উচ্চ-ন্যায়ালয় স্থানান্তৰ: মুখ্য ন্যায়াধীশে আধাৰশিলা স্থাপন কৰাৰ সময়তে অধিবক্তাই কৰিব প্ৰতিবাদ

Story by  atv | Posted by  [email protected] • 21 h ago
গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী উচ্চ ন্যায়ালয়
 
গুৱাহাটী
 
উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ শিলান্যাস কার্যসূচী বর্জনেই নহয়, তিনিদিনীয়াকৈ প্রতিবাদত নামিব গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েচনে। আনকি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শিলান্যাস কৰাৰ দিনটোতো অধিবক্তা সমাজে সাব্যস্ত কৰিব প্রতিবাদ। কালি অনুষ্ঠিত জৰুৰী সাধাৰণ সভাত বাৰ এছ'চিয়েচনে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।
 
সভাত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি উত্তৰ গুৱাহাটীৰ ৰংমহললৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে কাইলৈ, ৯ জানুৱাৰী আৰু ১১ জানুৱাৰীত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ বাৰ এছাঁচিয়েচনৰ উদ্যোগত অধিবক্তাসকলে অনশন কার্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে অধিবক্তা সমাজক আস্থা আৰু বিশ্বাসত নলৈ একপক্ষীয়ভাৱে ৰাজ্য চৰকাৰে উত্তৰ গুৱাহাটীলৈ হাইক'ৰ্ট স্থানান্তৰৰ বিৰুদ্ধে বাৰ এছ'চিয়েচনে দীর্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল।
 
আনকি হাইক'ৰ্ট স্থানান্তৰৰ বিষয়টোক লৈ অধিবক্তাসকলৰ মতামত জনাৰ বাবে বাৰ এছ'চিয়েচনে গোপন বেলট ভোটিঙৰো ব্যৱস্থা কৰে। এনে বেলট ভোটিঙৰ ফলাফলত ১,১৬৪ গৰাকী অধিবক্তাই হাইক'ৰ্ট স্থানান্তৰৰ বিৰুদ্ধে মতামত প্রদানৰ বিপৰীতে স্থানান্তৰৰ সপক্ষে মত দিয়ে মাত্র ১৫৪ জনে। লক্ষণীয়ভাবে অধিবক্তা সমাজে এনে স্পষ্ট মতামত দিয়াৰ পিচতো আঁকোৰগোজ স্থিতিৰে চৰকাৰে অহা ১১ জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ শিলান্যাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। ইতিমধ্যে প্রকাশিত নিমন্ত্রণীপত্র অনুসৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে ১১ জানুৱাৰীত সংহত ন্যায়িক আদালত চৌহদৰ শিলান্যাস কৰিব।
 
চৰকাৰৰ এনে আঁকোৰগোজ স্থিতিক লৈ ক্ষুণ্ণ বাৰ এছ'চিয়েচনে কালি জৰুৰী সাধাৰণ সভা অনুষ্ঠিত কৰি উত্তৰ গুৱাহাটীৰ ৰংমহলত ১১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া সংহত ন্যায়িক আদালত চৌহদৰ শিলান্যাস কার্যসূচীত অংশ নোলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে। লগতে বাৰ এছ'চিয়েচনে সাধাৰণ সভাৰ সামূহিক সিদ্ধান্ত অনুসৰি শিলান্যাস কাৰ্যসূচীত উপস্থিত থকাৰ পৰা বিৰত থাকিবলৈ সকলো সদস্যৰ প্রতি আহ্বান জনাইছে।
 
এছ'চিয়েচনে লগতে এইবুলিও স্পষ্ট কৰি দিয়ে যে সাধাৰণ সভাই গ্রহণ কৰা প্ৰস্তাৱ মানি চলাটো প্রাতিষ্ঠানিক অনুশাসনৰ এক অপৰিহাৰ্য অংশ। মন কৰিবলগীয়া যে গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েচনৰ সমান্তৰালভাৱে উকীল সন্থা, গুৱাহাটীয়ে ১১ জানুৱাৰীত শিলান্যাস কাৰ্যসূচীত অংশ নোলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে।