মুম্বাই
সমগ্ৰ দেশ কঁপাই যোৱা শেহতীয়াকৈ দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ পিছতে বিখ্যাত ইছলামিক পণ্ডিত মুফতি ছলমান আজহাৰীয়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। মুম্বাইৰ এটা মছজিদত এক পৰম্পৰাগত ধৰ্মধ্বনি (খুতবা) প্ৰদান কৰি মুফতি আজহাৰীয়ে জোৰ দি কয় যে, ইছলামত হিংসা আৰু সন্ত্ৰাসবাদৰ কোনো স্থান নাই। কোৰাণৰ আয়াত "পৃথিৱীত বিশৃংখলতা (ফছাদ) সৃষ্টি নকৰিবা’ৰ উল্লেখ কৰি তেওঁ শান্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে।
মুফতি আজহাৰীয়ে স্পষ্ট কৰি কয় যে, "ব্যক্তিৰ কৰ্মক ধৰ্মৰ শিক্ষাৰ লগত বিভ্ৰান্ত কৰা উচিত নহয়। কিয়নো যদি কোনো মুছলমান ব্যক্তিয়ে সুৰাপান কৰে বা জুৱা খেলে, তেন্তে ইয়াৰ বাবে ইছলাম দ্বায়বদ্ধ নহয়। কিয়নো এইয়া সেই ব্যক্তি গৰাকীৰ ব্যক্তিগত পছন্দ। একেদৰে কোনোবাই যদি আতংক বিয়পাই, তেন্তে তেওঁ ইছলামক প্ৰতিনিধি হ'ব নোৱাৰে।"
তেওঁ দৃঢ়তাৰে কয় যে, আজি সমগ্ৰ বিশ্বতে ইছলামৰ প্ৰতিচ্ছবি এনেকৈ অংকন কৰা হৈছে যে, ইয়াত ধৰ্মৰ শিক্ষাৰ পৰিৱৰ্তে মাত্ৰ দুই এজন ব্যক্তিয়ে কৰা অন্যায়হে প্ৰতিফলিত হৈছে।
দিল্লী বিস্ফোৰণৰ প্ৰাৰম্ভিক তদন্তত উত্থাপিত নামক লৈ শোক প্ৰকাশ কৰিছে মুফতি আজহাৰীয়ে। তেওঁ কয়, "কোৱা হৈছে যে, এই লোকসকল চিকিৎসা বিজ্ঞানৰ দৰে উচ্চ বৃত্তিৰ সৈতে জড়িত। এনে উচ্চ শিক্ষিত যুৱকে কিয় হিংসাৰ পথ বাছি লৈছিল? ইয়াৰদ্বাৰা কোন লাভৱান হ'ল? বৰঞ্চ এতিয়া সমগ্ৰ মুছলমান সম্প্ৰদায়ক সন্দেহৰ দৃষ্টিৰেহে চোৱা হ'ব।"
তেওঁ আঙুলিয়াই দিয়ে যে, তেওঁলোকৰ এনে কাৰ্যই বহু নিৰীহ ছাত্ৰ-ছাত্ৰী আৰু যুৱকৰ ভৱিষ্যত বিপন্ন কৰিছে। কোৰাণৰ উদ্ধৃতি দি মুফতিয়ে কয়, "যিজনে নিৰ্দোষী ব্যক্তিক অকাৰণতে হত্যা কৰে, তেওঁ যেন সমগ্ৰ মানৱজাতিক হত্যা কৰে।"
মুফতি ছলমান আজহাৰী
ৰাস্তাত পথচাৰী, পৰ্যটক, সাধাৰণ মানুহক হত্যা কৰাটোক জেহাদ বুলি ক’ব নোৱাৰি। কাশ্মীৰৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁ প্রশ্ন কৰে যে, কাশ্মীৰলৈ পর্যটনৰ বাবে যোৱা নিৰীহ লোকসকলৰ কি দোষ আছিল? এনে কাৰ্যই কেৱল মাত্ৰ ঘৃণা বিয়পাই আৰু সমাজৰ ক্ষতিহে সাধন কৰে।
আগ্ৰাসী ষ্টেটাছ লগাই বা ভয়ংকৰ পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰি নিজকে সাহসী বুলি গণ্য কৰা যুৱক-যুৱতীসকলক সকীয়নি দিয়ে মুফতি গৰাকীয়ে। তেওঁ কয়, "মানুহৰ মনত ভয়ৰ সৃষ্টি কৰা বা সন্ত্ৰাস বিয়পোৱাটো ইছলামত হাৰাম (নিষিদ্ধ)। আপোনালোকে দায়বদ্ধভাৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰক। আপোনাৰ আচৰণ এনেকুৱা কৈ গঢ়ি লওঁক যাতে মানুহে আপোনাক ভয় কৰাৰ পৰিৱৰ্তে আপোনাক আদৰিহে লয়।"
মুফতি গৰাকীয়ে লগতে সকীয়াই দিয়ে যে, একাংশ সংগঠন বা গোটে যুৱক-যুৱতীসকলৰ মানসিকতা পৰিৱৰ্তন কৰাৰ দৰে কাম কৰি আছে। দেশত শান্তি আৰু সম্প্ৰীতিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি তেওঁ কয়, "কোনো সন্ত্ৰাসবাদী সংগঠন বা হিংসাত্মক মতাদৰ্শৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখিব। নিজৰ বিবেকক সজাগ কৰি ৰাখক। কিয়নো ইছলাম এনে এক ধৰ্ম হয়, যিয়ে শান্তি আৰু প্ৰেমৰ বাৰ্তা বিলায়; ই কেতিয়াও ঘৃণাৰ শিক্ষা নিদিয়ে।"
উল্লেখ্য যে, মুফতি ছলমান আজহাৰী এজন অতি জনপ্ৰিয় চুন্নী ইছলামিক পণ্ডিত তথা এগৰাকী শক্তিশালী বক্তা আৰু ভাৰতৰ এজন ধৰ্মীয় নেতা। ইজিপ্তৰ কাইৰোৰ বিশ্ববিখ্যাত ‘আল-আজহাৰ’ বিশ্ববিদ্যালয়ত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছে। আৰু তেওঁৰ নামৰ লগত সংলগ্ন হৈ থকা ‘আজহাৰী’ উপাধিটোৱে এই শিক্ষাৰ পটভূমিকে প্ৰতিফলিত কৰে।
তেওঁৰ শক্তিশালী বক্তৃতা শৈলী, বাকপটু বক্তৃতা, কবিতাৰ জৰিয়তে যোগাযোগৰ পদ্ধতি (শ্বেৰ-ও-ছায়াৰী)ৰ বাবে যুৱক-যুৱতীসকলৰ মাজত ব্যাপক অনুগামী আছে। সামাজিক মাধ্যমত লাখ লাখ অনুগামী থকা আজহাৰীয়ে ভাষণত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান নকৰে বৰং তেওঁ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ, শিক্ষা গ্ৰহণ কৰিবলৈ, অপৰাধৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায় আহিছে।
মুফতি ছলমান আজহাৰীয়ে যিসময়ত স্পষ্টবাদীভাৱে বক্তব্য প্ৰদান কৰি প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল, সেই সময়তে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে মাত মতা আৰু ধৰ্মীয় সম্প্ৰীতি বজাই ৰখাৰ পৰামৰ্শ দিয়া এগৰাকী আধুনিক চিন্তাধাৰাৰ ধৰ্মগুৰু হিচাপেও পৰিচিত হৈ পৰিছে।