গৃহহিংসা আৰু অপৰাধৰ বলি হোৱা মহিলাৰ ন্যায়ৰ বাবে পঞ্জাৱত শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱীৰ বৃহৎ অভিযান

Story by  atv | Posted by  Munni Begum • 1 d ago
শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱী
শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱী
 
নতুন দিল্লী
 
পঞ্জাৱত মহিলাৰ বিৰুদ্ধে বৃদ্ধি পোৱা গৃহহিংসা আৰু অন্যান্য অপৰাধে সমাজক গভীৰভাৱে চিন্তিত কৰি তুলিছে। এই পৰিস্থিতিত নীৰৱতা ভাঙি ন্যায়ৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে পঞ্জাৱৰ শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱী। সমাজ, ধৰ্ম আৰু ৰাজনীতিৰ সীমা অতিক্ৰম কৰি মহিলাৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে ৰাজ্যজুৰি এক বৃহৎ অভিযানৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই পদক্ষেপে পুনৰবাৰ প্ৰমাণ কৰিছে যে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ নেতৃত্বৰ সাহস আৰু দায়বদ্ধতা কিমান প্ৰয়োজনীয়। 
 
পঞ্জাৱৰ শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱীৰ এই অভিযান শীঘ্ৰে তেওঁৰ গৃহ চহৰ লুধিয়ানাৰ পৰা আৰম্ভ কৰা হব। নিজৰ পৰিকল্পনা ৰাজহুৱা কৰি মৌলানা উছমান লুধিয়ানৱীয়ে কয় যে, "সমাজত ক্ৰমান্বয়ে ঘৰুৱা হিংসাৰ গোচৰ বৃদ্ধি পাইছে, আৰু মহিলাসকলে পৰিয়ালৰ সদস্য, ওচৰ-চুবুৰীয়া আৰু তেওঁলোকৰ চিনাকি লোকৰ হাতত হিংসাৰ সন্মুখীন হৈছে।" 
 
এক ভিডিঅ' বাৰ্তাত শ্বাহী ইমামগৰাকীয়ে কয় যে, তেওঁ এই বিষয়টো ৰাজনৈতিক আৰু ধৰ্মীয় উভয় আলোচনাৰ অংশ হোৱাটো বিচাৰে। 
 
এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি থকা অৱস্থাত শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱী
 
তেওঁ কয়, "মহিলাসকলে তেওঁলোকৰ নিজৰ ঘৰৰ ভিতৰতে আটাইতকৈ ভয়াৱহ অপৰাধৰ সন্মুখীন হৈ আহিছে আৰু এই প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়ি আহিছে। বহু সময়ত, ভুক্তভোগীসকলক সমাজৰ লগতে তেওঁলোকৰ নিজৰ পৰিয়ালেও নীৰৱ হৈ থাকিবলৈ বাধ্য কৰোৱাই আৰু তেওঁলোকক কোনো ব্যৱস্থা ল'বলৈ অনুমতি দিয়া নহয়।"
 
তেওঁ কয় যে, তেওঁৰ অভিযানৰ লক্ষ্য হৈছে সমাজৰ পৰা এই নীৰৱতা দূৰ কৰা আৰু মহিলাসকলক সহায় কৰা যাতে এনে অপৰাধৰ বাবে দায়ীসকলক শাস্তি প্ৰদান কৰা হয়।
 
মৌলানা উছমান লুধিয়ানৱীয়ে স্পষ্ট কৰি দিয়ে যে, "আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত এই অভিযান চলোৱা হ'ব। ইয়াৰ উপৰিও শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক, সামাজিক সংগঠন আৰু ৰাজনৈতিক দলসমূহো জড়িত হ'ব।"
 
নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ' (এনচিআৰবি) ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি পঞ্জাৱত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা ৭ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে, মৌলানাই কয় যে, পৰিস্থিতি এতিয়াও গুৰুতৰ হৈয়ে আছে।
 
২০২১ চনত পঞ্জাৱত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ৫,৬৬২ টা ঘটনা পঞ্জীয়ন কৰা হৈছিল, যিটো ২০২৩ চনত ৫,২৫৮ টা ঘটনালৈ হ্ৰাস পাইছিল। ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৩৫.৯ শতাংশ আছিল, যি ৰাষ্ট্ৰীয় গড় ৬৬.২ শতাংশতকৈ কম আছিল। তথাপিও, তেওঁ কয় যে "ইয়াক সন্তোষজনক বুলি গণ্য কৰিব নোৱাৰি। প্ৰতি ১০০,০০০ জনসংখ্যাৰ মহিলাৰ বিপৰীতে পঞ্জীয়ন কৰা অপৰাধৰ সংখ্যাৰ ভিত্তিত অপৰাধৰ হাৰ গণনা কৰা হয়।"
 
শেহতীয়াকৈ জালান্দাৰত এগৰাকী কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাই তেওঁক গভীৰভাৱে প্ৰভাৱিত কৰিছে বুলি শ্বাহী ইমামে উল্লেখ কৰিছে।
 
মৌলানা উছমান লুধিয়ানৱীয়ে কয় যে, এনে বহু গোচৰত প্ৰভাৱশালী লোকে পঞ্চায়তৰ জৰিয়তে ভুক্তভোগীসকলৰ ওপৰত চাপ প্ৰদান কৰি অভিযুক্তসকলৰ সৈতে আপোচ কৰিবলৈ বাধ্য কৰে আৰু অপৰাধীক সুৰক্ষা প্ৰদান কৰে। তেওঁ কয় যে, "এই অভিযানে এইটো সুনিশ্চিত কৰিব যে, এনে ঘটনা যাতে সংঘটিত নহয় আৰু এই আইনখনে ভুক্তভোগীক ন্যায় প্ৰদান কৰিব পাৰে।"
 
পঞ্জাৱৰ শ্বাহী ইমাম মৌলানা উছমান লুধিয়ানৱীয়ে আৰক্ষীৰ সৈতে প্ৰস্তাৱ ভাগ কৰাৰ এক দৃ্ৃশ্য
 
সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ’ত মৌলানা উছমান লুধিয়ানৱীয়ে আৰক্ষী বিষয়াৰ উপস্থিতিত ২০২৬ চনৰ অভিযানৰ কথা ঘোষণা কৰা দেখা গৈছে। ভিডিঅ’টোত তেওঁ কয় যে, "ধৰ্ম, জাতি, ৰাজনীতিৰ ঊধর্বত যোৱাটোৱেই হৈছে বৰ্তমান সময়ৰ  প্ৰয়োজনীয়তা, যাতে মানুহে নাৰীৰ সুৰক্ষা আৰু মৰ্যাদাৰ বাবে একত্ৰিত হ’ব পাৰে। এই অভিযানে লুধিয়ানাত আৰম্ভ কৰা হ’ব আৰু তাৰ পিছত সমগ্ৰ পঞ্জাৱত বিয়পি পৰিব।"
 
মৌলানাই স্পষ্ট কৰি দিয়ে যে, এই অভিযানে ঘৰুৱা হিংসা, মহিলাৰ ওপৰত নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে বিষয়ত গুৰুত্ব আৰোপ কৰিব। তেওঁ কয় যে, "মাতৃ, ভগ্নী আৰু কন্যাসকলে নিৰাপত্তাহীনতাত ভুগিছে আৰু এই বিষয়টোক ৰাজনৈতিক বা ধৰ্মীয় বিষয়লৈ ৰূপান্তৰিত কৰি উপেক্ষা কৰা উচিত নহয়। সমাজৰ সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈ এই অপৰাধৰ বিৰুদ্ধে মাত মাতিব লাগিব।"
 
মৌলানা উছমান লুধিয়ানৱীয়ে লগতে কয়, "তেওঁ বিদ্যালয়-মহাবিদ্যালয়ৰ জৰিয়তে যুৱক-যুৱতীসকলক সংবেদনশীল আৰু জড়িত কৰিব বিচাৰে।"
 
তদুপৰি তেওঁ ধৰ্মভিত্তিক ঘৃণা প্ৰতিহত কৰাৰ পৰিকল্পনা আৰু ইয়াক বিয়পাই দিয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও ঘোষণা কৰিছে। তেওঁ কয় যে, "ধৰ্ম কেৱল বিশ্বাসেই নহয়, ভাল চৰিত্ৰ গঢ়াৰো বিষয়।" তেওঁ উদ্বেগ প্ৰকাশ কৰে যে, একাংশ লোকে ধৰ্মৰ অপব্যৱহাৰ কৰি ঘৃণা, হিংসা, বিভাজন বিয়পাই আছে, যাৰ ফলত শিশু আৰু মহিলাৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে।
 
ধৰ্মৰ নামত সংঘটিত হোৱা গণহত্যা আৰু হিংসাত্মক ঘটনাই দেশত ভয়াৱহ চিন্তাৰ বিষয় বুলিও তেওঁ  উল্লেখ কৰিছে। তেওঁ বিদ্যালয়-মহাবিদ্যালয়ৰ যুৱক-যুৱতীসকলৰ ওচৰলৈ গৈ মানৱতাৰ মূল্যবোধ, সহনশীলতা, আইনৰ প্ৰতি সন্মান আদিৰ বিষয়ে আলোচনা কৰি সজাগতা সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।  
 
মৌলানা উছমান লুধিয়ানৱী এগৰাকী সক্ৰিয় ধৰ্মীয় নেতা হিচাপে পৰিচিত যিয়ে কেৱল গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বিষয়ত  মাত মতায়ে নহয় তেওঁ আনক সহায় কৰাৰ বাবে ব্যৱস্থাও গ্ৰহণ কৰি আহিছে। 
 
বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ বক্তব্যই বিগত সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল। শেহতীয়াকৈ পঞ্জাৱত হোৱা বানপানীৰ সময়ত তেওঁ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য কামৰো আয়োজন কৰিছিল।