নতুন দিল্লী
মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ৰাইজক উষ্ম শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰতৰ অগ্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকাৰ কৰে। তেওঁ ৰাজ্যখনৰ ক্ৰীড়া, সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি থকা ধাউতিৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ভৱিষ্যতক লৈ আশাবাদ ব্যক্ত কৰি 'X' (টুইটাৰ) ত লিখিছে, "মণিপুৰৰ ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে মই ৰাজ্যখনৰ ভাই-ভনীসকলক উষ্ম শুভেচ্ছা জনাইছোঁ। মণিপুৰৰ জনসাধাৰণে ভাৰতৰ প্ৰগতি অধিক সমৃদ্ধ কৰি তুলিছে।"
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ বাবেও কামনা কৰে। তেওঁৰ প’ষ্টটোত লিখা আছিল— "ক্ৰীড়া, সংস্কৃতি আৰু প্ৰকৃতিৰ প্ৰতি এই ৰাজ্যখনৰ যি আৱেগ, সেয়া উল্লেখযোগ্য। অনাগত সময়ত ৰাজ্যখন উন্নয়নৰ পথেৰে আগুৱাই যাওক, তাৰেই কামনা কৰিছোঁ।"
আন এক প’ষ্টত তেওঁ ত্ৰিপুৰাৰ পৰম্পৰা আৰু আধুনিকতাৰ সংমিশ্ৰণৰ প্ৰশংসা কৰি কয় যে ইয়াৰ জনসাধাৰণে ভাৰতৰ বিকাশৰ ধাৰাত অৰিহণা যোগাইছে।
প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "ত্ৰিপুৰাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত ৰাইজক উষ্ম শুভেচ্ছা জনাইছোঁ। ত্ৰিপুৰাৰ যাত্ৰা পৰম্পৰা আৰু আধুনিকতাৰ এক উল্লেখযোগ্য সংমিশ্ৰণৰ দ্বাৰা চিহ্নিত।"
তেওঁ লগতে লিখে, "ৰাজ্যখনে বিভিন্ন ক্ষেত্ৰত অগ্ৰণী পৰিৱৰ্তনৰ সাক্ষী হৈছে আৰু ইয়াৰ জনসাধাৰণে ভাৰতৰ বিকাশৰ গতিত মাত্ৰা প্ৰদান কৰিছে। মই প্ৰাৰ্থনা কৰোঁ যাতে অনাগত সময়ত ত্ৰিপুৰা যথেষ্ট সমৃদ্ধিশালী হয়।"
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মণিপুৰৰ ৰাইজক শুভেচ্ছা জনাই ৰাজ্যখনক দেশৰ গৌৰৱ বুলি অভিহিত কৰে।
শ্বাহে 'X' ত লিখিছে, "মণিপুৰৰ আমাৰ ভাই-ভনীসকললৈ ৰাজ্য প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা। এক সজীৱ সংস্কৃতি আৰু প্ৰতিভাশালী লোকৰ আশীৰ্বাদপুষ্ট মণিপুৰ সদায় আমাৰ গৌৰৱ হৈ আহিছে। অনাগত সময়ত ৰাজ্যখনে নতুন উচ্চতাত উপনীত হওক।"
উল্লেখ্য যে, ১৯৭১ চনৰ উত্তৰ-পূব অঞ্চল পুনৰ গঠন আইনৰ অধীনত ১৯৭২ চনৰ ২১ জানুৱাৰীত ত্ৰিপুৰা আৰু মণিপুৰক পূৰ্ণ পৰ্যায়ৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে ত্ৰিপুৰা আৰু মণিপুৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।