বক্সিঙৰ ৰিঙত আত্মবিশ্বাসৰ পাঞ্চ: নিখাত জৰীনৰ পৰা কামাৰলৈ ভাৰতীয় বক্সিঙত মুছলমান বক্সাৰসকলৰ অৱদান

Story by  atv | Posted by  Munni Begum • 1 Months ago
বক্সাৰ নিখাত জৰীন
বক্সাৰ নিখাত জৰীন
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
এই কেইদিনত ভাৰতৰ শীৰ্ষ বক্সাৰ নিখাত জৰীনৰ এটা ভিডিঅ'  সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভিডিঅ'টোত, তেওঁক তীব্ৰ বক্সিং অনুশীলন কৰা দেখা গৈছে।  ঘামত তিতি থকা শৰীৰ, চকু দুটা কেন্দ্ৰীভূত আৰু প্ৰতিটো প্ৰহাৰেই তেওঁৰ আত্মবিশ্বাসক প্ৰতিফলিত কৰি আহিছে। এই ভিডিঅ'টো কেৱল তেওঁৰ ফিটনেছ বা প্ৰশিক্ষণৰ বিষয়ে নহয়, বৰঞ্চ নিখতে আগন্তুক অলিম্পিক আৰু কমনৱেলথ গেমছৰ বাবে নিজকে প্ৰস্তুত কৰি থকা প্ৰবল আবেগক প্ৰতিফলিত কৰিছে। এই দৃশ্যই ভাৰতীয় বক্সিঙত মুছলমান খেলুৱৈসকলৰ শক্তিশালী আৰু গুৰুত্বপূৰ্ণ উপস্থিতিৰ বিষয়েও এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছে। 
 
বক্সিং কেৱল এক খেল নহয়, বৰঞ্চ ই হৈছে অনুশাসন, আত্মনিয়ন্ত্ৰণ, সাহস আৰু অধ্যৱসায়ৰ পৰীক্ষা। ইয়াৰোপৰি ই সেই সংগ্ৰামীসকলৰ কাহিনীও বৰ্ণনা কৰে, যিসকলে সীমিত সম্পদ, সামাজিক চাপ আৰু আৰ্থিক অসুবিধাৰ সত্ত্বেও হাৰ মানিবলৈ অস্বীকাৰ কৰে। ভাৰতৰ ক্ৰীড়া যাত্ৰাত বক্সিঙে এক স্বকীয় পৰিচয় সৃষ্টি কৰি আহিছে আৰু মুছলমান বক্সাৰসকলৰ অৱদান কেৱল গৌৰৱৰ কথা নহয়, বৰঞ্চ ই ভৱিষ্যত প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰো উৎস।  
 
আজি ভাৰতে উন্নত ক্ৰীড়া আন্তঃগাঁথনি, বৈজ্ঞানিক প্ৰশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ সৈতে  বিকাশৰ এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। বৃহৎ ষ্টেডিয়াম, বিদেশী কোচ, আৰু আধুনিক সা-সুবিধা এতিয়া এই ব্যৱস্থাৰ অংশ, যদিও বাস্তৱত দেখা যায় যে, বহু খেলুৱৈয়ে এতিয়াও কঠিন সংগ্ৰামৰ সন্মুখীন হৈ আহিছে। এই সংগ্ৰামৰ আটাইতকৈ শক্তিশালী আৰু স্পষ্ট উদাহৰণ মহিলাৰ বক্সিঙত দেখা পোৱা যায়, য'ত নিখাত জৰীনে ভাৰতীয় মহিলা বক্সিঙৰ এগৰাকী চিনাকী মুখ হৈ পৰিছে।   
 
নিখাত জৰীন
 
তেলেংগানাৰ নিজামাবাদ জিলাৰ পৰা বিশ্ব মঞ্চলৈ নিখাতৰ যাত্ৰা সহজ নাছিল। এটা সাধাৰণ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা নিখাতৰ সৰুৰে পৰাই এই খেলবিধৰ প্ৰতি আকৰ্ষণ আছিল, যদিও মহিলাৰ বক্সিঙৰ প্ৰতি সামাজিক মনোভাব, সম্পদৰ অভাৱ, আৰু নিৰ্বাচন প্ৰক্ৰিয়াত বাৰে বাৰে বিতৰ্কই তেওঁৰ পথত প্ৰধান বাধাৰ সৃষ্টি কৰিছিল। বহু দৃঢ় প্ৰদৰ্শনৰ পিছতো তেওঁক উপেক্ষা কৰা হৈছিল, কিন্তু নিখতে কেতিয়াও পৰিস্থিতিক তেওঁৰ সংকল্পক দুৰ্বল কৰিবলৈ দিয়া নাছিল।
 
বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত দুটাকৈ সোণৰ পদক অৰ্জন কৰা, কমনৱেলথ গেমছত শীৰ্ষ পৰ্যায়ত প্ৰদৰ্শন কৰা আৰু এছিয়ান পৰ্যায়ত ধাৰাবাহিক সফলতা অৰ্জন কৰাটো কেৱল পদকৰ তালিকা নহয়, বৰঞ্চ এই সাফল্যই নিখাতক বৰ্তমান প্ৰজন্মৰ বাবে আদৰ্শ হিচাপে গঢ়ি তোলাৰ মানসিক শক্তিহে প্ৰদৰ্শন কৰে। আজি, তেওঁ হাজাৰ হাজাৰ ছোৱালীৰ বাবে আশাৰ প্ৰতীক হৈ পৰিছে যিসকলে সামাজিক চাপৰ বাবে তেওঁলোকৰ সপোন ত্যাগ কৰিবলৈ বাধ্য হৈছে।  
 
নিখাতৰ কাহিনীও  ধৰ্ম, পৰিচয় আৰু ক্ৰীড়াৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেয়া প্ৰদৰ্শন কৰি আহিছে। বক্সিঙৰ দৰে খেলত, সাজ-পোছাক আৰু ব্যক্তিগত বিশ্বাসৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছিল, যদিও  নিখতে নিজৰ প্ৰদৰ্শনৰ জৰিয়তে প্ৰমাণ কৰিছে যে, ক্ৰীড়া শৃংখলা আৰু ধৰ্মীয় বিশ্বাস বিৰোধী নহয়, বৰঞ্চ ই সহাৱস্থান কৰিব পাৰে। আজিৰ বিশ্বব্যাপী পৰিৱেশত, য'ত মহিলা খেলুৱৈসকলে সমতা আৰু সন্মানৰ বাবে যুঁজিবলগীয়া হৈছে, সেই সময়তে নিখাত জাৰীন ভাৰতীয় ক্ৰীড়া ব্যৱস্থাৰ এক শক্তিশালী কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছে।   
 
মহম্মদ হুছামুদ্দিন
 
পুৰুষ বক্সিঙৰ কথা ক’বলৈ গ’লে তেলেংগানাৰ নলগোণ্ডা জিলাৰ পৰা অহা মহম্মদ হুছামুদ্দিন আজিও ভাৰতীয় দলৰ অন্যতম বিশ্বাসযোগ্য নাম হৈয়েই আছে। ৰেলৱে আৰু চাৰ্ভিচেছ দলৰ হৈ খেলি থকাৰ সময়ত তেওঁ নিজৰ ফিটনেছ আৰু কৌশল অহৰহ উন্নতি সাধন কৰিছে। আন্তঃৰাষ্ট্ৰীয় বক্সিং ক্ৰমান্বয়ে দ্ৰুতগতিত আৰু কাৰিকৰী হৈ পৰিছে, যদিও হুছামুদ্দিন এজন শান্ত, সংযত আৰু কৌশলগত বক্সাৰ হিচাপে পৰিচিত হৈয়ে আছে।
 
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক, কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ বাবে কেইবাটাও পদক লাভ কৰাটোৱে প্ৰমাণ কৰে যে, অনুশাসন আৰু অহৰহ প্ৰচেষ্টা এতিয়াও ভাৰতীয় বক্সিঙৰ মেৰুদণ্ড হৈয়েই আছে। হুছামুদ্দিনৰ যাত্ৰাই এই বাৰ্তা প্ৰদান কৰে যে, অত্যাধুনিক সা-সুবিধাৰ অভাৱেও কোনো খেলুৱৈক বাধা দিব নোৱাৰে যদিহে লক্ষ্য স্পষ্ট আৰু পৰিশ্ৰম কঠোৰ আৰু সৎ হয়। 
 
ভাৰতীয় মুছলমান বক্সাৰৰ উত্তৰাধিকাৰৰ কথা ক'বলৈ গ'লে মণিপুৰৰ মহম্মদ আলী কামাৰৰ নাম ঐতিহাসিক নাম হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ বিশ্ব অপেছাদাৰী বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি দেশক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিছিল। দৰিদ্ৰতা, সীমিত সম্পদ আৰু কঠিন পৰিস্থিতিৰ মাজতো তেওঁৰ যাত্ৰা সহজ নাছিল যদিও, কামাৰে প্ৰমাণ কৰিছে যে প্ৰতিভা কোনো পৰিচয় বা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ নকৰে। 
 
কামাৰে এছিয়ান গেমছ, এছিয়ান বক্সিং চেম্পিয়নশ্বিপ আৰু বিশ্ব পৰ্যায়ৰ ইভেন্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু তেওঁ বৰ্তমান প্ৰশিক্ষক আৰু পৰামৰ্শদাতা হিচাপে সক্ৰিয় হৈ আছে। যি সময়ত ভাৰতীয় মহিলা বক্সিঙে বিশ্ব পৰ্যায়ত নতুন সাফল্যৰ কাহিনী ৰচনা কৰিছে, সেই সময়ত কামাৰৰ দৰে খেলুৱৈ আৰু প্ৰশিক্ষকৰ ঐতিহ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। 
 
মহম্মদ আলী কামাৰ
 
নিখাত জৰীন, মহম্মদ হুছামুদ্দিন আৰু মহম্মদ আলী কামাৰৰ কাহিনীবোৰ কেৱল ব্যক্তিগত সফলতাতে সীমাবদ্ধ নহয়। এইবোৰে আৰ্থিক দুৰ্দশা, সামাজিক পক্ষপাতিত্ব, সুযোগৰ বৈষম্য, পৰিচয়ৰ প্ৰত্যাহ্বান আদিকে ধৰি এক সামূহিক সংগ্ৰামৰ প্ৰতিফলন ঘটিছে। প্ৰতিটো যুঁজ, প্ৰতিটো প্ৰহাৰ আৰু প্ৰতিটো জয় অথবা পৰাজয়েই এই খেলুৱৈসকলক উন্নত খেলুৱৈ হিচাপে নহয়, সমাজৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে গঢ়ি তুলিছে।  
 
অলিম্পিক আৰু বিশ্ব ক্ৰীড়া মঞ্চত আজি ভাৰতে নতুন উচ্চতাত উপনীত হোৱাৰ সপোন দেখিছে, এই বক্সাৰসকলে দৃঢ়তাৰে কয় যে, কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু নিষ্ঠাই যিকোনো বাধা অতিক্ৰম কৰিব পাৰে। নিখাত জৰীনে মহিলাৰ বক্সিঙৰ নতুন পৰিচয়ৰ প্ৰতিনিধিত্ব কৰিছে, হুছামুদ্দিন পুৰুষৰ বক্সিঙৰ স্থায়িত্ব আৰু কৌশলৰ প্ৰতিনিধিত্ব কৰিছে আৰু মহম্মদ আলী কামাৰৰ উত্তৰাধিকাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শন কৰি আছে।   
 
২০২৬ চনৰ বক্সিং দিৱসৰ দিনা ভাৰতীয় মুছলমান বক্সাৰসকলে কেৱল দেশক গৌৰৱান্বিত কৰাই নহয়, ইয়াক ক্ৰীড়া সমতাৰ সৰ্বশ্ৰেষ্ঠ মঞ্চ বুলিও প্ৰমাণ কৰিছে। সীমিত সম্পদে হওক, সামাজিক চাপে হওক, বা পৰিচয় এক প্ৰত্যাহ্বানে হওক, যদি সংকল্প দৃঢ় হয়, তেন্তে প্ৰত্যেকটো প্ৰহাৰে কেৱল প্ৰতিদ্বন্দ্বীকেই নহয়, পৰিস্থিতিকো পৰাভূত কৰিব পাৰে। এয়া ভাৰতীয় বক্সিঙৰ প্ৰকৃত বিজয়।


শেহতীয়া খবৰ