সমাজসেৱা আৰু সমন্বয়ৰ প্ৰতীক ধুবুৰীৰ শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা

Story by  atv | Posted by  Munni Begum • 1 Years ago
 শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা
আলতাপ হুছেইন আহমেদ / ধুবুৰী
 
জনসংখ্যাৰ ফালৰ পৰা অসমৰ অতি ক্ষুদ্ৰ জনগোষ্ঠী হিচাপে পৰিচিত শিখ ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ স্থান গুৰুদ্বাৰাই সমাজত সমন্বয় আৰু সম্প্ৰীতিৰ সেঁতু গঢ়ি আহিছে। অসমৰ ভিতৰত প্ৰথম আৰু বৃহত গুৰুদ্বাৰা হিচাপে চিহ্নিত ধুবুৰীৰ দমদমা চাহিবজী আৰু গুৰু টেগ বাহাদুৰ চাহিবজী নামেৰে পৰিচিত গুৰুদ্বাৰাটোৱে যুগ যুগ ধৰি সমন্বয়, সম্প্ৰীতি আৰু আধ্যাত্মিকতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে।
 
গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে প্ৰতি বছৰে ডিচেম্বৰ মাহত এই ঐতিহাসিক ঠাইলৈ প্ৰায় ৫০,০০০ দেশী-বিদেশী হিন্দু, শিখ, মুছলিম আৰু অন্যান্য তীৰ্থযাত্ৰী আহে। এই উৎসৱ প্ৰতি বছৰে ৩ ডিচেম্বৰত অনুষ্ঠিত হয়। শিখ সকলে এই উৎসৱক শ্বহীদী গুৰু পৰ্ব বোলে।
অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী জিলাৰ সদৰ চহৰৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৰুদ্বাৰাখনত ধৰ্মীয় পৰম্পৰা মতে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয় আৰু ই সাংস্কৃতিক আৰু সমন্বয়ৰ বাৰ্তা বিলাই আহিছে। ধুবুৰীলৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু গুৰুদ্বাৰাখনৰ আধ্যাত্মিক পৰিৱেশ আৰু এক ঈশ্বৰবাদী দৰ্শন প্ৰত্যক্ষ কৰি সাধাৰণ নাগৰিকে পৰম শান্তি লাভ কৰে। 
ভাৰতবৰ্ষত থকা অন্যান্য গুৰুদ্বাৰৰ দৰেই শিখসকলৰ অন্যতম পবিত্ৰ স্থান ধুবুৰীৰ গুৰুদ্বাৰাৰ ঐতিহাসিক পৰিকাঠাম অতিকৈ গুৰুত্বপূৰ্ণ। শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ সৈতে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধুবুৰীত সাক্ষাৎ হৈছিল। বিভিন্ন ঐতিহাসিক তথ্য অনুসৰি, ১৫০৫ চনত তেওঁলোকে ধুবুৰীৰ গুৰুদ্বাৰা স্থাপন হোৱা স্থানত বিশ্ৰাম লৈছিল আৰু তেওঁলোকৰ মাজত সমাজ উন্নয়নৰ দিশত বিভিন্ন গুৰুত্বপূৰ্ণ আলোচনা হৈছিল বুলি প্ৰবাদ আছে। 
 
ধুবুৰীৰ  শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰাৰ ভিতৰৰ এক আধ্যাত্মিক পৰিৱেশ
 
সেই সময়ত তন্ত্ৰ-মন্ত্ৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ, কু-প্ৰভাৱৰ পৰা সমাজক মুক্ত কৰাৰ বাবে শংকৰদেৱ আৰু গুৰু নানকে বিস্তৃত আলোচনা কৰাৰ লগতে এক ঈশ্বৰবাদত বিশ্বাস স্থাপনৰ বাবে চিন্তা-চৰ্চা কৰা বুলিও ইতিহাসত পোৱা যায়। দুই মহাপুৰুষৰ মহামিলনৰ ক্ষেত্ৰ ধুবুৰীৰ সেই স্থানক দমদমা চাহিব বুলিও জনা যায়। দমদমাৰ অৰ্থ হ’ল জিৰণি লোৱা। শিখ গুৰু নানকজীয়ে ধুবুৰীৰ জিৰণি লোৱা স্থানৰ সোণালী স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰজীয়ে দমদমা চাহিব স্থাপন কৰে। তেওঁ গুৰু নানকজীৰ পদাংক অনুসৰণ কৰি ধৰ্ম প্ৰচাৰৰ অৰ্থে ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰাৰ দৰে অসমতো পদাৰ্পণ কৰিছিল। 
উল্লেখ্য যে, অসমত ১৬৬৭ চনত আহোমে মোগল সৈন্যক পৰাস্ত কৰি গুৱাহাটী উদ্ধাৰ কৰে। এই খবৰ লাভ কৰি মোগল সম্ৰাট ঔৰংজেৱে অম্বৰৰ ৰজা জয়সিংহৰ পুত্ৰ ৰামসিংহক সেনাপতি পাতি ১৬৬৮ চনত গুৱাহাটী পুনৰ দখলৰ বাবে প্ৰেৰণ কৰে। তেতিয়া আমাৰ ৰজা আছিল চক্ৰধ্বজ সিংহ। 
সেই সময়ত অসম এখন তন্ত্ৰ-মন্ত্ৰ আৰু যাদু বিদ্যাৰ দেশ হিচাপে জনাজাত আছিল। অসমৰ জলবায়ু, অসমান ভূমি, তন্ত্ৰ-মন্ত্ৰ আদিৰ কথাই ৰামসিংহক শংকিত কৰি তুলিছিল। এনে অৱস্থাত ৰামসিংহৰ পৰামৰ্শদাতাই শিখ গুৰু টেগ বাহাদুৰজীৰ দৰে সিদ্ধ পুৰুষৰ ওচৰত শৰণ ললে সকলো সমস্যাৰ সমাধান হ’ব বুলি পৰামৰ্শ দিয়ে।
 
ধুবুৰীৰ গুৰুদ্বাৰাত যোৱা বছৰ অনুষ্ঠিত গুৰু পৰ্ব অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
 
সেইমতে ৰামসিংহই সেইসময়ত ঢাকাত থকা গুৰু টেগবাহাদুৰজীক সাক্ষাৎ কৰে আৰু তেওঁৰ সৈতে কামৰূপলৈ অহাৰ অনুৰোধ জনায়। ইফালে, শিখসকলৰ প্ৰথম গুৰু নানকজীৰ স্মৃতি বিজড়িত অসমলৈ অহাৰ চিন্তা-চৰ্চা কৰি থকা গুৰু টেগবাহাদুৰজী ৰামসিংহৰ প্ৰস্তাৱত সহজতে সন্মত হয়। 
১৬৬৯ চনৰ ফেব্ৰুৱাৰীত গুৰু টেগবাহাদুৰ, ৰামসিংহ, পাঁচগৰাকী মুছলমান পীৰ ক্ৰমে শ্বাহ আকবৰ, শ্বাহ বাগমাৰ, শ্বাহ চৰণ, শ্বাহ চফী আৰু শ্বাহ কমলসহ সৈন্য বাহিনীৰ দল অসমত পদাৰ্পণ কৰে। অসমৰ পশ্চিম প্ৰান্তৰ ধুবুৰী চহৰৰ পৰা প্ৰায় ২৪ কিলোমিটাৰ নিলগৰ ৰঙামাটিত ৰামসিংহই শিবিৰ স্থাপন কৰাৰ বিপৰীতে গুৰু নানকজী জিৰণি লোৱা স্থানত গুৰু টেগবাহাদুৰজীয়ে আশ্ৰয় গ্ৰহণ কৰে। তেওঁৰ ধৰ্মীয় প্ৰভাৱৰ বাবে যাদুকৰ আৰু তন্ত্ৰ-মন্ত্ৰৰ দল বিফল হয় আৰু গুৰু টেগবাহাদুৰজীৰ শৰনাপন্ন হয় বুলি কোৱা হয়। ইফালে, মোগল সেনাপতি আৰু আহোম ৰজাৰ মাজত বুজাবুজিৰে শান্তি স্থাপন হয়। 
এইদৰে ৰক্তক্ষয় নোহোৱাকৈ শান্তি স্থাপন হোৱাৰ উৎসৱমুখৰ পৰিৱেশত গুৰু টেগবাহাদুৰজীয়ে ইচ্ছা প্ৰকাশ কৰে যে দুয়ো পক্ষই পাঁচ ঢালকৈ মাটি কঢ়িয়াই আনি গুৰু নানকজীয়ে জিৰণি লোৱা স্থানত দি মাটিৰ ঢিপ সজাই দিব লাগিব। সেই মতে দুয়োপক্ষই ঢিপ বা বেদী সজাই দিয়ে আৰু সেই বেদীৰ ওপৰত গুৰু টেগবাহাদুৰজীয়ে চন্দ্ৰতাপ আঁৰি শিখ ধৰ্মৰ প্ৰতিষ্ঠাতা গুৰু নানকজীৰ স্মৃতিত এটি গুৰুদ্বাৰা স্থাপন কৰে।
 
গুৰু পৰ্ব উৎসৱত একাংশ শিখ ধৰ্মাৱলম্বী লোকক দেখা গৈছে
 
১৬৬৯ চনত স্থাপন কৰা গুৰুদ্বাৰটো দমদমা চাহিব নামেৰেও পৰিচিত। গুৰু টেগবাহাদুৰজীৰ অনুগামীসকলে গুৰুজনাৰ স্মৃতি যুগমীয়া কৰিবলৈ দমদমা চাহিবৰ গাতে লগাকৈ গুৰুদ্বাৰ নিৰ্মাণ কৰে আৰু ইয়াক টেগবাহাদুৰজী গুৰুদ্বাৰা নামেৰে নামকৰণ কৰি প্ৰতিবছৰে গুৰুজনাৰ মৃত্যু তিথিত গুৰু পৰৱ উলহ-মালহেৰে পালন কৰে। 
দমদমা চাহিবজী আৰু গুৰু টেগবাহাদূৰ চাহিবজী আজি ভাৰতবৰ্ষৰ এখন অন্যতম ঐতিহ্যপূৰ্ণ গুৰুদ্বাৰা। শিখ ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় কেন্দ্ৰ এই গুৰুদ্বাৰ কেৱল স্তুতি, প্ৰাৰ্থনা বা উপাসনাৰ বাবেই নহয়, মানৱ সেৱা আৰু সমন্বয় কেন্দ্ৰ হিচাপেও জনাজাত। গুৰুদ্বাৰত থকা লংগৰৰ ব্যৱস্থাই সকলোকে সম্প্ৰীতিৰ বাৰ্তা দিয়ে। এই লংগৰ ব্যৱস্থাত জাতি, ধৰ্ম, বৰ্ণ, উচ্চ-নীচ, ধনী-দুখীয়া নিৰ্বিশেষে সকলোৱে একেলগে বহি আহাৰ গ্ৰহণ কৰে। 
মনকৰিবলগীয়া যে, শিখ ধৰ্মত লংগৰৰ অৰ্থ হ’ল গুৰুদ্বাৰাৰ সামূহিক পাকঘৰ, যিয়ে জাতি, ধৰ্ম, লিংগ, ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে বিনামূলীয়াকৈ আহাৰ পৰিৱেশন কৰে। মানুহে মজিয়াত বহি একেলগে খায়, আৰু পাকঘৰটো শিখ সম্প্ৰদায়ৰ স্বেচ্ছাসেৱকসকলৰ দ্বাৰা ৰক্ষণাবেক্ষণ আৰু সেৱা প্ৰদান কৰা হয়।
 
 
লংগৰত পৰিৱেশন কৰা আহাৰ সদায় নিৰামিষভোজী হয়। লংগৰে সমাজত সমতা, আত্মীয়তা, সম্প্ৰীতি আৰু ভাতৃত্ববোধ সুদৃঢ় কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমত শিখ ধৰ্মাৱলম্বী লোকৰ সংখ্যা তেনেই কম যদিও তেওঁলোকৰ অৱদান লেখত ল’বলগীয়া। সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস, ভেদা-ভেদ দূৰ কৰাৰ ক্ষেত্ৰত গুৰুদ্বাৰে অতুলনীয় ভূমিকা পালন কৰি আছে। 
 
উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ নামনি অসমত হোৱা প্ৰলয়ংকৰী বানপানীয়ে ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰকো প্ৰভাৱিত কৰা দেখা গৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ বাঢনী পানীয়ে গুৰুদ্বাৰৰ চৌহদ বুৰাই পেলাইছে।
 
জানিব পৰা মতে, ধুবুৰীত বানপীড়িতসকলক গুৰুদ্বাৰাৰ কৰ্তৃপক্ষই প্ৰতিবাৰে খাদ্যৰ যোগান ধৰাৰ লগতে বানাক্ৰান্তসকলক আশ্ৰয় দি আহিছে৷ ধুবুৰীৰ গুৰুদ্বাৰাৰ মহাপ্ৰবন্ধক গুৰবিন্দৰ সিঙে কয় যে তেওঁলোকে প্ৰতিবছৰে বানপানীৰ সময়ত জাতি-ধৰ্ম নিৰ্বিশেষ সকলো লোকক গুৰুদ্বাৰাত আশ্ৰয় দিয়ে। বানপীড়িত প্ৰত্যেকজন লোকক তেওঁলোকে খাদ্য সামগ্ৰীও আগবঢ়ায় বুলি তেওঁ উল্লেখ কৰে।