জামিয়া হামদাৰ্ড বিশ্ববিদ্যালয়ৰ ‘দক্ষতা বিপ্লৱ’: পৰম্পৰাগত ডিগ্ৰী অবিহনে উপযুক্ত চাকৰিৰ সুবৰ্ণ সুযোগ

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মালিক আছগৰ হাচমী / নতুন দিল্লী
 
দিল্লীৰ ঐতিহাসিক জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পিছত এতিয়া জামিয়া হামদাৰ্ড বিশ্ববিদ্যালয়ো দক্ষতা বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা কৰিছে। বিশ্ববিদ্যালয়খনে আনুষ্ঠানিক উচ্চশিক্ষা নোপোৱা লাখ লাখ যুৱক-যুৱতীৰ ভৱিষ্যতৰ বাবে বৃত্তিমূলক আৰু প্ৰমাণপত্ৰৰ পাঠ্যক্ৰম মুকলি কৰাৰ কথা ঘোষণা কৰিছে। যিসকলে দ্ৰুতগতিত পৰিৱৰ্তনশীল সমাজখনত নিজৰ ভৱিষ্যত গঢ়াৰ বাবে উন্নত আৰু সুৰক্ষিত চাকৰিৰ সন্ধানত আছে। 'দক্ষতা আৰু প্ৰমাণপত্ৰৰ নিখুঁত সংমিশ্ৰণ' শীৰ্ষক এক স্লোগানেৰে জামিয়া হামদাৰ্ডে এই কাৰ্যসূচী মুকলি কৰিছে। যিয়ে এই কথাত গুৰুত্ব আৰোপ কৰিছে যে, কেৱল ডিগ্ৰীয়েই নহয়, নিৰ্দিষ্ট দক্ষতাৰ সৈতে এক বৈধ প্ৰমাণপত্ৰও এতিয়া সমানভাৱে প্ৰয়োজনীয়।
 
বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ বিভাগৰ অধীনত, ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এই উদ্যোগটো ছাত্র-ছাত্রী আৰু তেওঁলোকৰ ভৱিষ্যতৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিবৰ বাবে প্ৰস্তুত কৰা হৈছে।
 
এই 'দক্ষতা বিপ্লৱ' কিয় গুৰুত্বপূৰ্ণ ?
 
আজিৰ দ্ৰুত প্ৰতিযোগিতাৰ যুগত, কেৱল তাত্ত্বিক জ্ঞানেই যথেষ্ট নহয়। আজিকালিৰ উদ্যোগসমূহত দক্ষ শ্ৰমিকৰ প্ৰয়োজন, যিসকলে পোনপটীয়াকৈ কাম আৰম্ভ কৰিব পাৰে। পৰম্পৰাগত স্নাতক ডিগ্ৰীয়ে ছাত্র-ছাত্রীসকলক প্ৰায়ে এই ব্যৱহাৰিক প্ৰস্তুতিৰ পৰা বঞ্চিত কৰে, যাৰ ফলত তেওঁলোকে চাকৰিৰ সন্ধানত সংগ্ৰাম কৰিবলগীয়া হয়। জামিয়া হামদাদাৰ্ডৰ  এই পদক্ষেপে নিশ্চিত ভাবে ছাত্ৰ-ছাত্ৰীসকলৰ এই সমস্যাৰ সমাধান উলিয়াব।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই লক্ষ্যৰে বিশ্ববিদ্যালয়খনৰ অধীনত স্কুল অফ স্কিলছ এণ্ড ভোকেচনেল ষ্টডিজ (SSVS) স্থাপন কৰা হৈছে। SSVS ৰ লক্ষ্য হৈছে অনুষদ, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এনে এক পৰিৱেশ সৃষ্টি কৰা, য'ত জ্ঞান, বুদ্ধিমত্তা আৰু মূল্যবোধক সংৰক্ষণ আৰু প্ৰসাৰিত কৰিব পৰা যায়।
 
ইয়াৰ মূল উদ্দেশ্য হৈছে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ দক্ষতা আৰু মূল্য সংযোজনৰ প্ৰতিভা নিশ্চিত কৰা। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুণগত মানদণ্ড উন্নত হ'ব।
 
এছএছভিএছৰ লক্ষ্য হ'ল স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত সকলো ইচ্ছুক ছাত্ৰ-ছাত্ৰীক দক্ষতা বিকাশৰ বাবে সমান সুযোগ প্ৰদান কৰা।
 
প্ৰগ্ৰাম গঠন: বি.ভ'কৰ পৰা শ্বৰ্ট টাৰ্ম চাৰ্টিফিকেটলৈকে
 
জামিয়া হামদাৰ্ডে প্ৰধানকৈ দুটা প্ৰকাৰৰ পাঠ্যক্ৰম আগবঢ়াইছে, যিয়ে প্ৰত্যক্ষভাৱে চাকৰিৰ প্ৰয়োজনীয়তা পূৰণ কৰে:
 
স্বল্পকালীন প্ৰমাণপত্ৰ পাঠ্যক্ৰমঃ এই পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীয়ে কম সময়ৰ ভিতৰত এক নিৰ্দিষ্ট, বর্তমানৰ  বজাৰ-প্ৰাসংগিক দক্ষতাত সুফল অৰ্জন কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই পাঠ্যক্ৰমে দ্ৰুতভাৱে চাকৰি লাভ কৰাত সহায় কৰে বা বৰ্তমানৰ কেৰিয়াৰত উন্নীতকৰণ কৰাত সহায় কৰে।
 
বি ভ'ক ডিগ্ৰী প্ৰ'গ্ৰাম (Bachelor of Vocational Degree Programs):
 
এইটো এটা সম্পূৰ্ণ স্নাতক ডিগ্ৰী যি পৰম্পৰাগত বি এ অথবা বি.ভ'কৰ  পাঠ্যক্ৰমবোৰ সম্পূৰ্ণৰূপে উদ্যোগ-ভিত্তিক হয় আৰু ছাত্ৰ-ছাত্ৰীসকলক এটা বিশেষ ব্যৱসায় বা উদ্যোগত গভীৰ ব্যৱহাৰিক প্ৰশিক্ষণ (Hands-on Training) প্ৰদান কৰে।
 
এই ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে তাত্ত্বিক জ্ঞানৰ লগতে প্ৰত্যক্ষভাৱে উদ্যোগত কাম কৰিবলৈ প্ৰস্তুত হয়।
 
চাহিদা অনুসৰি পাঠ্যক্ৰম
 
এই কাৰ্যসূচীৰ প্ৰধান বৈশিষ্ট্য হ'ল যে, ই সম্পূৰ্ণৰূপে উদ্যোগৰ বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে। এছএছভিএছে আগবঢ়োৱা পাঠ্যক্ৰমসমূহৰ শ্ৰেণীবিভাজন আধুনিক উদ্যোগৰ দ্ৰুত বিকশিত ক্ষেত্ৰসমূহক সামৰি লৈছে। ইয়াত যুৱক-যুৱতীসকলৰ বাবে ডিজিটেল আৰু প্ৰযুক্তিবিদ্যা জগতৰ আটাইতকৈ হট কেৰিয়াৰ ক্ষেত্ৰসমূহত গভীৰ জ্ঞান  অৰ্জনৰ সুযোগ আছে।
 
বিশ্ববিদ্যালয়খনত উপলব্ধ প্ৰধান পাঠ্যক্ৰমৰ শ্ৰেণীসমূহ আৰু ইয়াৰ সংখ্যা তলত দিয়া ধৰণৰ:
 
পাঠ্যক্ৰমৰ শ্ৰেণী                     আনুমানিক সংখ্যা
 
ৱেব ডিজাইন                           ৭৮ টা পাঠ্যক্ৰম
 
ডিজিটেল মাৰ্কেটিং                  ৫৮ টা পাঠ্যক্ৰম
 
চফ্টৱেৰ দেভলপমেণ্ট               ৪৮ টা পাঠ্যক্ৰম
 
নে'টৱৰ্ক এডমিনিষ্ট্ৰেছন            ৪৮টা পাঠ্যক্ৰম
 
তথ্য বিজ্ঞান                             ২৪ টা পাঠ্যক্ৰম
 
গ্রাফিক ডিজাইন                       ১৮ টা পাঠ্যক্ৰম
 
এই বৃহৎ সংখ্যক (মুঠ ২৭৪+ পাঠ্যক্ৰম) ৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ আকৰ্ষণ আৰু কেৰিয়াৰৰ দিশ অনুসৰি সঠিক প্ৰশিক্ষণ নিৰ্বাচন কৰাৰ ব্যাপক সুযোগ লাভ কৰে। এই সকলোবোৰ পাঠ্যক্ৰম উদ্যোগ-ভিত্তিক, হাতে-কামে প্ৰশিক্ষণ আৰু বিশেষজ্ঞ ফেকাল্টীৰ নিৰ্দেশনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যাতে ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পায়।
 
এক দূৰদৰ্শী দৃষ্টিভংগী
 
জামিয়া হামদাৰ্ডৰ স্কুল অৱ স্কিলছ এণ্ড ভোকেচনেল ষ্টাডিজে এক স্পষ্ট দৃষ্টিভংগীৰে কাম কৰি আছে: শিক্ষা, গৱেষণা, পৰিচালনা আৰু ৰাজহুৱা সেৱাৰ মাজত দক্ষতা বিকাশ আৰু বহুমুখী প্ৰতিভা বিকাশৰ মাজেৰে এক বিশ্বজনীন আদৰ্শ হ'বলৈ এই প্ৰচেষ্টা কৰা হৈছে।
 
জামিয়া হামদাৰ্ড বিশ্ববিদ্যালয়
 
বিশ্ববিদ্যালয়ৰ মতে এই পদক্ষেপ কেৱল শিক্ষাৰ্থীসকলক চাকৰিৰ বাবে প্ৰস্তুত কৰাই নহয়, বৰঞ্চ ই সামগ্ৰিক বিকাশৰ দিশতো এক দৃঢ় পদক্ষেপ।
 
ইয়াৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য হ'ল এছএছভিএছে ইয়াৰ ভৌগোলিক অঞ্চলত সকলোৰে লাভৰ বাবে সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰৱণতা সৃষ্টি কৰিব। এইদৰেই, জামিয়াই কেৱল ছাত্ৰ-ছাত্ৰীসকলক নহয়, সমগ্র সমাজক সহানুভূতিশীল দক্ষতা বিকাশৰ জৰিয়তে শক্তিশালী কৰি তোলাৰ দিশত অগ্ৰসৰ হৈছে।
 
আবেদন প্ৰক্ৰিয়া আৰু যোগাযোগৰ বিৱৰণ
 
যিসকল যুৱক-যুৱতীয়ে নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে আৰু দক্ষতা বিকাশৰ প্ৰমাণপত্ৰ অৰ্জন কৰিব বিচাৰে, তেওঁলোকে ২০২৫-২৬ বৰ্ষৰ বাবে আবেদন কৰিব পাৰে। এই পাঠ্যক্ৰমসমূহ ছাত্র-ছাত্রী আৰু কর্মজীৱী বৃত্তিধাৰীসকলৰ বাবে বিশেষভাবে কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰি নিজৰ আসন সুৰক্ষিত কৰক।
 
অধিক তথ্য আৰু নামভৰ্তিৰ বাবে, চাওক:
 
https://jamiahamdard.ac.in/Instituteofskillsdevelopment/
 
যোগাযোগৰ বিৱৰণ:
 
ফোন: +৯১ ৭৬৫২০৫৩২৪৭ / ৭৩৫৫৬০৩৭৮৭
 
ই-মেইল: [email protected]
 
জামিয়া হামদাৰ্ডৰ এই পদক্ষেপে স্পষ্টভাৱে প্ৰমাণ কৰে যে বিশ্ববিদ্যালয়খন এতিয়া কেৱল পৰম্পৰাগত ডিগ্ৰী প্ৰদানকাৰী প্ৰতিষ্ঠান নহয়। বৰঞ্চ ভৱিষ্যতৰ বাবে দক্ষ, চাকৰিৰ বাবে সাজু পেছাদাৰীসকলক প্ৰস্তুত কৰা এক আগশাৰীৰ আৰু দূৰদৰ্শী প্ৰতিষ্ঠানত পৰিণত হৈছে। কম সময়ৰ ভিতৰতে বৰ্তমানৰ চাহিদা-প্ৰাসংগিক দক্ষতা শিকি নিজৰ কেৰিয়াৰক এক গতি দিব বিচৰা সকলো যুৱক-যুৱতীৰ বাবে এয়া এক সোণালী সুযোগ।