আৱাজ-দ্য ভইচ অসম ব্যুৰো
দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ মাজত কাৰাগাৰৰ দিনবোৰে কিদৰে মানসিক চাপ বৃদ্ধি কৰি তোলে, তাৰ এক সংক্ষিপ্ত যদিও গভীৰ ছবি দাঙি ধৰিছে ছাত্ৰ কৰ্মী উমৰ খালিদ আৰু তেওঁৰ সংগিনী বানোজ্যোৎস্না লাহিড়ীৰ কথোপকথনে। জামিন নাকচ হোৱাৰ পিছতে প্ৰকাশ পোৱা এই কথোপকথনে সামাজিক মাধ্যমত বহুল চৰ্চা লাভ কৰিছে।
সোমবাৰে উচ্চতম ন্যায়ালয়ে উমাৰ খালিদৰ জামিন নাকচ কৰাৰ পিছত, তেওঁৰ সংগিনী বানোজ্যোৎস্না লাহিড়ীয়ে তেওঁৰ সৈতে হোৱা এক সংক্ষিপ্ত ব্যক্তিগত বাৰ্তালাপ সামাজিক মাধ্যমত প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰিছে।
বানোজ্যোৎস্নাই তেওঁৰ পোষ্টত খালিদৰ উদ্ধৃতি দি কয় যে, জামিন লাভ কৰা আন অভিযুক্ত ব্যক্তিসকলৰ বাবে খালিদে সকাহ আৰু আনন্দিত অনুভৱ কৰিছে। তেওঁ লিখিছে, "খালিদে তেওঁক কৈছিল, যিসকলে জামিন লাভ কৰিছে তেওঁলোকৰ বাবে মই সুখী, সেয়ে মই আনন্দিত অনুভৱ কৰিছো।"
এক্সত শ্বেয়াৰ কৰা বানোজ্যোৎস্না লাহিড়ীৰ এক পোষ্ট
ইয়াৰ উত্তৰত বানোজ্যোৎস্নাই লিখিছিল যে, তেওঁ পিছদিনা তেওঁক সাক্ষাৎ কৰিবলৈ তেওঁৰ ওচৰলৈ যাব। খালিদে উত্তৰ দিছিল, "ভাল, ভাল, আহিবা(গুদ গুদ, আ জানা)। 'এতিয়াটো এইয়াই জীৱন হয়'(অব য়াহি জিন্দেগী হ্যায়)।" খালিদৰ এই উত্তৰে ইয়াকে প্ৰতিফলিত কৰিছে যে, তেওঁ কাৰাগাৰত থকাৰ কথাক মানি লৈছিল।
এই পোষ্টটোৱে সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু আইনী গোচৰ চলি থকাৰ সময়ত দীৰ্ঘদিন ধৰি কাৰাগাৰত বন্দী হৈ থকাৰ আৱেগিক প্ৰভাৱৰ বিষয়ে আলোকপাত কৰিছিল।
সোমবাৰে উচ্চতম ন্যায়ালয়ে ২০২০ চনৰ দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰৰ গোচৰত ছাত্ৰ কৰ্মী উমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন নাকচ কৰিছে। আদালতে কয় যে, অপৰাধমূলক ষড়যন্ত্ৰৰ কথা আঙুলিয়াই দিয়া প্ৰমাণ আছে। সেয়েহে চলিত বৰ্ষত তেওঁলোকে জামিনৰ বাবে পুনৰ আবেদন জনাব নোৱাৰিব। ইয়াৰ বাবে ২০২৭ চনতহে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰিব।
ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি আঞ্জাৰিয়াৰে গঠিত এখন বিচাৰপীঠে অৱশ্যে একেটা গোচৰত আন পাঁচজন অভিযুক্তক জামিন প্ৰদান কৰিছে। তেওঁলোক হৈছে গুলফিছা ফাতিমা, মীৰাণ হাইদাৰ, শ্বিফা উৰ ৰহমান, মহম্মদ চেলিম খান আৰু শ্বাদাব আহমেদ।
২০২০ চনৰ দিল্লী সংঘৰ্ষৰ এক দৃশ্য
উল্লেখ্য যে, উমৰ খালিদ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰিছাৰ্ছ স্কোলাৰ আৰু বিশ্ববিদ্যালয়খনৰ ডেম'ক্ৰেটিক ছাত্ৰ সংঘৰ প্ৰাক্তন নেতা আছিল। ভাৰতত ধাৰাবাহিকভাৱে গণহত্যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ২০১৭ চনৰ জুলাই মাহত নদীম খানৰ সৈতে প্ৰতিষ্ঠা কৰা অভিযান ইউনাইটেড এগেইনষ্ট হেটৰ সৈতেও তেওঁ জড়িত আছিল।
২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত জেএনইউৰ দেশদ্ৰোহৰ বিতৰ্কত জড়িত থকাৰ অভিযোগত খালিদক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, য'ত ২০০১ চনৰ ভাৰতীয় সংসদ আক্ৰমণৰ দোষী আফজল গুৰুক প্ৰদান কৰা মৃত্যুদণ্ডৰ বিৰুদ্ধে আয়োজন কৰা প্ৰতিবাদৰ পিছত অজ্ঞাত ব্যক্তিয়ে ভাৰত বিৰোধী শ্লোগান উত্থাপন কৰিছিল আৰু পিছলৈ খালিদক জামিনত মুকলি কৰি দিয়া হৈছিল।
ভাৰতৰ ৰাজধানী দিল্লীত সংঘটিত হোৱা আন্তঃধৰ্মীয় সংঘৰ্ষ, ২০২০ চনৰ দিল্লী সংঘৰ্ষত জড়িত থকাৰ অভিযোগত একেটা বছৰৰে ছেপ্টেম্বৰ মাহত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ বৰ্তমান তিহাৰ কাৰাগাৰত বন্দী হৈ আছে আৰু ধাৰাবাহিকভাৱে তেওঁক জামিনৰ পৰা বঞ্চিত কৰা হৈছে আৰু আদালতৰ বিচাৰ এতিয়াও আৰম্ভ হোৱা নাই। ২০২৬ চনৰ জানুৱাৰী মাহত যদিও ভাৰতৰ উচ্চতম ন্যায়ালয়ে ট্ৰেইলত পলম হোৱাৰ কথা স্বীকাৰ কৰিছিল আৰু অভিযোগৰ গুৰুত্বৰ কথা উল্লেখ কৰি খালিদৰ জামিন পুনৰ অস্বীকাৰ কৰা হৈছে।