সাম্প্ৰদায়িক সম্প্ৰীতিৰ পথ দেখুওৱা মাংগালুৰুৰ এখন গাঁও

Story by  atv | Posted by  [email protected] • 1 Years ago
গাঁওখনত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকল
গাঁওখনত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকসকল

শুজাত আলী কাদ্ৰী

ভাৰতীয় সংবাদ মাধ্যমত মুছলমান আৰু ইছলাম বিৰোধী বিভিন্ন তৰ্ক-বিতৰ্ক অব্যাহত থকাৰ সময়তে দক্ষিণ কৰ্ণাটকৰ মাংগালুৰু জিলাৰ পাভোৰ নামৰ এখন সৰু গাঁৱে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিৰল নিদৰ্শন দাঙি ধৰিছে। হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ বসতিস্থল এই গাঁওখনত তিনিওটা ধৰ্মৰ বাবে পূজাস্থলী আছে।
 
স্থানীয় বিধায়ক ইউ টি খাদৰে আগবঢ়োৱা ধনেৰে গাঁওবাসীয়ে নিৰ্মাণ কৰিছে একতাৰ দুৱাৰ আৰু এই দুৱাৰৰ মাজেৰে গাঁওবাসীয়ে সকলো ধৰ্মৰ পূজাস্থলীলৈ যাব পাৰে। এই দুৱাৰেদি হিন্দুসকলে শ্ৰী বৈদ্যনাথ মন্দিৰ, মুছলমানে জুম্মা মছজিদ, আৰু খ্ৰীষ্টানসকলে ইনফেণ্ট জিছুছ চাৰ্চলৈ যায়।খাদেৰে কয় যে শেহতীয়াকৈ গেটখনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত গাঁওবাসী আৰু নেতাকে ধৰি সকলোৱে উপস্থিত থাকে। তেওঁ কয় যে ভাৰতৰ দৰে বহুধৰ্মীয় সমাজত ৰাজনৈতিক নেতা, ধৰ্মগুৰু, আৰু গাঁওবাসীয়ে ধৰ্মীয় সম্প্ৰীতিৰ বাবে আগবাঢ়ি অহাটো এক উল্লেখযোগ্য পদক্ষেপ।
 
উল্লেখ্য যে, উল্লাল বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দক্ষিণ কৰ্ণাটকৰ ধৰ্মীয় সম্প্ৰীতিৰ দূত হিচাপে চিহ্নিত তেওঁৰ পিতৃ ইউ টি ফাৰিদৰ স্মৃতিত স্থানীয় বিধায়ক খাদেৰে এই বিশেষ দুৱাৰখন নিৰ্মাণ কৰিছে। তেওঁ কয় যে পাভোৰত ধৰ্মীয় ঐক্যৰ পৰম্পৰা আছে; তাত থকা মানুহে ধৰ্মীয় অপপ্ৰচাৰৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিয়ে।
 
তেওঁ কয় যে এই গাওঁখনে আনৰ বাবে সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উদাহৰণ দাঙি ধৰিছে। সমগ্ৰ দেশতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বন্ধন গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰয়োজন আছে, যি হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ মাজত একতাৰ আধাৰ। "গাওঁখনত বহুতো পৰিৱৰ্তন দেখা গৈছে। মই ইতিমধ্যে মুখ্য পথটো নিৰ্মাণৰ বাবে ৩০ লাখ টকাকে ধৰি কেইবাটাও উন্নয়নমূলক কামৰ বাবে পুঁজি মঞ্জুৰ কৰিছো। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণেৰে পাভোৰক এখন আদৰ্শ গাওঁ হিচাপে গঢ়ি তুলিবলৈ অধিক পুঁজি মঞ্জুৰ কৰা হ'ব," খাদেৰে কয়।
 
সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি খাদেৰে সাম্প্ৰদায়িক ভিত্তিত ভোটাৰৰ মেৰুকৰণৰ প্ৰক্ৰিয়াক গৰিহণা দিয়ে আৰু কয় যে সকলো ৰাজনৈতিক নেতাই এই কথা নিশ্চিত কৰিব লাগে যে আগন্তুক কৰ্ণাটক বিধানসভা নিৰ্বাচন সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত নোহোৱাকৈ সম্পন্ন হ'ব লাগে।
 
তেওঁ কয় যে ৰাজনীতিবিদ, সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় নেতা, শিক্ষাবিদ, মহিলা নেত্ৰী, সংবাদ মাধ্যম, লেখক আৰু অন্যান্যসকলে ভাৰতক এখন শান্তিপূৰ্ণ দেশ হিচাপে গঢ়ি তোলাত এক নিৰ্ণায়ক ভূমিকা পালন কৰে।

(লেখক ভাৰতীয় মুছলিম ছাত্ৰ সংগঠনৰ অধ্যক্ষ)