মনজিৎ ঠাকুৰ
বেছিভাগ চলচ্চিত্ৰ প্ৰেমীয়ে বলিউডৰ মূল “হি-মেন” ধৰ্মেন্দ্ৰক তেওঁৰ বিখ্যাত সংলাপৰ বাবে চিনি পায় — যেনে শ্বোলেৰ “বাসন্তী, ইন কুত্তো কে সামনে মত নাচনা” আৰু “কুত্তে, মে তেৰা খুন পি জাউংগা”। এই বিখ্যাত সংলাপসমূহ তথা পৰ্দাত তেওঁৰ পুৰুষসুলভ, কঠিন ভাবমূৰ্তি দেখি বহুতেই উপলব্ধি কৰা নাছিল যে ধৰ্মেন্দ্ৰও আছিল অতি কোমল, সংবেদনশীল, আৱেগিক চৰিত্ৰক চিত্ৰিত কৰিব পৰা এজন অসাধাৰণ অভিনেতা।
কঠিন তথা 'মচো ইমেজ’ৰ আঁৰতো ধৰ্মেন্দ্ৰই কেইবাটাও স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছে। য’ত তেওঁ সংবেদনশীল আৰু আৱেগিক চৰিত্ৰক চিত্ৰিত কৰিছে। বহু ছবিত তেওঁ অতি গভীৰতাৰে সূক্ষ্ম অনুভূতি প্ৰকাশ কৰি প্ৰমাণ কৰে যে তেওঁ কেৱল এজন জনপ্ৰিয় একচন হিৰোই নহয়, প্ৰকৃততে এজন দক্ষ আৰু বহুমুখী অভিনেতাও।
২৪ ডিচেম্বৰত মুম্বাইত ৮৯ বছৰ বয়সত দেহাৱসান ঘটে ধৰ্মেন্দ্ৰৰ। তেওঁৰ দীৰ্ঘদিনীয়া কেৰিয়াৰলৈ উভতি চালে স্পষ্ট হৈ পৰে যে একচন ছবিৰ উপৰি তেওঁ এনে বহু অফবিট চিনেমাতো অভিনয় কৰিছিল, যিবোৰ ছবিত গভীৰতা, পৰিপক্কতা আৰু সূক্ষ্ম প্ৰকাশভংগীৰ প্ৰয়োজন আছিল।
"ধৰ্মেন্দ্ৰৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ হোৱা মাত্ৰকে 'বন্দিনী’ ১৯৬৩ চনত মুক্তি পাইছিল।" হুগলী নদীৰ ওচৰৰ মহিলা কাৰাগাৰত নিৰ্মাণ কৰা এই ছবিখনে দৰ্শকক সোঁৱৰাই দিছিল যে “স্বাধীনতা” কেৱল ৰাজনৈতিক নহয়, আৱেগিক আৰু মানসিকো।
এক ৰোমাণ্টিক দৃশ্যত হেমা মালিনীৰ সৈতে ধৰ্মেন্দ্ৰ
এই ছবিখনত ধৰ্মেন্দ্ৰই ডাঃ দেৱেন্দ্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল, এজন শান্ত আৰু সংবেদনশীল কাৰাগাৰৰ চিকিৎসকৰ চৰিত্ৰত। যি আছিল তেওঁৰ লগত সংপৃক্ত “হি-মেন” ভাবমূৰ্তিৰ পৰা একেবাৰে পৃথক। তেওঁ এই ভূমিকাক অতি স্বাভাৱিক সহজতাৰে অভিনয় কৰিছিল। দ্য কুইণ্টৰ এজন সমালোচকে লিখিছিল যে ধৰ্মেন্দ্ৰৰ চৰিত্ৰটো আছিল এজন সংবেদনশীল যুৱকৰ, তেওঁ কাৰাগাৰৰ চিকিৎসক যিয়ে ‘লেতেৰা বন্দী’ৰ আখ্যানক বিশ্বাস নকৰে।”
সমালোচকগৰাকীয়ে লগতে কয় যে শ্বোলেৰ ধৰ্মেন্দ্ৰক বেছিভাগ মানুহেই পানীৰ টেংকিত থিয় হৈ “চাক্কি পিচিং” বুলি চিঞৰি থকা বুলি ভাবিলেও 'বান্দিনী’ত তেওঁ সঁচাকৈয়ে এজন আশ্চৰ্যজনক ব্যক্তিত্ব আছিল। এই অভিনয়ে আৰম্ভণিতে প্ৰমাণ কৰে যে ধৰ্মেন্দ্ৰই সাধাৰণ একচন-হিৰো ইমেজৰ পৰা মুক্ত হ’ব পাৰে।
ধৰ্মেন্দ্ৰৰ অ-মূলসুঁতিৰ যাত্ৰাৰ আন এখন গুৰুত্বপূৰ্ণ ছবি আছিল হৃষিকেশ মুখাৰ্জীৰ পৰিচালনাত 'অনুপমা’(১৯৬৬)। চিনেমাখনত ধৰ্মেন্দ্ৰই অশোকৰ চৰিত্ৰত অভিনয় কৰিছিল, যি এজন কোমল, চিন্তাশীল আৰু আৱেগিকভাৱে ভাৰসাম্যপূৰ্ণ শিক্ষক-কবি।
ড০ স্নেহা কৃষ্ণনে তেওঁৰ পৰ্যালোচনাত লিখিছে যে ধৰ্মেন্দ্ৰই তেওঁৰ প্ৰাৰম্ভিক কেৰিয়াৰৰ অন্যতম উন্নত অভিনয় কৰিছিল আৰু তেওঁৰ “যত্নশীল, প্ৰেৰণাদায়ক আৰু পৰ্দাত মৰমলগা উপস্থিতি আছিল।” অনুপমাত ধৰ্মেন্দ্ৰৰ অভিনয় একচন দৃশ্য, বন্দুক বা নাটকীয় যুঁজৰ ওপৰত নিৰ্ভৰশীল নাছিল। বৰঞ্চ তেওঁ নিৰৱ অভিব্যক্তি, ধৈৰ্য আৰু সৰলতা ব্যৱহাৰ কৰিছিল— যিবোৰ গুণ সেই যুগৰ 'মচো নায়ক’ৰ পৰা খুব কমেইহে আশা কৰা হৈছিল।
পুত্ৰ ববি দেওল আৰু কন্যা বিজেতা আৰু অজেয়েতাৰ সৈতে ধৰ্মেন্দ্ৰ
ধৰ্মেন্দ্ৰৰ অফবিট ছবিৰ কোনো আলোচনা 'সত্যকাম’(১৯৬৯)ৰ কথা নোলোৱাকৈ সম্পূৰ্ণ নহয়— যিখন ছবি তেওঁৰ অভিনয় জীৱনৰ মাইলৰ খুঁটি বুলি গণ্য কৰা হয়। ধৰ্মেন্দ্ৰই সত্যপ্ৰিয় আচাৰ্যৰ চৰিত্ৰত অভিনয় কৰিছিল, যি এগৰাকী সৎ অভিযন্তা যিয়ে সমাজ, সম্পৰ্ক আৰু নিজৰ চৌপাশৰ ব্যৱস্থাৰ সৈতে মোকাবিলা কৰাৰ সময়ত নিজৰ নীতিত অটল হৈ সংগ্ৰাম কৰে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি এই ছবিখনত ধৰ্মেন্দ্ৰই তেওঁৰ আটাইতকৈ প্ৰামাণিক অভিনয় আগবঢ়াইছিল।
'সত্যকাম’ত তেওঁৰ চকুৱে গভীৰ আৱেগ প্ৰকাশ কৰে, তেওঁৰ কণ্ঠ সুন্দৰকৈ উঠা-নমা কৰে, ইয়াৰ বাহিৰেও দৃশ্যবোৰে শক্তি সঞ্চাৰিত কৰে। সত্যপ্ৰিয়ৰ নিজৰ আদৰ্শৰ পতন ঘটা ক্লাইমেক্সটো বিশেষভাৱে উল্লেখযোগ্য—তাত হতাশা, দৃঢ়তা আৰু বিভ্ৰান্তিৰ সকলোবোৰ একে সময়তে ধৰ্মেন্দ্ৰৰ চকুত স্পষ্টকৈ দেখিবলৈ পোৱা যায়।
সমালোচকসকলে ছবিখনৰ প্ৰশংসা কৰিলেও বক্স অফিচত ছবিখনে ভাল ফলাফল লাভ কৰা নাছিল। তথাপি ইয়াক বহুলভাৱে ধৰ্মেন্দ্ৰৰ শ্ৰেষ্ঠ অভিনয় অভিনয় বুলি গণ্য কৰা হয়।
১৯৭৫ চনত মুক্তি পোৱা কমেডী-ড্ৰামা চুপকে চুপকে(১৯৭৫)ত ধৰ্মেন্দ্ৰৰ বহুমুখী প্ৰতিভ পুনৰ জিলিকি উঠে। এই ছবিখন আছিল সাধাৰণ বাণিজ্যিক মছলা ছবিতকৈ পৃথক। ধৰ্মেন্দ্ৰই দুটা চৰিত্ৰত অভিনয় কৰিছিল— অধ্যাপক পৰিমল ত্ৰিপাঠী আৰু প্যাৰে মোহন এলাহাবাদী, যি এজন চালক। হিন্দুস্তান টাইমছে চিনেমাখনক “এটা কালজয়ী কাহিনী” বুলি অভিহিত কৰিছিল আৰু ধৰ্মেন্দ্ৰই নিজৰ হাস্যৰস আৰু উষ্ণতাৰে কমেডীক “এটা নতুন গতি আৰু সংজ্ঞা” প্ৰদান কৰা বুলি উল্লেখ কৰিছিল।
১৯৭০ চনৰ শেষৰ ফালে অমিতাভ বচ্চনৰ একচন চিনেমাই ভাৰতীয় চিনেমাত আধিপত্য বিস্তাৰ কৰিছিল। কিন্তু গব্বৰক পৰাস্ত কৰা ধৰ্মেন্দ্ৰৰ হাঁহি আৰু সৰলতাই শৰ্মিলা ঠাকুৰ আৰু দৰ্শকৰ মন জয় কৰিছিল। ধৰ্মেন্দ্ৰৰ স্বাভাৱিক সংলাপ প্ৰদান আৰু লঘু শৰীৰৰ ভাষাই 'চুপকে চুপকে’ ছবিখনক আৰু অধিক স্মৰণীয় কৰি তুলিছিল।
'চুপকে চুপকে'ত ধৰ্মেন্দ্ৰ আৰু শৰ্মিলা ঠাকুৰ
'চুপকে চুপকে’ৰ পূৰ্বে ধৰ্মেন্দ্ৰই ইতিমধ্যে নিজৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ হিট ছবি 'ফুল ঔৰ পাথ্থৰ’(১৯৬৬)ত নিজৰ আৱেগিক গভীৰতা দেখুৱাইছিল। যদিও ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল আৰু তেওঁ ছুপাৰষ্টাৰ পদলৈ উন্নীত হৈছিল, তথাপি ইয়াৰ দ্বাৰা তেওঁৰ আৱেগিকভাৱে সমৃদ্ধ ভূমিকাৰ যাত্ৰাৰ আৰম্ভণিও প্ৰদৰ্শন কৰা হৈছিল।
এই ছবিখনত ধৰ্মেন্দ্ৰই এনে এটা চৰিত্ৰত অভিনয় কৰিছিল যিয়ে মানুহৰ দুৰ্বলতা স্বীকাৰ কৰিও বীৰত্ববোধ কৰি থাকে— যি সময়ত নায়কসকলে ত্ৰুটিহীন দেখুৱাব বুলি আশা কৰা হৈছিল, সেই সময়ৰ এক সাহসী সিদ্ধান্ত।
শ্বোলে, লোহা, হকীকাত, ধৰম কান্তৰ দৰে জনপ্ৰিয় ছবিৰ বাবে ধৰ্মেন্দ্ৰ যদিও সদায় প্ৰশংসিত হ’ব, তেওঁৰ উত্তৰাধিকাৰ একচন আৰু শক্তিশালী সংলাপতকৈ বহুত ডাঙৰ।
দীৰ্ঘদিনীয়া কেৰিয়াৰত ধৰ্মেন্দ্ৰই প্ৰমাণ কৰিলে যে তেওঁ কেৱল এজন মচো ছুপাৰষ্টাৰ নহয়, তেওঁ অভিনয় কৰা প্ৰতিটো চৰিত্ৰলৈ নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰা এজন গুৰুতিবপূৰ্ণ অভিনেতাও।
বন্দিনী, অনুপমা, সত্যকাম, চুপকে চুপকে, ফুল ঔৰ পাথ্থৰ আদি ছবিত তেওঁৰ অভিনয় তেওঁৰ গভীৰতা, সংবেদনশীলতা আৰু কলাত্মক আয়ত্তৰ প্ৰমাণ।
ধৰ্মেন্দ্ৰ— আমাৰ নিজৰ সত্যকাম —তেওঁ চিনেমাৰ জগত এৰি গ’ল যদিও তেওঁৰ উত্তৰাধিকাৰ জীয়াই থাকিব। যেতিয়ালৈকে ভাৰতীয় চিনেমা অস্তিত্ব থাকিব, তেতিয়ালৈকে তেওঁক কেৱল বীৰত্বপূৰ্ণ ভাবমূৰ্তিৰ বাবেই নহয়, অভিনয়ৰ সমৃদ্ধি আৰু আন্তৰিকতাৰ বাবেও তেওঁ স্মৰণীয় হৈ ৰ’ব।
(লেখক আৱাজ দ্য ভইচৰ এজন সম্পাদক)