্ষাৰ স্থিতি জানিবলৈ এক বিস্তৃত জৰীপ কৰা উচিত আৰু এনে জৰীপে চৰকাৰক সম্প্ৰদায়টোৰ বাবে সামগ্ৰিক শিক্ষা নীতি তৈয়াৰ কৰাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে। 
"বৰ্তমান অসমত সংখ্যালঘু বৃত্তি আঁচনিয়ে অভিবাসী মুছলমান সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলক মুখ্যতঃ লাভান্বিত কৰি আছে। অসমীয়া মুছলমান সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলে খুব কমেই বৃত্তি লাভ কৰে। এনে বৈষম্য বন্ধ কৰিব লাগিব আৰু থলুৱা মুছলমান সম্প্ৰদায়ৰ মেধাৱী শিক্ষাৰ্থীসকলে বৃত্তি লাভ কৰিব লাগিব," শ্বেখ হেদায়েতুল্লাই কয়।
বিশিষ্ট শিক্ষাবিদগৰাকীয়ে কয় যে উপ-সমিতিয়ে ধুবুৰী জিলাত খিলঞ্জীয়া অসমীয়া মুছলমান বিশেষকৈ দেশী আৰু গৰিয়া উপ-গোটসমূহৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে জোৰদাৰ দাবী জনাইছে। তেওঁ লগতে কয় যে থলুৱা মুছলমানসকলৰ আধিপত্য থকা এলেকাসমূহত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান(আইটিআই)স্থাপন কৰিব লাগিব, যাতে যুৱ প্ৰজন্মই সহজে চাকৰি আৰু অন্যান্য নিযুক্তিৰ পথ বিচাৰিবলৈ বৃত্তিমূলক শিক্ষা লাভ কৰিব পাৰে।
 
খিলঞ্জীয়া দেশী মুছলমান লোক সকলৰ বিবাহৰ ৰীত-নীতিৰ এক দৃশ্য
 
ধুবুৰীত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ উপৰিও উপ-সমিতিয়ে খিলঞ্জীয়া অসমীয়া মুছলমান লোকৰ বসতি থকা অঞ্চলসমূহত উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ দাবী জনাইছে।  প্ৰেৰণাদায়ী কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ প্ৰতি সমাজৰ মানসিকতা সলনি কৰিবলৈ বা স্কুল এৰি দিয়া শিশুৰ অভিভাৱকসকলক অনুপ্ৰাণিত কৰিবলৈ মুছলমান সম্প্ৰদায়ৰ বুদ্ধিজীৱী আৰু আগশাৰীৰ নাগৰিকসকলৰে জিলা পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ উপ-সমিতিয়ে চৰকাৰক পৰামৰ্শ আগবঢ়াইছে। 
“বাল্য বিবাহৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ জিলা পৰ্যায়ৰ সমিতি গঠন কৰিব পাৰে। ছোৱালীৰ অনুকূল শিক্ষাৰ প্ৰচাৰৰ বাবে বিদ্যালয়সমূহত কমেও এগৰাকী মহিলা শিক্ষক প্ৰদান কৰিলে ছোৱালীসকলক শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰিব। বিভিন্ন পেছাদাৰী বা বৃত্তিমূলক পাঠ্যক্ৰম আৰু বৃত্তি সম্পৰ্কীয় বিষয়বোৰৰ বিষয়ে শিক্ষাৰ্থী বা অভিভাৱকসকলৰ মাজত, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ সজাগতা সৃষ্টি কৰিবলৈ জিলা পৰ্যায়ৰ হেল্পডেস্ক এটা স্থাপন কৰা উচিত।" উপ-সমিতিয়ে ইয়াৰ প্ৰতিবেদনত কয়। 
উপ-সমিতিয়ে গুৱাহাটী অথবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজান পীৰৰ নামত আসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছে। ইউপিএছচি, এপিএছচি, এনইইটি, এনইটি আদি পৰীক্ষাৰ বাবে অসমীয়া মুছলিম শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিবলৈ উপ-সমিতিয়ে চৰকাৰক পৰামৰ্শ দিছে।
 
খিলঞ্জীয়া দেশী মুছলমান সম্প্ৰদায়ৰ যুৱতী সকলে নৃত্য পৰিবেশন কৰা এক মুহূৰ্ত
 
উল্লেখ্য যে, ২০২১ চনত সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগে গঠন কৰা সাতখন উপ-সমিতিয়ে শ শ বছৰ ধৰি ৰাজ্যত বাস কৰি থকা খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয়, শিক্ষা, জনসংখ্যা নিয়ন্ত্ৰণ, স্বাস্থ্যসেৱা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সৱলীকৰণৰ ওপৰত পুংখানুপুংখ অধ্যয়নৰ কাম হাতত লৈছিল।
উপ-সমিতিৰ প্ৰতিবেদনসমূহ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে উল্লেখ কৰিছিল যে তেওঁৰ চৰকাৰে ৰূপায়ণৰ বাবে সকলো পৰামৰ্শ আন্তৰিকতাৰে আৰু সূক্ষ্মভাৱে পৰীক্ষা কৰিব। যিহেতু সকলো উপ-সমিতি খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি আৰু চৰকাৰী বিষয়াসকলৰ দ্বাৰা গঠন কৰা হৈছিল, সেয়েহে সম্প্ৰদায়টোৱে সামগ্ৰিকভাৱে সকলো পৰামৰ্শত সন্মত হোৱা উচিত বুলি তেওঁ আশা প্ৰকাশ কৰিছিল।
মুখ্যমন্ত্ৰীয়ে কয়,"সমিতিসমূহৰ দিহা-পৰামৰ্শসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব। পৰামৰ্শৰ আধাৰত আমি খিলঞ্জীয়া অসমীয়া মুছলমানৰ সংজ্ঞা নিৰ্ধাৰণ কৰিব পাৰোঁ।"