Thu May 15 2025 7:19:04 AM
  • Follow us on
  • Subcribe

শিখ ধৰ্ম আৰু গুৰু নানক

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
গুৰু নানক তেওঁৰ শিষ্যসকলৰ সৈতে
গুৰু নানক তেওঁৰ শিষ্যসকলৰ সৈতে
  ড০ নন্দ সিং বৰকলা

‘‘অকল ভূগোলে জাতি এটা গঢ়িব নোৱাৰে৷ মাটিয়ে জাতি নহয়৷ মাটি জাতিৰ উপাদান সমূহৰ এটাহে৷ মানচিত্ৰই জাতিৰ প্ৰতীক নহয়৷ বুৰঞ্জীয়েই মাত্ৰ জীয়া জাতিৰ পৰিচয় নিদিয়ে৷ ভূগোল বিহীন ইতিহাস জাতি এটাৰ পৰিহাসহে৷ জাতি একোটাৰ এক ওহালি তাঁতৰশালৰ দীঘ-বাণি ভূগোল আৰু বুৰঞ্জী দুয়োটাই৷ দুয়োবিধ উপাদান সমানুপাতিক নহ’ব পাৰে, কিন্তু পৰস্পৰ পৰিপুৰক৷’’

অসমলৈ শিখ সকলৰ আগমনো তেনে এটি যুদ্ধৰ প্ৰক্ৰিয়াৰ মাজেৰে প্ৰব্ৰজন আৰম্ভ হৈছিল৷ তাৰো পূৰ্বে গুৰুনানকৰ অসম ভ্ৰমণ এক যুগান্তকাৰী ঘটনা৷ নৱ বৈষ্ণৱ আন্দোলনৰ এইজন মহাপুৰুষৰ শংকৰ গুৰুৰ সমাজ সংস্কাৰ, নামঘৰ প্ৰতিষ্ঠাৰে কৃষ্ণকৰ্ষণৰ নতুন চেতনাৰ জাগতিক চিন্তাত নতুন মাত্ৰা প্ৰদান কৰাই নহয়, শংকৰ গুৰুৰ সৰ্বভাৰতীয় তথা বিশ্ব চিন্তাৰ মহান দৃষ্টিভংগীৰ বিষয়ে দুয়োজন গুৰুৰ চিন্তাই নতুনৰূপত প্ৰাণ পাই উঠিছিল৷

অতুল চন্দ্ৰ হাজৰিকাৰ মতে - ‘‘শংকৰ জগত গুৰু, গুৰু অসমৰযএকে শিক্ষাপাঞ্জাৱৰ গুৰু নানকৰযএই ধৰ্ম এক ঈশ্বৰৰযএই ধৰ্ম নাম কীৰ্ত্তনৰযথাকে য’ত থাপনাতযভাগৱত নতু গ্ৰন্থসাহিবযজ্বলে য’ত অখণ্ড প্ৰদীপযহয় য’ত সমাগত ভক্তসকলৰয সেয়ে গুৰুদ্বাৰা, সেয়ে নামঘৰ৷’’

গুৰুনানক অসমলৈ অহাৰ বিষয়ে বুৰঞ্জীবিদ ৰণবীৰ সিঙে - Glimpses of the Divine   Master ত এনেদৰে লিখিছে “From Jaganathpuri the Guru Nanak crossed over to Assam and reached the city of Kamrup. This city was then ruled by a woman of black magic, she had assumed the name of Nurshad the name of one from  whom she had learnt this art. She herself and her woman. Companions practised black magic and exercised strange power over all in the locality.
 

 
গুৰুনানকৰ অসম ভ্ৰমণ [উদাসী] কালৰ বিষেয়ে বুৰুঞ্জীবিদ ড০ ত্ৰিলোচন সিঙে তেওঁৰ ‘‘গুৰু টেগবাহাদুৰ’’ শীৰ্ষক গ্ৰন্থত লিখিছে-‘‘It was during the reign of Ahom king Suhungmung, Who under the influence of Brahmins, assumed the Hindu title Swarga Naragan, the Guru Nanak visited this land of magic and beauty. On the way to Kamakhya, Guru Nanak stohped at Dhubri and it was during this itincrary that Guru Nanak met the great Vaishnava saint Sankardeva.

উল্লেখযোগ্য যে, গুৰু নানকে ধুবুৰীত কিছুদিন অতিবাহিত কৰি কামৰূপৰ হাজো আৰু কামাখ্যা মন্দিৰো দৰ্শন কৰিছিল৷ অসমত থকা কালতে গুৰুনানকৰ অসমীয়া জাতিৰ ত্ৰাণকৰ্তা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ স’তে মিলন ঘটিছিল ধুবুৰীত৷ গুৰু নানক হিন্দু ধৰ্মালম্বী ব্যক্তি আৰু তেওঁ জাতিভেদ প্ৰথাৰ প্ৰচণ্ড বিৰোধী আছিল৷ যিসকল ভাৰতবৰ্ষৰ নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম মহাপুৰুষ গুৰু নানকৰ শিষ্য সেইসকলেই শিখ আছিল৷ অৰ্থাৎ গুৰুনানকে প্ৰৱৰ্তন কৰা শিখ ধৰ্মৰ শিষ্যই গ্ৰহণ কৰা ধৰ্মটো পৃথিৱীৰ আটাইতকৈ নৱীনতম বিজ্ঞানসন্মত ধৰ্ম৷ গুৰু নানকৰ অন্যতম সহযোগী শিষ্য  মৰ্দনাক লগত লৈ [১৫০৪-১৫০৮ খ্ৰীঃ] তেওঁৰ প্ৰথম উদাসী [ভ্ৰমণ] ত অসমৰ কামৰূপলৈ আহিছিল৷ অসমৰ বুৰঞ্জী সাহিত্যত বা আধ্যাত্মিক সাহিত্যত গুৰু নানকৰ অথবা শিখ ধৰ্মৰ প্ৰসংগই আজিকোপতি বিশেষ গুৰুত্ব নোপোৱাটো মন কৰিবলগীয়া৷ হাজো পোৱামক্কা আৰু হিন্দু মন্দিৰত গুৰুজনাৰ দৰ্শণে  হিন্দু মুছলমানৰ মাজৰ মিলন সাকোঁত নতুন মাত্ৰা প্ৰদান কৰিছিল৷

গুৰুনানকৰ প্ৰথম উদাসী ১৫০৫ খ্ৰীঃ যাত্ৰা দিল্লী, মথুৰা, লক্ষ্ণৌ, আগ্ৰা, গয়া, ৰাজমহল, ধানপুৰ, পাটনা, কাসী, আযোধ্যা, পুৰী, জগন্নাথ, বৃন্দাবন ঢাকা হৈ কামৰূপলৈ অহাৰ বৰ্ণনা বিভিন্নজন শিখ ভাষ্যকাৰ লিখকে উল্লেখ কৰিছে৷
এইখিনিতে মন কৰিবলগীয়া যে, Max Arthur Macauliff ৰ বৰ্ণনাত গুৰু নানকৰ কামৰূপ বিবৰণ মন কৰিবলগীয়া- The Guru and mardona went to Kamrup, Country whose women were famous for their skill in incantation and magic. It was governed by a Green called Nur Shah in the Sikh ehronicles. Max Arthr Macauliff য়ে The Sikh Religion শীৰ্ষক ছয়টা বৃহৎ খণ্ডত গুৰু নানকৰ কামৰূপ ভ্ৰমণৰ বৰ্ণনা কৰিছে৷ তেওঁ ১৮৯৩ চনত ইংৰাজৰ চাকৰিৰ পৰা অব্যাহতি লৈ শিখ ধৰ্মীয় পণ্ডিতৰ সহায়ত গুৰুমুখী ভাষা শিকিছিল৷ 
 

 
গুৰুনানকে  তেওঁৰ বিশ্ব পৰিভ্ৰমণ কালত অস্পৃশ্যতাক নিৰ্মূল কৰিবৰ বাবে দুজন নীহকুলীয়া হিন্দু আৰু মুছলমান ভ্ৰাতৃ ক্ৰমে ‘‘বালা’’ আৰু ‘‘মাৰ্ডানা’’ক লগত লৈ ১৫০৪ খ্ৰীঃত এটা ভ্ৰমণ কালত ৰাজমহল, গয়া, বৈদ্যনাথ, ভাগলপুৰ আৰু সাহিবগঞ্জলৈ যাওঁতে ৰাজমহলৰ ৰজা নীমদেৱে গুৰুজীক তেওঁৰ লগত কিছুসময় কটাবলৈ অনুৰোধ কৰি গুৰনানকৰ নামত ‘গুৰুকাবাগ’ নামৰ এখন বাগিছা নিৰ্মাণ কৰে৷ ইয়াত কিছুদিন কটোৱাৰ পিছত গুৰুজীয়ে বীৰাটগঞ্জ, দেৱীপুৰ, চাহযাদপুৰ, মুৰ্ছিদাবাদ, ঢাকা, ধানপুৰ হৈ ভ্ৰমণ কৰে৷ ধানপুৰ ভ্ৰমণ কালত মাৰ্ডানাৰ এদিন ভোক লগাত খাদ্যৰ সন্ধানত ওচৰৰ গাঁও এখনলৈ যাওঁতে গাঁৱৰ অতিশয় দুষ্ট , কুটীল চৰিত্ৰৰ কুখ্যাত গাভৰু সকলৰ যাদুৰ গৰ্ভত পৰিলগৈ৷ গুৰুনানকে দিব্য দৃষ্টিৰে এই কাৰ্যৰ পৰা মাৰ্ডানাক ৰক্ষা কৰে আৰু গাভৰু সকলৰ যাদুবিদ্যাই কাম নিদিয়াত বিপদত পৰিল৷ শেষত গাভৰু সকলে গুৰুচৰণত ক্ষমা ভিক্ষা মাগে৷ ‘‘Back ground of Assamese culture’’নামৰ কিতাপ খনত বুৰঞ্জীবিদ ড০ সূৰ্যকুমাৰ ভূঞাই এইদৰে লিখি থৈ গৈছে- “ When so late as Guru Nanak, the first Guru and the founder of valient sikh nation, while reaching Dhanpur, on his world wide tour near Dacca, had a bitter anguish of finding  his brave companion Mardana a Panjabi musician accompaning him on his tour, converted in to lamb befour his very eyes, by a women of this country, who could as reconvert the young man to his natural anatomical shape occuring to her personal and private needs of worldly desires.”

গুৰু টেগবাহাদুৰ অসমত আহি প্ৰথম উপস্থিত হোৱা ঠাইখনৰ নাম হ’ল ৰঙামাটি নগৰ৷ বুৰঞ্জীবিদসকলে বৰ্ণনা কৰা মতে গুৰু নানকৰ সহায়ত ৰামসিংহ আৰু কামৰূপৰ ৰজাৰ মাজত মিত্ৰতা স্থাপন হয়৷

ড০ সূৰ্য কুমাৰ ভূঞাৰ শিখ সমন্ধীয় বৰ্ণনানুসাৰে ১৬৬৭ খ্ৰীঃৰ শেষৰ ফালে মোগল সম্ৰাট ঔৰংজেৱে মোগলৰ অধীনত থকা গুৱাহাটী আহোমে পুনৰ উদ্ধাৰ কৰাৰ কথা জানিব পাৰি আহোমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সেনাপতি ৰামসিংহৰ অধীনত এদল সৈন্য গুৱাহাটীলৈ পঠালে৷ মন কৰিবলগীয়া যে, শিবাজী আৰু শিখ গুৰু টেগবাহাদুৰক অতীতত সহায় কৰাৰ শাস্তি হিচাবে ঔৰেংজেৱে ৰামসিংহক অসমলৈ পঠাইছিল৷ অসম হাবি-জংগল, বন্য জন্তু, যাদু-মন্ত্ৰ, তন্ত্ৰৰ দেশ বুলি জনাজাত আৰু পূৰ্বে অসম আক্ৰমণ কৰিবলৈ অহা অনেক সেনাপতি, সৈন্যই মৃত্যু বৰণ কৰিছে হয় যুদ্ধত নহয় প্ৰাকৃতিক কাৰণত৷ সেয়ে ৰামসিংহক শাস্তিমূলক ব্যৱস্থা হিচাবে অসমলৈ ঔৰেংজেৱে পঠাইছিল৷
 
এইখিনিতে মনকৰিবলগীয়া যে, ৰামসিংহৰ অসম আগমনৰ বাৰ্তাত তেওঁৰ মাতৃ আৰু পত্নী চিন্তিত হ’ল৷ শেহান্তৰত ৰামসিংহৰ পাটৰাণীয়ে তেওঁক গুৰু টেগবাহাদুৰৰ শৰণাপন্ন হ’বলৈ পৰামৰ্শ দিলে ৷ মনকৰিবলগীয়া যে, ৰামসিংহৰ পাটৰাণী পিতৃ পৰিয়াল শিখ গুৰুৰ শিষ্য আছিল৷
 
Macauliffৰ The Sikh Religionৰ পৃষ্ঠা ৩৮৪ অনুসৰি, ৰামসিংহই তেওঁৰ সহযোগীৰ সমন্বিতে গুৰু টেগবাহাদুৰক পাটনাত লগ ধৰি পৰামৰ্শৰ লগতে আশীৰ্বাদ কামনা কৰি গুৰুক ৰামসিংহৰ সংগী হ’বলৈ অনুৰোধ কৰিবৰ বাবে পাটনালৈ যাবলৈ সাজু হৈছিল৷ এইখিনিতে গুৰু টেগবাহাদুৰে অসম আৰু বংগ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰি ঢাকা অভিমুখে যাত্ৰা কৰিছিল৷ ৰামসিংহই গুৰুক ঢাকাত লগ পোৱাৰ তথ্য পোৱা যায়৷

ৰামসিংহই গুৰুক ঢাকাতহে লগ ধৰাৰ কথা কোনো কোনো বুৰঞ্জীবিদৰ লেখাত পোৱা যায়৷ Beghৰ মতে গুৰুৱে ঢাকাত থকাৰ সময়ত ৰামসিংহই অসম অভিযানলৈ আহোতে ঢাকাত গুৰুৰ শৰণাপন্ন হৈছিল৷ গুৰুৱে তেওঁক পৰামৰ্শ আৰু আশীৰ্বাদ দি ৰক্তক্ষয়ী ৰণৰ পৰা বিৰত থাকিবলৈ উপদেশ দিছিল৷ [Begh History পৃষ্ঠা ৮৮]
 
অন্যহাতে সূৰ্য্যকুমাৰ ভূঞাই বিভিন্ন বুৰঞ্জীবিদৰ বৰ্ণনাৰ কথাৰে এই সন্দৰ্ভত লিখাখিনি মন কৰিব লগীয়া কামৰূপ এখন যাদুমন্ত্ৰৰ দেশ৷ কামৰূপৰ ৰজাই নানা যাদু বিদ্যাৰে কামৰূপ আক্ৰমণ কৰিবলৈ অহা ৰামসিংহ আৰু তেওঁৰ সৈন্যক পৰাস্ত, ভয়-ভীতি, ত্ৰাস দিবলৈ ভিন্ন যাদু বিদ্যা প্ৰয়োগ কৰে৷ কামৰূপৰ ৰজা এই দিশত বিফল হোৱাত ৰজাই যাদুবিদ্যাত পাৰ্গত মহিলা কিছু শত্ৰু বশ কৰিবলৈ পঠালে৷ তেওঁলোক বিশেষ সফল নহ’ল৷ গুৰু টেগবাহাদুৰৰ ঐশ্বৰিক গুনৰ কাষত মহিলা সকল পৰাজিত হ’ল৷ উপায়ন্তৰ হৈ গুৰু টেগবাহাদুৰৰ অনুসন্ধান পোৱাত কামাখ্যা মাৰ মন্দিৰ লৈ গৈ পূজা দি মাৰ আশীৰ্বাদ বিচাৰিলে৷
 
 
এক আলোচনা অন্তত গুৰnৰ¸ মধ্যস্থতাত সৌহাদ্য পূৰ্ণভাবে যুদ্ধৰ অন্ত পৰিল৷ গুৰুৱে নিজৰ তৰোৱালেৰে দুয়ো পক্ষৰ মাজত সীমাৰেখা টানি এখন ৰক্তক্ষয়ী যুঁজৰ অন্ত পেলালে৷

 ইয়াৰ পৰৱতীৰ্ চমুকালত গুৰুৰ সৈন্য-সামন্তসকল ধুবুৰীত উপস্থিত হয়৷ শংকৰ গুৰুৰ সতে গুৰু নানকৰ মিলন হৈছিল এই লুইতৰ সাৰুৱা উপত্যকাত, গুৰুৰ পদুলিত, ধূপ-ধূণাৰ ধোঁৱাৰে পুৱা-গধূলি ভক্তিসংগীতৰ বন্দনাত মুখৰিত অসমভূমিত৷ সেয়ে গুৰুৱে চিৰদিনৰ বাবে পবিত্ৰ স্মৃতি থৈ যোৱাৰ মানসেৰে ৰামসিংহৰ সৈন্যসকলৰ হতুৱাই পাঁচ ঢালকৈ মাটি আনি এটা  ঢিপৰ সৃষ্টি কৰিলে৷ গুৰুৰ হাতৰ পৰশত প্ৰতিষ্ঠিত হ’ল  ‘নিচান চাহাব’ [শিখধমীৰ্য় পতাকা] লগে লগে এটি নতুন গুৰুদ্বাৰাই অসমত প্ৰাণ পালে৷ এই গুৰুদ্বাৰাৰ নাম ‘দমদমা চাহিব’৷ অসমৰ প্ৰথম ঐতিহাসিক গুৰুদ্বাৰা৷ এই দমদমা চাহেবত বছৰি গুৰু টেগবাহাদুৰৰ পৱিত্ৰ তিথি উদযাপন হৈ আহিছে৷ য’ত পৃথিবীৰ সবত্ৰৰ্কোণৰ পৰা গুৰু ভক্তসকলে প্ৰতিবছৰে লুইতৰ এই পবিত্ৰ ঠাইক প্ৰাণচঞ্চল কৰি তোলে৷ গুৰু নানকৰ অনুগামী সকলক মন্দিৰ তত্বৱধান কৰিবলৈ দি ১৬৬৯ চনত  গুৰু পাটনালৈ উভতি যায়৷ গুৰুৱে পাটনাৰ পৰা অহা কটকীৰ মুখেৰে ধুবুৰীত থকা কালত দশম পুত্ৰৰ জন্মৰ খবৰ লাভ কৰে৷
 
মনকৰিবলগীয়া কথা যে, গুৰু টেগবাহাদুৰ যুদ্ধৰ কোনো সৈনিক ৰূপে অহা নাছিল৷ Cunninghamৰ দ্বাৰা ৰচিত History of the Sikhৰ পৃষ্ঠা ৬৪ মতে - "The Guru accompanied Ram Singh army in the expedition against Assam and he meditated on the back of the river Brahmaputra."

গুৰুটেগবাহাদুৰ কামাখ্যা মন্দিৰলৈ আহিছিল৷ কামাখ্যাত এগৰাকী গুৰুৰ শিষ্যৰ ঘৰত এখন ফৰমান [দলিল] লিখিছিল এজন সতীৰ্থই৷ সেই ফৰমানখন অধ্যাপক ভূপেন সিঙৰ গুৰু টেগবাহাদুৰ গ্ৰন্থত ফটো কপি ছপা আকাৰত প্ৰকাশ হয় আৰু ভূপেন সিঙৰ মতে, সেই দলিলৰ অসমীয়া ভাঙনি এনেধৰণৰ-‘‘এতিয়া মই প্ৰকৃত গুৰু জীৱন চৰিত বৰ্ণনা কৰিম৷ পূৰ্বৰ পিনৰ ভক্ত বৃন্দই গুৰুৰ দৰ্শন লাভৰ বাবে অতি আগ্ৰহেৰে বাট চাই আছিল৷ গুৰুৱে ভক্তসকলৰ মনোকামনা পূৰণৰ অৰ্থে এই পূৰ্বৰ দেশত উপস্থিত হৈছে৷ এয়ে গুৰু টেগবাহাদুৰ দূৰণিৰ দেশ অসম [কামৰূপ] লৈ অহাৰ মুখ্য উদ্দেশ্য৷ দয়ালু গুৰুৰ তত্ব বুজিব নোৱাৰি৷ তেৰাৰ আচৰিত জীৱনৰ কথা বৰ্ণনা কৰা অসম্ভৱ৷ তেজ মঙহৰ আৰু ভাস্কৰ সদৃশ তেৰাৰ হৃদয় শূণ্যত বিৰাজমান৷ তেৰাৰ দৰ্শনত শত্ৰু আৰু প্ৰতিদ্বন্দীৰ শক্তি নাইকীয়া হয়৷ গঙ্গাৰ পানীৰ দৰে পবিত্ৰ আৰু স্বৰ্গীয় ধ্যান তেৰাৰ মন সদায় নিমগ্ন৷ সংসাৰী মানুহৰ সকলো কৰ্তব্য পালন কৰে যদিও মন সদায় ঈশ্বৰ চিন্তাত বিভোৰ৷ যি সকল  সত্যৰ অন্বেষণকাৰীয়ে জ্যোতিৰ পয়গম্বৰৰ সাক্ষাত লাভৰ বাবে উদিগ্ন, তেওঁলোকৰ ইচ্ছা পূৰণ হ’ল৷ বহু দুৰ্গম আৰু কণ্টক পূৰ্ণ বাটপথ ভ্ৰমি তেৰা পূৰ্বৰ এই অঞ্চললৈ আহিছে তেৰাৰ বিনম্ৰ ভক্তসৱক সাক্ষাত দিবলৈ৷ সকলো ঠাইতে ভক্তবৃন্দ তেৰাৰ প্ৰশংসাত পঞ্চমুখ৷ যি সকলে দয়ালু জ্ঞানৰ পোহৰ দিওঁতা গুৰু টেগবাহাদুৰক স্মৰণ কৰে তেওঁলোকে গুৰুক সদায় ওচৰতে পায়৷ দিনে নিশাই পূৰ্ব অঞ্চলৰ ভক্তসৱে প্ৰাৰ্থনা কৰিছিল যাতে গুৰু টেগবাহাদুৰ এই অঞ্চললৈ আহি তেওঁলোকৰ আশীৰ্বাদ কৰে৷ [ভূপেন সিং-গুৰুটেগবাহাদুৰ, পৃষ্ঠা ১৫]

গুৰু নানকৰ বিশাল জীৱনপৰিক্ৰমাত থকা মানৱীয় জীৱনবোধে সম্পত্তি সমগ্ৰ পৃথিৱীক আকৰ্ষণ কৰিছে৷ অন্ধবিশ্বাস, কুসংস্কাৰ, সামাজিক ভণ্ডমীৰ বিপৰীতে সাংস্কৃতিক, বিজ্ঞান যাত্ৰাৰ সভ্যতাৰ পৃথিৱী এখনৰ বাবে গুৰু নানকৰ দৃষ্টিভংগীত আছিল প্ৰচন্ন মানৱতাবাদৰ বিৰল অমিতাভ চেতনা৷ এক সামাজিক অনুষ্ঠানত বংশানুক্ৰমে পৰিচালিত হৈ অহা লগুণ গ্ৰহণৰ অনুষ্ঠানত সমাজৰ জমিদাৰ, শিক্ষক, মুখীয়াল, পণ্ডিত পুৰোহিতসকলক আঁচৰিত কৰি গুৰু নানকে লগুণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কৈছিল ‘দয়া যদি কপাহ হয়, সাধুতা যদি পাক হয়, নম্ৰতা যদি গাঠি হয়, মন্ত্ৰ যদি সুঁতা হয় আৰু সমগ্ৰ লগুণৰ পৰিভাষাটো যদি শৰীৰ হয় তেন্তে সেই লগুণ নিচিগে, নপচে, নেহেৰাই, বিদেশতো কোনেও ইয়াক চুৰ কৰিব নোৱাৰে৷ এনে লগুণে আপাদমস্তক নিৰন্তৰ মানুহক পৰিশীলিত আৰু মননশীলভাৱে গংগা স্নান কৰাই থাকে৷ যাৰ পৱিত্ৰতা অতুল্য৷” এই বুলি কৈয়ে সেই ধৰ্মীয় অনুষ্ঠানৰ পৰা গুৰু নানক আঁতৰি যায়৷ সমাজৰ প্ৰত্যেকেই গুৰু নানকৰ এনে আচৰণক অসন্মান বুলি মান্যতা দিলেও পৰৱৰ্তীকালত ইয়াৰ অন্তৰালত থকা বিজ্ঞান ধমনি বীজটোক উপলব্ধি কৰি গুৰুনানকৰ মহানতাক আৰু বিজ্ঞান দৰ্শনক স্বীকাৰ কৰে৷
 

 
শৈশৱত গুৰু শংকৰ, মানৱৰূপী ভগৱান শ্ৰীকৃষ্ণৰ দৰে গুৰুনানকৰ শৈশৱ নানান অলৌকিক ঘটনাৰে পৰিপূৰ্ণ আছিল৷ যিবোৰে সমাজৰ নিম্নবৰ্গৰ পৰা উচ্ছ পৰ্যায়লৈকে সকলোকে মোহাচন্ন কৰি ৰাখিছিল আৰু একাংশ মদগৰ্বী লোকে ইয়াক গুৰুনানকৰ যাদু বিদ্যাৰ গুণ বুলি প্ৰত্যাখ্যান কৰিছিল৷ পথাৰত গুৰু চৰাবলৈ যাওঁতে গছৰ তলত নিদ্ৰাৰত অৱস্থাত তেওঁক মুখত পৰা ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ বিশাল আকাৰৰ ক’লা ফেঁটী সাপে ফনা তুলি তেওঁক ৰ’দৰ পৰা ৰক্ষা কৰিছিল৷ এনে ঘটনা বহুতে দেখি হতভম্ব হোৱাই নহয় তেখেতৰ গাত যে কিবা অলৌকিক শক্তি আছে সেই কথা নিশ্চিত হৈছিল৷ তেওঁ চৰাই থকা গৰুবোৰে মানুহৰ ধান খেতি খাই বিনষ্ট কৰা ঘটনা যেতিয়া গোচৰ ৰূপে জমিদাৰৰ কাষ পাইছিললৈ তেতিয়া গুৰুনানকে তেওঁৰ গৰুৱে খেতি পথাৰ নষ্ট কৰাটো অস্বীকাৰ কৰিছিল৷ জমিদাৰ সমন্বিতে অনেক লোকে যেতিয়া খেতি পথাৰ দৰ্শন কৰিছিল তেতিয়া সকলোৱে দেখিছিল বিনষ্ট হোৱা শইচ  পথাৰখন পূৰ্বতকৈ অধিক লহপহকৈ দৃষ্টিনন্দন হৈ উঠিছিল৷ তেতিয়া প্ৰত্যেকেই নানকৰ জীৱনকাল যে পৰম ঐশ্বৰিক গুণ গৰিমাৰে সমাদৃত তাত গ্ৰহণ কৰিছিল৷

গুৰু নানকে জাতি ভেদ প্ৰথা নামানিছিল৷ তেওঁ শিষ্য বালা আৰু মাৰ্দানাক লগত লৈ ভ্ৰমণ কৰোঁতে এক জমিদাৰ ভোগোৰ গাঁও পালেগৈ৷ গুৰুনানকে সেই গাঁৱৰ এজন অতি দৰিদ্ৰ কাঠমিস্ত্ৰীৰ ঘৰত আশ্ৰয় ল’লে৷ এই কথাত জমিদাৰ ভোগো ক্ষুন্ন হৈ তেওঁৰ চাৰপাৰ্চিৰ দ্বাৰা গুৰুক তেওঁৰ গৃহলৈ আনিবলৈ হুকুম দিলে৷ গুৰুৱে উপৰ্যুপৰি ভোগোৰ অনুৰোধ প্ৰত্যাখান কৰাত ভোগোৱে এগালমান সুস্বাদু খাদ্য, ঘীউ, মৌ, নানান প্ৰকাৰৰ মিঠাই লৈ সেই দৰিদ্ৰ কাঠমিস্ত্ৰী জনৰ ঘৰ পালেহি৷ আৰু গুৰুক সেইবোৰ খাবলৈ অনুৰোধ কৰিলে৷ গুৰুৱে ভোগোৰ অনুৰোধ প্ৰত্যাখ্যান কৰি জমিদাৰে অনা পৰঠা আৰু দৰিদ্ৰ কাঠমিস্ত্ৰীজনৰ ঘৰত খোৱা শুকান ৰুটি দুয়োটা দুহাতেৰে লৈ চেপিলে৷ কাঠমিস্ত্ৰীজনৰ ৰুটীৰ পৰা ওলাল ঘীউ, মৌ আৰু ভোগোৰ পৰঠাৰ পৰা ওলাল তেজ, পোজ৷ তেতিয়া গুৰু নানকে ভোগোক কৈছিল তুমি দৰিদ্ৰ জনতাৰ কৰ সংগ্ৰহেৰে শোষণ কৰি উপাৰ্জন কৰা ধনত আছিল বেদনা আৰু যাতনাৰ কান্দোন৷ আৰু এই কাঠমিস্ত্ৰীজনৰ হাড় ভঙা শ্ৰমত আছিল জীৱনৰ শান্তি আৰু সৌন্দৰ্য৷

গুৰু এনে কথাত আৰু দৃশ্যত ভোগোৰ হূদয়ৰ ব্যপক পৰিৱৰ্তন হ’ল৷ তেওঁ অনুশোচনাৰে দগ্ধ লৈ তেওঁ যে চৰম অন্যায়ৰ বাটেৰে ধাবিত হৈ বিলাসী জীৱন কটাইছিল সেই কথা উপলব্ধি কৰি গুৰুৰ চৰণত দীঘল দিলে আৰু তেওঁৰ ওচৰত শৰণ ল’লে৷ গুৰু নানকে ক’লে মানুহ জীৱনৰ মূল্য অমূল্য, অনন্য, বিশাল, বৰ্ণিল, বৰ্ণাঢ্য, নান্দনিক, দৃষ্টিনন্দন, গংগা পৱিত্ৰ পানীৰ দৰে ব্যাকুল৷ ইয়াক কোনো মূল্যৰে কিনিব নোৱাৰি৷
 
 
গুৰু নানকৰ জীৱন কালৰ অনেকবোৰ ঘটনাই বিশ্বমানৱৰ পথ দৰ্শনৰ মাৰ্গ হৈ আছে৷ গুৰু গ্ৰন্থসাহিবত তেৰাৰ ৯৭৪ টা শ্লোক বা পদ্য সন্নিবিষ্ট৷ এই শ্লোকবোৰত মানুহৰ মুক্তি, কৰ্ম, জ্ঞান আৰু সাধুবাদৰ বিজ্ঞানকলাৰে প্ৰকৃত খালচাক তৰান্বিত কৰি আছে৷ খালচা মানে শিখ নহয়৷ খালচাৰ শব্দৰ অৰ্থ ব্যাপক, বিশাল, গভীৰ আৰু আকাশৰ দৰে উচ্ছ৷ যিসকলে পৱিত্ৰভাৱে সদাচাৰি ৰূপত পৰম পিতা পৰমেশ্বৰৰ জীৱন পৰিক্ৰামত থকা গুণানু কীৰ্তনক শ্ৰৱণ কৰে তেওঁ যি সম্প্ৰদায় বা জাতিৰে নহওক কিয় তেওঁহে প্ৰকৃত খালচা৷ শিখ ধৰ্মৰ একেশ্বৰবাদৰ মন্ত্ৰ গুৰু নাননক মুখ নিসৃত কথকলাই পৃথিৱীৰ বিভিন্ন জাতি জনগোষ্ঠীক আকৰ্ষিত কৰি ধাৱমান হোৱাৰ দৰে গুৰু শংকৰৰ নামধৰ্মই শিখ ধৰ্মৰ দৰেই নিতৌ বিম্বাশবদে চিঞৰি আছে পৰমপিতাক৷ বৈষ্ণৱ ধৰ্মৰ এক দেও, এক সেউ, একবিনে নাহি কেউৰ দৰে শিখ ধৰ্মৰ মূল মন্ত্ৰই তাকেই ব্যাখ্যা কৰি আছে এনেদৰে৷

“এক ঔংকাৰ, সৎনাম, কাৰটা পুৰুষ, নিৰ্ভও নীৰভেৰ আকাল মুৰুট,
আজোনিচে ভংগ গুৰু প্ৰসাদ, জপ আদিচাছ যোগাদিসাছ...
হে বিশ্বাস, নানকে হৌছে বিশ্বাস৷”

একেদৰে অতুল চন্দ্ৰ হাজৰিকাৰ কবিতাত বিদ্যমান হৈ আছে দুইধৰ্মৰ একেশ্বৰবাদৰ পৰম আধ্যাত্মিক জ্যোতি৷ ‘শংকৰ  জগত গুৰু গুৰু অসমৰয একে শিক্ষাৰ পাঞ্জাৱৰ গুৰু নানকৰয এই ধৰ্মৰ এক ঈশ্বৰৰ, এই ধৰ্ম নাম-কীৰ্তনৰ য থাকে য’ত থাপনাত ভাগৱত নতু গ্ৰন্থসাহিবয জ্বলে য’ত অখণ্ড প্ৰদীপয হয় য’ত সমাগত ভক্তসকলৰয সেয়ে গুৰুদ্বাৰা সেয়ে নামঘৰ৷’

শ্ৰীমন্ত শংকৰ গুৰুৱে নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, মুছলমানৰ চাংখাক লগত লৈ জাতি ভেদৰ সীমা পাৰ হৈ নামঘৰত এই সকলক সন্মখৰ আসনত বহুৱাই যিদৰে বিৰল অমিতাভ বৃহত্তৰ অসমীয়া সমাজ গঠনৰ বাট মেলি সমন্বয়ৰ ৰভা টানিছিল তেনেকৈ গুৰু নানকে নীচকুল হিন্দুৰ বালা আৰু মাৰ্দানাক [মুছলমান] লগত লৈ যি মানুহৰ সমাজ গঠন কৰিছিল সেয়া পৃথিৱী ঐশ্বৰ্য হৈ আছে৷

এই দুয়োজন গুৰু জন্ম কাল সন্ধিক্ষণ আছিল ভাৰতৰ জাতীয় জীৱনৰ আটাইতকৈ দুৰ্ভাগ্যময় কালঅমানিশাৰ সমকাল৷ বিদেশী শক্তিৰ আক্ৰমণ, শোষণ-শাসন, দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যৰ ৰজা, শাসকসকলৰ মাজত সততে থকা অৰিয়া-অৰি, যুদ্ধ, বিগ্ৰহ, অত্যাচাৰ, শোষণৰ চাবুকে কোঙা কৰি পেলোৱা জনতাৰ জীৱন কালত নানান অন্ধবিশ্বাস, কু-সংস্কাৰ, নাৰীৰ ওপৰত হোৱা অসহনীয় অত্যাচাৰে মননশীল আৰু পৰিশীলিত মানুহৰ বুকুত দুৰু দুৰু বেদনাৰ আৰ্তনাদেৰে পৰিৱেশ ভয়াল আৰু আতংকময় কৰি ৰাখিছিল৷ শংকৰ গুৰুৱে মানুহৰ অত্যাচাৰত নিজ জনমভূমি এৰি কোচবিহাৰৰ নৰনাৰায়ণৰ ৰাজসভাত থিতাপি লৈছিল৷ গুৰু নানকেও সমাজৰ পৰা লাভ কৰিছিল তিৰস্কাৰ, অপমান৷ শোষণ-শাসন কৱলত গুৰুনানকৰ জীৱন কলাই জীয়াতু ভুগিছিল মানুহৰ দুদৰ্শাক দেখি৷ গুৰু নানকে পোন্ধৰশ শতিকাৰ এই ভয়ংকৰ সময়খিনিৰ বৰ্ণনা কৰিছি অতি তাৎপৰ্যপূৰ্ণতাৰে তীৰ্যক ভাৱে৷ তেওঁ কৈছিল- ‘যুগটো আছিল অস্ত্ৰ সদৃশ, ৰজাবোৰ কচাই, সত্যৰূপী চন্দ্ৰ আকাশৰ পৰা হেৰাই গৈছিল, অসত্যৰূপী চন্দ্ৰ আলোকিত হৈছিল, সামন্ত চেতনাত মানুহে হেৰুৱাই পেলাইছিল মানুহ মৰ্যাদা৷’ এনে সময়ত দ্ৰুতগতিত মানুহৰ মৰ্যাদাপূৰ্ণ সমাজ প্ৰতিষ্ঠাৰ বাবে গঢ়লৈ উঠিছিল নৱ বৈষ্ণৱ আন্দোলন৷ পূবপ্ৰান্তত এই আন্দোলনৰ নেতৃত্ব দিছিল শংকৰ গুৰুৱে, পশ্চিমত গুৰু নানকে, বংগত চৈতন্যদেৱে৷ মানুহৰ বিশাল মুক্তিৰ পতাকা এখন বিম্বাশবদে মুৰৰ ওপৰত উৰোৱাই ৰাখিবলৈ এইসকল মহাপুৰুষে কৰা কষ্ট, ত্যাগ, অধ্যয়নেই সাম্প্ৰতিক পৃথিৱীক চিঞৰি চিঞৰি মানুহৰ সমাজ বন্দনাৰ কথা কৈ আছে৷
 

 
গুৰু নানকে পাকিস্তানৰ এক বিশেষ অঞ্চলত ভ্ৰমণ কৰোঁতে এখন গাঁৱত তেওঁক সেই গাঁৱৰ মানুহে নানান ধৰণে তিৰস্কাৰ কৰিছিল৷ এমাহকাল সেই গাঁওখনত অতিবাহিত কৰাৰ পিছত মাৰ্দানাৰ জৰিয়তে গাঁও ত্যাগ কৰাৰ দিনা গাঁৱৰ মানুহখিনিক নানকে একত্ৰিত কৰি আশীৰ্বাদ দি তেওঁলোকৰ ব্যৱহাৰত পৰম সন্তোষ লাভ কৰা বুলি উল্লেখ কৰি তেওঁলোকক সুখে-শান্তিৰে তাতেই বসবাস কৰিবলৈ আশীৰ্বাদ দি সেই গাঁৱৰ পৰা আতৰি আহিছিল৷ অন্য এখন গাঁৱত প্ৰৱেশ কৰাৰ সময়ত সেই গাঁৱৰ মানুহে স-ভক্তিৰে নানকক অতিবাহিত কৰা দিনবোৰক সেৱা আগবঢ়াইছিল৷ সেই গাঁৱৰ পৰা অহাৰ সময়ত নানকে গাঁৱৰ মানুহ একত্ৰিত কৰি তৎকালে সেই গাঁও ত্যাগ কৰি অন্যান্য প্ৰান্তলৈ যাবৰ বাবে নিৰ্দেশ দি আঁতৰি আহিল৷

গুৰু নানকৰ এনে কথা কামত বালা আৰু মাৰ্দানা হতচকিত হৈ গুৰুক প্ৰশ্ন কৰিলে বেয়া মানুহখিনিক তেওঁলোকৰ গাঁৱতে থাকিবলৈ দি ভাল মানুহখিনিক কিয় বিতাড়িত কৰিলে? গুৰুৱে গহীনভাৱে ক’লে- বেয়া মানুহখিনি যদি বেলেগ ঠাইলৈ যায় তেন্তে তেওঁলোকৰ বেয়া জীৱনকালে অন্যন্য প্ৰান্তত আক্ৰান্ত কৰিব৷ ভাল মানুহখিনি নিজা গাঁৱতে থাকি গ’লে তেওঁলোকৰ গুণৱান জীৱনকাল অন্যপ্ৰান্তত বিকশিত নহ’ব৷  সেয়ে গুৰুৱে তেনে আশীৰ্বাদ দি আহিছিল৷ গুৰুৰ এনে কথাত তেওঁৰ দুয়ো প্ৰধান শিষ্যই গুৰু প্ৰতি প্ৰশংসাত গদ গদ হৈ পৰিল৷

শিখ ধৰ্মৰ অনন্য কথককলাৰ  গুৰু নানকৰ পৰা এতিয়ালৈকে সমস্ৰৰে উচ্ছাৰিত হৈ আছে এনেদৰে--

কৌই বোলে ৰাম ৰাম
কৌই বোলে খুদাই
কৌই বোলে আল্লাই
কৌই বোলে গোসাঁইয়া৷